Pahalgam Terror Attack: পহলগাম আক্ৰমণৰে জড়িত দোষীক “স্বাধীনতা সংগ্ৰামী” বুলি প্ৰশংসা পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ, কি ক’লে ?

পাকিস্তান বৈদেশিক মন্ত্ৰীয়ে আন এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰা দেখা গৈছে । এইবাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে পহলগামৰ আক্ৰমণৰ সৈতে জড়িত দোষীক “স্বাধীনতা সংগ্ৰামী” বুলি প্ৰশংসা কৰিছে।

Pahalgam Terror Attack: পহলগাম আক্ৰমণৰে জড়িত দোষীক স্বাধীনতা সংগ্ৰামী বুলি প্ৰশংসা পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ, কি কলে ?

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী

Published: 

25 Apr 2025 12:41 PM

পাকিস্তানে জম্মু-কাশ্মীৰৰ পহলগামত শেহতীয়াকৈ সংঘটিত হোৱা আক্ৰমণক গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়াৰ দাবী অস্বীকাৰ কৰিছে । একে সময়তে পাকিস্তান বৈদেশিক মন্ত্ৰীয়ে আন এক বিপৰীত মন্তব্য প্ৰকাশ কৰা দেখা গৈছে । এইবাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে পহলগামৰ আক্ৰমণৰ সৈতে জড়িত দোষীক “স্বাধীনতা সংগ্ৰামী” বুলি প্ৰশংসা কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, ইছলামবাদত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে । তেওঁ কয়,“যিসকলে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত আক্ৰমণ সংঘটিত কৰিছিল তেওঁলোক হয়তো স্বাধীনতা সংগ্ৰামী হ’ব পাৰে।” উল্লেখ্য যে, পহলগামৰ আক্ৰমণ সংঘটিত হোৱাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক আক্ৰমণৰ ঘোষণা কৰিছে আৰু ইয়াৰ এদিন পিছতে মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে ।

ইতিমধ্য়ে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সমৰ্থনৰ অভিযোগ উত্থাপন কৰি ভাৰতে সেই সমৰ্থন প্ৰত্যাহাৰ দাবী উত্থাপন কৰিছে । সেই অনুসৰি পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক প্ৰতিশোধৰ ব্য়ৱস্থা গ্ৰহণ কৰি ১৯৬০ চনৰ সিন্ধু জল চুক্তি অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা আৰু পাকিস্তানী নাগৰিকক প্ৰদান কৰা সকলো ভিছা বাতিল কৰিছে ভাৰতে ।

সিন্ধু জল চুক্তি স্থগিত ৰখাৰ বিষয়টোক সম্বোধন কৰি পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে,”পাকিস্তানত ২৪ কোটি লোকক পানীৰ প্ৰয়োজন । আপুনি ইয়াক বন্ধ কৰিব নোৱাৰে। এই কাৰ্যৰ যুদ্ধৰ সমান। কোনো ধৰণৰ বাতিল বা বেদখল গ্ৰহণযোগ্য নহয়।” ভাৰতে যদি পাকিস্তানক ভাবুকি দিয়ে বা আক্ৰমণ কৰে তেন্তে দেশখনেও একেধৰণৰ প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে দাৰে। যদিহে পাকিস্তানক পোনপটীয়াকৈ আক্ৰমণ কৰা হয় তেন্তে টিট ফৰ টেট উত্তৰ দিয়া হ’ব বুলি পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে সকিয়নী দিছে ।

ইফালে, পাকিস্তান চৰকাৰেও একেধৰণৰ স্থিতিক আলোকপাত কৰি কয় যে, সিন্ধু জল সন্ধিৰ বাতিল কৰি নিৰ্ধাৰিত পানী বন্ধ কৰা বা অন্য দিশলৈ প্ৰেৰণ পদক্ষেপক “act of war”বুলি গণ্য কৰা হ’ব।

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগাম স্থানত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণ ২৬ জন লোকৰ মৃত্যু হয়, বেছিভাগেই পৰ্যটক। ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পাছত কাশ্মীৰ উপত্যকাত সংঘটিত এই আক্ৰমণ আছিল আটাইতকৈ ভয়ংকৰ আক্ৰমণ। পাকিস্তানস্থিত নিষিদ্ধ লস্কৰ-ই-তৈবা (LeT)ৰ সমৰ্থিত ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ)য়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension