৩০ জন চৰকাৰী বিষয়াক মৃত্যুদণ্ড! কি ভুলৰ বাবে কিম জঙে ল’লে এই সিদ্ধান্ত

শেহতীয়াকৈ উত্তৰ কোৰিয়াত বানপানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল। য'ত প্ৰায় ৪ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ধ্বংস হৈছিল আৰু সা- সম্পত্তিৰ ক্ষতিসাধন হৈছিল।

৩০ জন চৰকাৰী বিষয়াক মৃত্যুদণ্ড! কি ভুলৰ বাবে কিম জঙে ললে এই সিদ্ধান্ত

কিম জং উন

Published: 

04 Sep 2024 | 02:32 PM

প্ৰতিখন দেশৰেই নিজা নিজা আইন থাকে। সেই আইন অনুসৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দোষীৰ শাস্তিৰো ঘোষণা কৰে। কিছুমান দেশৰ আইন শিথিল হোৱাৰ বিপৰীতে আন কিছুমান দেশৰ আইন অতি কঠোৰ হয়। তেনে এখন দেশ উত্তৰ কোৰিয়া। এই দেশখন বিশেষকৈ কঠোৰ আইন,আজৱ কিছুমান নীতি- নিয়মৰ বাবে জনা যায়। সৰু- সৰু কথাৰ পৰা ডাঙৰ বিষয়লৈকে এই দেশত নিয়ম মানি চলিব লাগে। যাৰ বাবে বহু সময়ত একাংশ্যই এই দেশ পলায়ন কৰি অন্য দেশত আশ্ৰয় লোৱাৰ কথা চিন্তা কৰে।

পুনৰ এনে এক খবৰ উত্তৰ কোৰিয়াৰ পৰা পোহৰলৈ আহিছে।  জানিব পৰা মতে উত্তৰ কোৰিয়াৰ কেইবাজনো বিষয়াক মৃত্যুদণ্ড বিহিছে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই।  উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ উত্তৰ কোৰিয়াত বানপানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল। য’ত প্ৰায় ৪ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ধ্বংস হৈছিল আৰু সা- সম্পত্তিৰ ক্ষতিসাধন হৈছিল। ইয়াৰ পাছতে এতিয়া দেশৰ শাসক ৰজা কিম জং-উনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ  কৰিছে।  বানপানী ৰোধ নকৰাৰ অপৰাধ জেল বা জৰিমণা নহয়, ৩০ জন বিষয়াক ফাঁচী দিয়াৰ কথা ঘোষণা কৰিছে।

উত্তৰ কোৰিয়াৰ কোনো বাতৰি সাধাৰণতে অন্য দেশে লাভ নকৰে যদিও এই বিষয়ে দক্ষিণ কোৰিয়াই তথ্য প্ৰকাশ কৰিছে। দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বানপানী ৰোধ কৰাৰ বাবে বিষয়াসকলে বহু পদক্ষেপ গ্ৰহণ কৰিব পাৰিলহেতেন। কিন্তু তেওঁলোকে তেনে নকৰাৰ বাবে কঠোৰ শাস্তি দিব বুলি কৈছিল। বানপানীৰ বাবে যিসকল দায়ী সেই সকলোৱে কঠোৰতকৈ কঠোৰতম শাস্তি লাভ কৰিব।

উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি জুলাই মাহত দেশখনত হোৱা বানপানী ৰোধ কৰিব নোৱাৰা বিষয়াসকলক কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিছিল ৰজা কিম জঙে। উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমৰ মতে, জুলাই মাহত দেশখনত হোৱা প্ৰাকৃতিক দুৰ্যোগত ৪ হাজাৰৰো অধিক লোকৰ ঘৰ ধ্বংস হোৱাৰ লগতে ৭ হাজাৰৰো অধিক হেক্টৰ মাটি নষ্ট হৈ গৈছিল।  এই বানপানীত বহু লোকৰ মৃত্যু হোৱাৰ লগতে আন সা-সম্পত্তিৰো বিস্তৰ ক্ষতি সাধণ হৈছে।

উল্লেখ্য যে, উত্তৰ- কোৰিয়াত সকলো সিদ্ধান্ত ৰজাই লয়। এই দেশৰ সাধাৰণ মানুহৰ চুলিৰ ষ্টাইলৰ পৰা আৰম্ভ কৰি টিভিত কি চাব, সকলোতে ৰজাৰ হাত থাকে। যি কোনো কথাতেই এই দেশত কঠোৰ শাস্তি বিহা হয়। দেশ ত্যাগ কৰিব বিচাৰিলেও তাৰ জনসাধাৰণৰ বাবে এয়া সম্ভৱ হৈ নুঠে। কিন্তু দেশখন আজৱ নিয়মৰ বাবে প্ৰায়ে চৰ্চাত থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...