পিঁয়াজে কন্দুৱাইছে বাংলাদেশক, প্ৰতি কেজিত ১৫০ টকালৈ উঠিছে দাম, ভাৰতৰ ওচৰত সহায় ভিক্ষা ইউনুছ চৰকাৰৰ

বিগত এসপ্তাহত হঠাৎ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে পিঁয়াজৰ দাম। প্ৰতি কেজি পিঁয়াজৰ মূল্য ১৫০ টকালৈ বৃদ্ধি হোৱাৰ পিছতেই পিঁয়াজ আমদানি সন্দৰ্ভত আলোচনা আৰম্ভ কৰিছিল কৃষি মন্ত্ৰালয়ে। সম্প্ৰতি ১৫০০ টন পিঁয়াজ ক্ৰয়ৰ অনুমতি দিছে দেশৰ কৃষি মন্ত্ৰালয়ে।

পিঁয়াজে কন্দুৱাইছে বাংলাদেশক, প্ৰতি কেজিত ১৫০ টকালৈ উঠিছে দাম, ভাৰতৰ ওচৰত সহায় ভিক্ষা ইউনুছ চৰকাৰৰ

বাংলাদেশত পিঁয়াজৰ মূল্যবৃদ্ধি

Updated On: 

08 Dec 2025 15:06 PM

বাংলাদেশৰ পৰিস্থিতি এতিয়া অতিশয় দুখজনক। প্ৰতি কেজিত পিঁয়াজৰ দামে প্ৰায় ২০০ টকা স্পৰ্শ কৰিছে পদ্মাৰ পাৰত। এনে পৰিস্থিতিত ভাৰতৰ কাষ চাপিব লগা হৈছে বাংলাদেশ। ভাৰতৰ পৰা বাংলাদেশে কিনিব পিঁয়াজ। সম্প্ৰতি ১৫০০ টন পিঁয়াজ ক্ৰয়ৰ অনুমতি দিছে দেশৰ কৃষি মন্ত্ৰালয়ে।

প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ পৰা পিঁয়াজ ক্ৰয় কৰিবলৈ অনুমতি দিয়া হৈছে বাংলাদেশৰ ৫০ জন আমদানিকাৰকক। অহা বছৰৰ ৩১ মাৰ্চলৈকে আমদানি কৰিব পাৰিব। কোনো আমদানিকাৰকে ৩০ টনতকৈ অধিক আমদানি কৰিব নোৱাৰিব। দ্বিতীয়বাৰৰ বাবে কোনেও আমদানি কৰিব নোৱাৰিব।

প্ৰসংগক্ৰমে বিগত এসপ্তাহত হঠাৎ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে পিঁয়াজৰ দাম। প্ৰতি কেজি পিঁয়াজৰ মূল্য ১৫০ টকালৈ বৃদ্ধি হোৱাৰ পিছতেই পিঁয়াজ আমদানি সন্দৰ্ভত আলোচনা আৰম্ভ কৰিছিল কৃষি মন্ত্ৰালয়ে। বৰ্তমান ৩৫০০ আবেদনৰ ভিতৰত বাছনি কৰা হৈছে মাত্ৰ ৫০খন আবেদন। অৱশ্যে পৰৱৰ্তী সময়ত অধিক অনুমতি দিয়া হ’ব পাৰে।

যোৱা বছৰ বাংলাদেশত হাছিনা চৰকাৰৰ পতন আৰু ইউনুছ চৰকাৰ গঠনৰ পিছত ভাৰতৰ সৈতে সম্পৰ্ক কিছু তিক্ত হৈ পৰে। সেই সময়ত বাংলাদেশে কৈছিল যে তেওঁলোকে ভাৰতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বিকল্প দেশ বাছি লৈ আলু-পিঁয়াজৰ পৰা আৰম্ভ কৰি চাউললৈকে কেইবাবিধো নিত্য প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰিব। পাকিস্তান, চীন, ম্যানমাৰ, তুৰস্ক, ইজিপ্তৰ নাম শুনা গৈছিল ইউনুছৰ মুখত। বাংলাদেশে আগতে ভাৰতৰ লগতে ম্যানমাৰৰ পৰা পিয়াঁজ কিনিছিল, কিন্তু কম পৰিমাণে।

আন যিকোনো দেশৰ পৰা বাংলাদেশলৈ আমদানি কৰাৰ খৰচ ভাৰতৰ পৰা আমদানি কৰা খৰচৰ প্ৰায় দুগুণৰ পৰা তিনিগুণ। সেইবাবেই বাংলাদেশে পুনৰ ভাৰতৰ কাষ চাপিবলগীয়া হৈছে। ইতিমধ্যে হিলী সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰিছে ৩০ টন পিয়াজ কঢ়িয়াই নিয়া এখন ট্ৰাক। এই সীমান্তৰে বাংলাদেশলৈ শেষবাৰৰ বাবে পিয়াঁজ ৰপ্তানি কৰা হৈছিল চলিত বৰ্ষৰ ৩০ আগষ্টত। পিছত স্থলবন্দৰটো বন্ধ কৰি দিয়া হয়।

ভাৰতত পিঁয়াজৰ দাম প্ৰতি কেজিত ২৮ৰ পৰা ৩০ টকা হোৱাৰ বিপৰীতে বাংলাদেশৰ বজাৰত পিঁয়াজৰ দাম প্ৰতি কেজিত ১৫০ টকা। সম্প্ৰতি ভাৰতৰ পৰা প্ৰতি কেজিত ১২ টকা দৰত পিয়াঁজ ক্ৰয় কৰি আছে বাংলাদেশে। গাড়ী ভাড়া আৰু বন্দৰ কৰ সহ ইয়াৰ দাম প্ৰতি কেজিত ১৮ টকা হয়গৈ। ফলত এইবাৰ বাংলাদেশত পিয়াঁজৰ দাম বহু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
পুৱা দেখা পোৱা এই ৫ টা বস্তু হ'ব পাৰে শুভ দিনৰ সংকেত! জানক...
চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...