এগৰাকী মহিলাৰ বাবে বাংলাদেশ চৰকাৰত বিভাজন! ২ মন্ত্ৰীৰ মাজত সংঘাত…

এগৰাকী মহিলাৰ বাবে বিপৰীত মেৰুত থিয় দিয়ে বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰৰ দুই মন্ত্ৰী। এগৰাকী মহিলা গ্ৰেপ্তাৰ হোৱাৰ পাছতে এতিয়া বাংলাদেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।

এগৰাকী মহিলাৰ বাবে বাংলাদেশ চৰকাৰত বিভাজন! ২ মন্ত্ৰীৰ মাজত সংঘাত...

বাংলাদেশ

Published: 

19 May 2025 | 05:05 PM

এগৰাকী মহিলাৰ নামে বাংলাদেশৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে। বাংলাদেশ চৰকাৰক কঁপাই তোলা এই মহিলাগৰাকীৰ নাম নুছৰত ফাৰিয়া। দেওবাৰে (১৮ মে’) এই মহিলাগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পাছতে এতিয়া বাংলাদেশ চৰকাৰৰ ভিতৰচ’ৰাত সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে, দুজনকৈ মন্ত্ৰীয়ে এই সংঘাত স্পষ্টকৈ নামি পৰিছে। জানিব পৰা মতে, দুয়োগৰাকী মন্ত্ৰীয়ে মুকলিকৈ মহিলাগৰাকীৰ বাবে ইজনে সিজনক কটাক্ষ কৰে।

জানিব পৰা মতে, ফাৰিয়াক হত্যাৰ চেষ্টা কৰাৰ অভিযোগত অভিযুক্ত কৰা হৈছে।  কিন্তু  বাংলাদেশ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা উপদেষ্টা মুস্তাফা সৰৱাৰ ফাৰুকীয়ে মহিলাগৰাকীৰ গ্ৰেপ্তাৰ লজ্জাজনক বুলি কোৱাৰ লগতে চৰকাৰৰ নীতিক লৈও প্ৰশ্ন উত্থাপন কৰে। দেওবাৰে ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা নুছৰত ফাৰিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই বিতৰ্কৰ সৃষ্টি হয়। মহিলাগৰাকী থাইলেণ্ডলৈ গৈ আছিল যদিও ইমিগ্ৰেচন চেকপইণ্টত ৰখাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ কি

ভটৰা থানাত ৰুজু হৈ থকা এটা পুৰণি গোচৰৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, যোৱা বছৰৰ জুলাই মাহত হোৱা বিদ্ৰোহ (শ্বেখ হাছিনাৰ বিৰুদ্ধে হোৱা আন্দোলন) ৰ সময়ত তেওঁ এগৰাকী ব্যক্তিক হত্যা কৰাৰ চেষ্টা কৰিছিল। গ্ৰেপ্তাৰৰ পাছতে সোমবাৰে তেওঁক ঢাকাৰ মুখ্য মহানগৰ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় আৰু পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

নুছৰাত গ্ৰেপ্তাৰ কৰাৰ পাছতে সাংস্কৃতিক পৰিক্ৰমা উপদেষ্টা মুস্তাফা সাৰৱাৰ ফাৰুকীয়ে ফেচবুকত এটা পোষ্ট দি কয় যে, এই গ্ৰেপ্তাৰৰ ঘটনা অতি লজ্জাজনক। লগতে লিখে যে, চৰকাৰৰ এয়া এক নীতি যে জুলাই বিদ্ৰোহত যেতিয়ালৈকে কাৰোবাৰ ভূমিকা স্পষ্টকৈ বিচাৰি পোৱা নাযায় তেতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তেওঁ কয় যে, ফৰিয়াক গ্ৰেপ্তাৰ কৰাটো পূৰ্ব পৰিকল্পিত ৰাজনৈতিক হেঁচা। ই প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল হামিদৰ বিদেশ ভ্ৰমণৰ লগত জড়িত হ’ব পাৰে।

মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া চৰকাৰত বিভাজনৰ সৃষ্টি হৈছে। মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ফাৰুকীয়ে কৰা মন্তব্য দায়িত্বহীন বুলি উল্লেখ কৰিছে তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ আন এজন জ্যেষ্ঠ মন্ত্ৰীয়ে। তেওঁ কয় যে, ব্যক্তি কেতিয়াও আইনৰ ওপৰত হ’ব নোৱাৰে। কাৰোবাৰ বিৰুদ্ধে যদি কোনো অভিযোগ উত্থাপন হয় তেন্তে তেওঁ তদন্তৰ সন্মুখীন হ’ব লাগিব। উল্লেখ্য যে, এই দুয়োগৰাকী মন্ত্ৰী ইউনুছ চৰকাৰৰ ঘনিষ্ঠ। কিন্তু এই বিষয়টোক লৈ এতিয়া দুয়োৰে মাজত বিপৰীতে স্থিতি দেখা গৈছে।

উল্লেখ্য যে, নুছৰত ফাৰিয়া এগৰাকী অভিনেত্ৰী। তেওঁ, ২০২৩ চনত মুক্তি লাভ কৰা মুজিবঃদ্যা মেকি অফ এ নেশ্যন নামৰ ছবিখনত শ্বেইখ হাছিনাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন শ্যাম বেনগলে পৰিচালনা কৰিছিল। ইয়াৰোপৰি আৰু তেওঁ বহু বেংগলী ছবি, চিৰিয়েলত অভিনয় কৰিছে।

 

অন্য খবৰ পঢ়কঃ বিপদত বাংলাদেশ! ভাৰতৰ এই সিদ্ধান্তত হাজাৰ কোটি টকাৰ লোকচান ভৰিব লাগিব চুবুৰীয়া ৰাষ্ট্ৰখনে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...