Nobel Peace Prize 2025: মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা, আশা ভংগ ট্ৰাম্পৰ!

Nobel Peace Prize 2025: ২০২৫ চনৰ শান্তিৰ ন'বেল বঁটা ঘোষণা। ড’নাল্ড ট্ৰাম্পে এই সন্মানীয় বঁটা বিচাৰিছিল যদিও তেওঁ ব্যৰ্থ হয়। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে জয়লাভ কৰে।

Nobel Peace Prize 2025: মাৰিয়া কৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ নবেল বঁটা, আশা ভংগ ট্ৰাম্পৰ!
Updated On: 

10 Oct 2025 16:04 PM

আজি ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোই (Maria Corina Machado) এই বঁটা লাভ কৰিছে। তেওঁক এই সন্মান নিজৰ দেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ বাবে শান্তিপূৰ্ণ সংগ্ৰাম আৰু একনায়কত্ববাদী শাসনৰ অন্ত পেলোৱাৰ অভিযানৰ বাবে প্ৰদান কৰা হৈছে। মাচাডোৱে দীৰ্ঘদিন ধৰি ভেনিজুৱেলাত স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছিল।

তেওঁ হিংসা বা সশস্ত্ৰ প্ৰতিবাদৰ পৰিৱৰ্তে শান্তিপূৰ্ণ গণ আন্দোলন আৰু ৰাজনৈতিক আলোচনাৰ জৰিয়তে পৰিৱৰ্তন সাধন কৰিবলৈ বাছি লৈছিল। ন’বেল কমিটীয়ে তেওঁৰ এই প্ৰচেষ্টাক “গণতান্ত্ৰিক মূল্যবোধৰ বিশ্বব্যাপী প্ৰতিৰক্ষাৰ প্ৰতীক” বুলি অভিহিত কৰিছে। এই বঁটাটো এনে এটা সময়ত দিয়া হৈছে যেতিয়া ভেনিজুৱেলাত গণতন্ত্ৰৰ প্ৰতি উদ্বেগ বৃদ্ধি পাইছে, আৰু মাচাডোৰ সংগ্ৰামে তাত নাগৰিক সমাজক শক্তিশালী কৰি তুলিছে। এই ঘোষণাৰ লগে লগে ড’নাল্ড ট্ৰাম্পৰ ন’বেল বঁটা লাভৰ সপোন ছিন্নভিন্ন হৈ পৰিল।

এই বঁটা ঘোষণা কৰাৰ পূৰ্বে বিশ্বৰ দৃষ্টি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত আছিল, যিয়ে বাৰে বাৰে কৈছিল যে তেওঁ “শান্তি নোবেল বঁটাৰ যোগ্য”। ইজৰাইল-হামাছ যুদ্ধকে ধৰি তেওঁ “আঠখন যুদ্ধৰ অন্ত পেলোৱা” বুলি দাবী কৰিছিল।

কিন্তু এই বছৰ ন’বেল কমিটীয়ে প্ৰমাণ কৰিলে যে ‘শান্তি দৰদামৰ জৰিয়তে নহয়, সাহস আৰু ত্যাগৰ পৰাহে আহে।’

ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
প্ৰতিদিনে পুৱা অত্যধিক ভোক অনুভৱ হোৱাটো ডায়েবেটিছৰ লক্ষণ নেকি? জানি লওক এতিয়াই
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...