আচৰিত! ভাৰত- আমেৰিকাতকৈ অধিক সুৰক্ষিত পাকিস্তান, তথ্যত প্ৰকাশ…

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক লৈ বিভিন্ন সময়ত বিভিন্ন কথা পোহৰলৈ আহে। কিন্তু আপুনি জানি আচৰিত হ'ব যে সুৰক্ষিত দেশৰ তালিকাত ভাৰত, ব্ৰিটেইন, আমেৰিকাতকৈ পাকিস্তান আগত আছে।

আচৰিত! ভাৰত- আমেৰিকাতকৈ অধিক সুৰক্ষিত পাকিস্তান, তথ্যত প্ৰকাশ...

তাজমহল

Updated On: 

26 Jul 2025 12:12 PM

দিনক দিনে বৃদ্ধি পাইছে নিৰাপত্তজনিত সমস্যা। তেনে ক্ষেত্ৰত প্ৰশ্ন হয় যে, বিশ্বৰ সবাতোকৈ সুৰক্ষিত ঠাই কোনখন? শেহতীয়াকৈ এই ক্ষেত্ৰত এক তালিকা প্ৰকাশ পাইছে য’ত সুৰক্ষিত দেশৰ নাম উল্লেখ কৰা হৈছে। কিন্তু আপুনি জানি আচৰিত হ’ব যে এই তালিকাত ভাৰততকৈ আগত আছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। অৰ্থাৎ ভাৰততকৈ পাকিস্তান বেছি সুৰক্ষিত।

কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল ‘নাম্বিঅ ছেফটি ইনডেক্স’ (Numbeo safety index)। সেই সূচকাংকত বিশ্বৰ আটাইতকৈ সুৰক্ষিত দেশৰ তালিকাত ভাৰত ৬৬ সংখ্যক স্থানত আছে। কিন্তু ভাৰততকৈ আগত স্থান লাভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে।  এই তালিকাত এছিয়াৰ চাৰিখন দেশ শীৰ্ষ ৫ স্থানত আছে। তালিকা অনুসৰি, বিশ্বৰ আটাইতকৈ নিৰাপদ দেশখন হৈছে ইউৰোপৰ এণ্ডোৰা।

‘নাম্বিঅ ছেফটি ইনডেক্স’ অনুসৰি ইউৰোপৰ এণ্ডোৰাৰ পাছতে স্থান লাভ কৰিছে সংযুক্ত আৰব আমিৰশ্বাহী (UAE), কাটাৰ, টাইৱান আৰু ওমান। এই তালিকাৰ শীৰ্ষত থকা দেশসমূহত অপৰাধৰ হাৰ সৰ্বনিম্ন। তদুপৰি এই দেশসমূহৰ নিৰাপত্তাৰ আন্তঃগাঁথনিও অতি উন্নত।

তালিকা অনুসৰি, আমাৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত শ্ৰীলংকা ৫৯ সংখ্যক স্থানত আছে। ৬৫ সংখ্যক স্থানত পাকিস্তান আৰু ১২৬ সংখ্যক স্থানত আছে বাংলাদেশ। যিহেতু এই তালিকাত ভাৰত ৬৬ সংখ্যক স্থানত আছে, গতিকে কব পাৰি যে ভাৰততকৈ পাকিস্তান বেছি সুৰক্ষিত।

এই তালিকাত ৬৬ সংখ্যক স্থানত থকা ভাৰতৰ পাছতে ৮৭ সংখ্যক স্থানত আছে ব্ৰিটেইন। আচৰিত কথা এয়াই যে, সুৰক্ষিত চহৰৰ তালিকাত আমেৰিকাই ৮৯ সংখ্যক স্থান লাভ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, এই সূচী সাধাৰণতে ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা তথ্যৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। ফলত এই সূচকাংকত থকা তথ্য আৰু চৰকাৰী পৰিসংখ্যাৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে।

এই তালিকাৰ একেবাৰে তলত দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলা ১৪৮ সংখ্যক স্থানত আছে। তাৰ আগত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানে ১৪৪ সংখ্যক স্থান আৰু ১৪০ সংখ্যক স্থানত আছে ছিৰিয়া।

 

অন্য খবৰ পঢ়কঃ নাম, ধৰ্ম লুকুৱাই যুৱতীৰ সৈতে সম্পৰ্ক! পাছত আমিৰৰ ভয়ংকৰ কাণ্ড…

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক