এইবাৰ উত্তৰ কোৰিয়াৰ ওপৰত চকু আমেৰিকাৰ! কিমে দিলে সতৰ্কবাণী…

সমগ্ৰ বিশ্বৰ চকু এতিয়া আমেৰিকাৰ ওপৰত। ভেনিজুৱেলাৰ ওপৰত আমেৰিকাই চলোৱা অভিযানৰ পাছতে এইবাৰ ইৰানক সকিয়নী প্ৰদান কৰিছে। ইয়াৰ মাজতে এতিয়া উত্তৰ কোৰিয়াই প্ৰতিবাদ সাব্যস্ত কৰি বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে।

এইবাৰ উত্তৰ কোৰিয়াৰ ওপৰত চকু আমেৰিকাৰ! কিমে দিলে সতৰ্কবাণী...

উত্তৰ কোৰিয়া

Updated On: 

12 Jan 2026 | 07:27 PM

ইৰানত চলি থকা উত্তেজনাৰ মাজতে উত্তৰ কোৰিয়াই এতিয়া আমেৰিকাৰ বিৰুদ্ধে এক মন্তব্য কৰিছে। কিম জং উন শাসনে দাবী কৰিছে যে, ৰাষ্ট্ৰসংঘৰ আঁৰত আমেৰিকাই নিজৰ ইচ্ছামতে বিশ্বৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এয়া গ্ৰহণযোগ্য নহয়। আমেৰিকাই গঠন কৰা বিশেষ নিষেধাজ্ঞা নিৰীক্ষণ দল (MSMT)ৰ বিৰোধিতা কৰিছে কিম শাসনে। এই দলটোত আমেৰিকা, দক্ষিণ কোৰিয়াকে ধৰি ১১ জন সদস্য আছে। এই সংগঠনটোৱে আগন্তুক সময়ত উত্তৰ কোৰিয়াকে ধৰি বিভিন্ন দেশৰ ওপৰত ১৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি কৰি আছে।

সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াই এই দলটোক অবৈধ বুলি কৈছে। এই সন্দৰ্ভত পিয়ংইয়াঙে এক বিবৃতি জাৰি কৰি কয় যে আমেৰিকাই এই দল গঠন কৰি আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰিছে। কিন্তু ইয়াৰ দ্বাৰা কোনো লাভ নহয়। উত্তৰ কোৰিয়াই আমেৰিকাক সতৰ্কবাণী প্ৰদান কৰিছে। উত্তৰ কোৰিয়াই লগতে কয় যে, এই সংগঠনটোৱে চাইবাৰ আক্ৰমণ কৰা বুলিও আমাৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰিছে। এওঁলোকৰ উদ্দেশ্য এয়াই যে, সমগ্ৰ বিশ্বৰ সন্মুখত আমাক অপৰাধী বুলি দেখুৱাই পৃথক কৰা, কিন্তু এয়া আমি হ’বলৈ নিদিও।

কি এই MSMT

MSMT বা বহুপক্ষীয় নিষেধাজ্ঞা নিৰীক্ষণ গোট হৈছে ৰাষ্ট্ৰসংঘৰ অধীনত কাম কৰা এক ব্যৱস্থা। এই গোটৰ এটা প্ৰধান কাম হৈছে, উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ পৰামৰ্শ দিয়া। ইয়াক ২০০৬ চনত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত চীনে এই সংগঠন গঠনৰ বিৰুদ্ধে ভোট প্ৰদান কৰিছিল।

উত্তৰ কোৰিয়াৰ এজেঞ্চি কেচিএনএৰ মতে, এই সংগঠনটোৱে অহা ১৫ বছৰৰ ভিতৰত পাৰমাণৱিক বিষয়টোক ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব। কিন্তু ইয়াৰ বিৰোধিতা কৰিছে পিয়ংইয়াঙে। কিম জং উনে কয় যে, ইয়াৰ দ্বাৰা আমেৰিকাই উত্তৰ কোৰিয়াক হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে যদিও নোৱাৰে। উত্তৰ কোৰিয়াই কৈছে যে, যদি ৰাষ্ট্ৰসংঘই পুনৰ ব্যৱস্থা ল’ব বিচাৰে তেন্তে নতুন সংগঠন গঠন কৰিব লাগে।

ভেনিজুৱেলাৰ পাছতে আমেৰিকাই ইৰানত সামৰিক অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। ইয়াৰ মাজতে উত্তৰ কোৰিয়াই এই প্ৰতিবাদ কৰিছে। উল্লেখ্য যে, ইৰান আৰু ভেনিজুৱেলাৰ দৰে উত্তৰ কোৰিয়াকো আমেৰিকাৰ শত্ৰু বুলি গণ্য কৰা হয়। অৱশ্যে উত্তৰ কোৰিয়াৰ এই বিবৃতিৰ প্ৰত এতিয়ালৈকে সঁহাৰি দিয়া নাই আমেৰিকাই।

 

অন্য খবৰ পঢ়কঃ হ’ব নেকি ডাঙৰ কিবা? ইৰানত আক্ৰমণ কৰিব পাৰে আমেৰিকাই, হাই এলাৰ্টত ইজৰাইল…

বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
পুৱা খালী পেটতে খাওক পাকঘৰৰ এইবিধ মছলাৰ পানীয়, আপোনাৰ সুস্বাস্থ্যই শত্ৰুকো কৰিব আকৰ্ষণ
শীতকালত নিয়মিত খাওক এনে খাদ্যবস্তু; নাথাকে ৰক্তচাপ বৃদ্ধিৰ ভয়, থাকিব নিয়ন্ত্ৰণত
শীতকালত লিভাৰ সুস্থ ৰাখিবলৈ কি কি খাব? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ