এটাৰ পিছত আনটো বিপৰ্যয়ৰ সন্মুখীন হাছিনা! পৰিয়ালৰ বিৰুদ্ধে শাস্তি ঘোষণা…
১৯৯৫ চনত ঢাকাৰ পৰা ১৬ কিলোমিটাৰ দূৰত্বত আৰম্ভ কৰা হৈছিল পূৰ্বাচল নিউ চিটি প্ৰজেক্ট। কিন্তু ৰাজনৈতিক অশান্তি, চৰকাৰ সলনি, আৰু সৰ্বোপৰি মাটিৰ সমস্যাৰ বাবে কামটো সম্পূৰ্ণ নহ’ল। তাৰ পিছত ২০১০ চনত পূৰ্বাচলৰ মাটি ভাগ-বতৰা কৰাৰো এটা ডাঙৰ অভিযোগ উত্থাপন হৈছিল। য'ত হাছিনাৰ পৰিয়ালটোও জড়িত হৈ পৰিছিল।

বিপদত শ্বেখ হাছিনা
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাস্তি বৃদ্ধি। এইবাৰ ঢাকাৰ এখন বিশেষ আদালতে দুৰ্নীতিৰ গোচৰত হাছিনা, তেওঁৰ ভগ্নী আৰু ভতিজীৰ শাস্তি ঘোষণা কৰে। ন্যায়াধীশ মহম্মদ ৰবিউল আলমৰ নেতৃত্বত ৪ জনীয়া বিশেষ বিচাৰপীঠে এই গোচৰত শ্বেখ হাছিনাক ৫ বছৰৰ কাৰাদণ্ড বিহে। হাছিনাৰ ভগ্নী শ্বেখ ৰেহানা আৰু তেওঁৰ কন্যা টিউলিপ ছিদ্দিককো দোষী সাব্যস্ত কৰা হয়।
দুয়োকে মুঠ ৭ বছৰ আৰু দুবছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। তদুপৰি আদালতে ব্ৰিটিছ সংসদৰ সদস্য টিউলিপক এক লাখ টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ প্ৰদান কৰে। যদি তেওঁ ধন নিদিয়ে তেন্তে অতিৰিক্ত ছমাহ কাৰাগাৰত কটাব লাগিব। এক লাখ টকা জৰিমনাও দিব লাগিব ৰেহানাই।
কি বিষয়?
১৯৯৫ চনত ঢাকাৰ পৰা ১৬ কিলোমিটাৰ দূৰত্বত আৰম্ভ কৰা হৈছিল পূৰ্বাচল নিউ চিটি প্ৰজেক্ট। কিন্তু ৰাজনৈতিক অশান্তি, চৰকাৰ সলনি, আৰু সৰ্বোপৰি মাটিৰ সমস্যাৰ বাবে কামটো সম্পূৰ্ণ নহ’ল। তাৰ পিছত ২০১০ চনত পূৰ্বাচলৰ মাটি ভাগ-বতৰা কৰাৰো এটা ডাঙৰ অভিযোগ উত্থাপন হৈছিল। য’ত হাছিনাৰ পৰিয়ালটোও জড়িত হৈ পৰিছিল।
বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ লগে লগে এই অভিযোগৰ ভিত্তিত এ চি চি বা দুৰ্নীতি নিবাৰক আয়োগৰ নেতৃত্বত তদন্ত আৰম্ভ কৰা হয়। ১৩ জানুৱাৰীত এচিচিয়ে আনুষ্ঠানিকভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালকে ধৰি মুঠ ১৭জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অভিযোগ অনুসৰি টিউলিপ ছিদ্দিকে অৰ্থাৎ হাছিনাৰ ভতিজীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি পূৰ্বাচল নিউ টাউন প্ৰকল্পত মাতৃ শ্বেখ ৰেহানা, ভগ্নী আজমিনা ছিদ্দিক আৰু ভাতৃ ৰাদৱান মুজিবৰ নামত অবৈধভাৱে প্লট আবণ্টন দিছিল। তদন্তকাৰীয়ে অভিযোগ কৰে যে তেওঁ তিনিওজনৰ বাবে মুঠ ১০ কঠা মাটি ‘স্ব-নিয়োজিত’ কৰিছিল।
তদন্তৰ সময়ত শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰ ছাজিব ৱাজেদৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিল। মুঠ ছটা গোচৰ ৰুজু কৰা হয়। সোমবাৰে বাংলাদেশৰ এখন বিশেষ আদালতে ৰায়দান কৰে। ১৯৪৭ চনৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৫(২) ধাৰা আৰু দণ্ডবিধিৰ ১০৯ নং ধাৰাত ১৭ জন অভিযুক্তক শাস্তি প্ৰদান কৰে ন্যায়াধীশে। মুঠ ১৭জন অভিযুক্তক দোষী সাব্যস্ত কৰা হয়। হাছিনা, ৰেহানা আৰু টিউলিপৰ বাহিৰে বাকী ১৪ জন অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড বিহে বাংলাদেশৰ সংশ্লিষ্ট আদালতে।