আমেৰিকাত কোনো ৰজা নাই! ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ সাজু লাখ লাখ লোক…

ফ্ৰান্সৰ পাছত এইবাৰ হ'ব আমেৰিকাত তীব্ৰ প্ৰতিবাদ। অহা ১৮ অক্টোবৰত ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাত লাখ লাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰিব। ২৫০০ তকৈ অধিক ঠাইত এই প্ৰতিবাদ হ'ব পাৰে।

আমেৰিকাত কোনো ৰজা নাই! ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ সাজু লাখ লাখ লোক...

ড'নাল্ড ট্ৰাম্প

Published: 

15 Oct 2025 16:58 PM

মাত্ৰ কেইটামান দিন পাছতেই অহা ১৮ অক্টোবৰত আমেৰিকাত হ’ব তীব্ৰ প্ৰতিবাদ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিব লাখ লাখ লোকে। ন’ কিংছ নামেৰে এই প্ৰতিবাদ আমেৰিকাৰ প্ৰায় ২৫০০ ৰো অধিক স্থানত হ’ব বুলি জানিব পৰা গৈছে।

চাৰি মাহ পূৰ্বেও ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাত প্ৰতিবাদ সাব্যস্ত হৈছিল। য’ত প্ৰায় ৫ মিলিয়ন লোকে অংশগ্ৰহণ কৰিছিল।  সেই সময়ত প্ৰতিবাদকাৰীসকলে কৈছিল যে, ট্ৰাম্পে গণতান্ত্ৰিক সীমা অতিক্ৰম কৰি অধিক ক্ষমতা লাভ কৰাৰ চেষ্টা কৰিছে। যাৰ বাবে ৰাইজ অসন্তুষ্ট হৈ পৰিছে।

কিয় এই আন্দোলন

ন’ কিংছ নামৰ আন্দোলনটোৱে এক বাৰ্তা দিয়ে। এই বাৰ্তা প্ৰদান কৰি প্ৰতিবাদকাৰীসকলে বুজাব বিচাৰে যে আমেৰিকা কোনো ৰজাৰ দেশ নহয়। ট্ৰাম্পে আদালতক আওকান কৰি, বিৰোধিৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে। ইমানেই নহয়, তেওঁ সংবাদ মাধ্যম আৰু শিল্পীক চেঞ্চৰ কৰা চেষ্টা কৰিছে।

আয়োজক সংস্থা Indivisible আৰু কেইবাটাও শ্ৰমিক সংঘই কয় যে এই প্ৰতিবাদ ট্ৰাম্প প্ৰশাসনৰ স্বৈৰাচাৰী স্বভাৱৰ বিৰুদ্ধে। শেহতীয়াকৈ ফেডাৰেল চৰকাৰৰ বন্ধৰ ফলত লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ চাকৰি প্ৰভাৱিত হৈছে। প্ৰতিবাদকাৰীসকলৰ মতে, এয়াও ক্ষমতা দখলৰ আন এক কৌশল।

“No Kings” মানে কি?

এই আন্দোলনটো প্ৰথমে “৫০৫০১ আন্দোলন” নামেৰে আৰম্ভ হৈছিল, অৰ্থাৎ ৫০খন ৰাজ্যত ৫০টা বিক্ষোভ, এটা আন্দোলন। এই আন্দোলনৰ উদ্দেশ্যে হৈছে ট্ৰাম্পৰ ৰাজনীতিক প্ৰত্যাহ্বান জনোৱা। প্ৰতিবাদকাৰীসকলে কয় যে, ট্ৰাম্পে মুকলিকৈ তৃতীয়বাৰ ৰাষ্ট্ৰপতি হ’ব বুলি কয় আৰু নিজকে ‘কিং ড’নাল্ড’ হিচাপে উপস্থাপন কৰি আহিছে। যাৰ বাবে লাখ লাখ ৰাজপথলৈ আহি ট্ৰাম্পক জনাই দিব যে আমেৰিকাত কোনো ৰজা নাই।

এই আন্দোলনক শ্ৰমিক সংঘ, চৰকাৰী কৰ্মচাৰী সংগঠন, সামাজিক সংগঠন আদিয়ে সমৰ্থন আগবঢ়াইছে। আমেৰিকান ফেডাৰেচন অৱ গভৰ্ণমেণ্ট এম্প্লয়িজ (এ এফ জি ই)য়েও ইয়াৰ ৮ লাখৰো অধিক সদস্যক প্ৰতিবাদত যোগদান কৰিবলৈ আহ্বান জনাইছে।

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত ভাৰত আৰু মোদীৰ প্ৰশংসা! কি ক’লে ট্ৰাম্পে…

প্লাষ্টিকৰ বৰ্তনত খাদ্য খোৱাৰ অভ্যাস আছে নেকি? তেন্তে হওক সাৱধান!
ঘৰ নিৰ্মাণৰ পূৰ্বে বাস্তুৰ এইসমূহ নিয়ম অনুসৰণ কৰাটো দৰকাৰ, নহ'লে বিপদ অনিবাৰ্য!
হঠাতে কেতিয়াবা শ্মশানযাত্ৰা দেখা ভাল নে বেয়া? জানক শাস্ত্ৰই কি কয়...
হ'ব অমংগল! আনৰ পৰা ধাৰ লৈ এইসমূহ বস্তু নথ'ব ঘৰত, জানক...