পুনৰ ৰাফেল এম যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে ! আজি ফ্ৰান্সলৈ উৰা মাৰিলে অজিত ডোভালে…

প্ৰকাশিত খবৰ অনুসৰি, ফ্ৰান্সে ইতিমধ্যে ভাৰতক ২৬ খন ৰাফেল মেৰিন জেট ক্ৰয়ৰ বাবে চূড়ান্ত মূল্য নিৰ্ধাৰণ কৰি দিছে । এই সন্দৰ্ভত আলোচনা কৰা বাবে অজিত ডোভালে সোমবাৰে ফ্ৰান্সলৈ যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, ডোভালে এই সন্দৰ্ভত এন এছ এৰ সৈতে কৌশলগত আলোচনা কৰিব।

পুনৰ ৰাফেল এম যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে ! আজি ফ্ৰান্সলৈ উৰা মাৰিলে অজিত ডোভালে...

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল

Updated On: 

30 Sep 2024 | 01:28 PM

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি ফ্ৰান্সলৈ যাত্ৰা কৰিছে । এই যাত্ৰাৰ লক্ষ্য হৈছে ৰাফেল এম যুদ্ধ বিমান ক্ৰয় চুক্তিৰ বিষয়ে আলোচনা কৰা । পুনৰ ফ্ৰান্সৰ পৰা ৰাফেল এম যুদ্ধ বিমান ক্ৰয় কৰিব পাৰে ভাৰতে । প্ৰকাশিত খবৰ অনুসৰি, ফ্ৰান্সে ইতিমধ্যে ভাৰতক ২৬ খন ৰাফেল মেৰিন জেট ক্ৰয়ৰ বাবে চূড়ান্ত মূল্য নিৰ্ধাৰণ কৰি দিছে । এই সন্দৰ্ভত আলোচনা কৰা বাবে অজিত ডোভালে সোমবাৰে ফ্ৰান্সলৈ যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, ডোভালে এই সন্দৰ্ভত এন এছ এৰ সৈতে কৌশলগত আলোচনা কৰিব।

সূত্ৰৰ অনুসৰি, এই চুক্তি ভাৰতীয় নৌসেনাৰ বাবে অতি গুৰুত্বপূৰ্ণ । কাৰণ,ৰাফেল এমৰ জৰিয়তে ভাৰতে নিজৰ সামুদ্ৰিক আক্ৰমণৰ ক্ষমতা শক্তিশালী কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে । ইফালে, যোৱা সপ্তাহতো ফ্ৰান্স আৰু ভাৰতৰ মাজত এই বিষয়ত আলোচনা হৈছিল। সেই সময়ত ভাৰতৰ সৈতে হোৱা আলোচনা চূড়ান্ত কৰিবলৈ ফ্ৰান্সৰ এটা দল দিল্লীলৈ আহিছিল।

অজিত ডোভালৰ ভ্ৰমণৰ পূৰ্বে ফ্ৰান্সে ভাৰতৰ বাবে ৰাফেলৰ চূড়ান্ত মূল্য নিৰ্ধাৰণ কৰি দিছে । প্ৰতিৰক্ষা সূত্ৰৰ মতে, এইবাৰ ফ্ৰান্সে মূল্য হ্ৰাস কৰিছে আৰু এই প্ৰকল্পৰ বাবে উচিত মূল্য ফ্ৰান্সে ভাৰতীয় বিষয়াসকলক দিছে। অৱশ্যে চূড়ান্ত চুক্তিখনৰ মূল্য কিমান হ’ব সেই সম্পৰ্কে তথ্য প্ৰকাশ কৰা হোৱা নাই। কিন্তু প্ৰতিৰক্ষা সূত্ৰৰ মতে এই চুক্তিৰ মূল্য প্ৰায় ৫০ হাজাৰ কোটি টকা হ’ব বুলি আশা কৰা হৈছে।

প্ৰকাশিত তথ্য অনুসৰি, ভাৰতে এই প্ৰতিৰক্ষা চুক্তিৰ বাবে নিবিদাৰ নথি প্ৰস্তুত কৰিছে। এই চুক্তি চূড়ান্ত হোৱাৰ পিছত ফ্ৰান্সে ৰাফেল-এম জেটৰ লগতে অস্ত্ৰ-শস্ত্ৰ, চিমুলেটৰ, ক্ৰুৰ বাবে প্ৰশিক্ষণ আৰু লজিষ্টিক সহায়ো আগবঢ়াব। এই চুক্তিত ভাৰতীয় অস্ত্ৰ-শস্ত্ৰ একত্ৰিত কৰাৰ বাবেও পেকেজ অন্তৰ্ভুক্ত কৰা হৈছে। এই অস্ত্ৰসমূহৰ ভিতৰত বিশেষভাৱে থাকিব এষ্ট্ৰা এয়াৰ টু এয়াৰ মিছাইল, ৰাডাৰ চিষ্টেম ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...