কনচাৰ্ট চলি থকাৰ মাজতে খহি পৰিল নাইট ক্লাবৰ চাদ, ৫৮ জন লোকৰ মৃত্যু, আহত ১৬০ জন

ৰাষ্ট্ৰপতিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে যে, ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে সকলো উদ্ধাৰ সংস্থাই অক্লান্তভাৱে কাম কৰি আছে। তেওঁ লিখিছে, "জেট চেট নাইটক্লাবত সংঘটিত হোৱা ঘটনাটোত আমি গভীৰভাৱে দুখী। ঘটনাৰ পিছৰে পৰা আমি প্ৰতি মিনিটত ইয়াক নিৰীক্ষণ কৰি আছো।"

কনচাৰ্ট চলি থকাৰ মাজতে খহি পৰিল নাইট ক্লাবৰ চাদ, ৫৮ জন লোকৰ মৃত্যু, আহত ১৬০ জন

নাইট ক্লাবৰ ছাদ খহি ৫৮ জনৰ মৃত্যু

Published: 

09 Apr 2025 07:06 AM

এক শোকাৱহ ঘটনা। মঙলবাৰে নাইট ক্লাবৰ ছাদ খহি ৫৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০ জন লোক আহত হয়। কৰ্তৃপক্ষই জনোৱা মতে, জেট ছেট নাইট ক্লাবত ধ্বংসাৱশেষৰ তলত আবদ্ধ লোকৰ সন্ধানত অভিযান চলি আছে। জৰুৰীকালীন অভিযান কেন্দ্ৰৰ সঞ্চালক জুয়ান মেনুৱেল মেণ্ডেজে কয়, আমাক অনুমান ধ্বংসাৱশেষৰ তলত বহু লোক এতিয়াও জীয়াই আছে আৰু সকলোকে উদ্ধাৰ নোহোৱালৈকে আমি হাৰ নামানো।

মেণ্ডেজে কয় যে, মৃত্যুৰ সংখ্যা ৫৮ জন। আঘাতপ্ৰাপ্তসকলৰ ভিতৰত আছিল মেজৰ লীগ বেছবলৰ প্ৰাক্তন পিটচাৰ অক্টাভিঅ’ ডটেল। তেওঁ কয় যে. মেৰেংগু গায়িকা ৰুবী পেৰেজে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে নাইট ক্লাবৰ চাদ ভাঙি যায়। এই ঘটনা সংঘটিত হৈছে ডমিনিকান ৰিপাব্লিকৰ ৰাজধানী ছান্টো ডমিংগোত।

পেৰেজৰ মেনেজাৰ এনৰিকে প’লিনোৱে কয় যে, সোমবাৰৰ পৰা মঙলবাৰে নিশাৰ ভিতৰত কনচাৰ্ট আৰম্ভ হৈছিল আৰু প্ৰায় এঘণ্টাৰ পিছত নাইট ক্লাবৰ চাদ খহি পৰিছিল পৌলিনোৰ মতে, এই দুৰ্ঘটনাত পেৰেজৰ সংগীত গোটৰ ছেক্সোফোনবাদকজনৰ মৃত্যু হোৱাৰ বিপৰীতে পেৰেজকে ধৰি আন সদস্যসকল আহত হয়। লগতে তেওঁ কয় যে, ” এটা জোকাৰণি হৈছিল আৰু প্ৰথমতে মই ভাবিছিলো ভূমিকম্প হৈছে। মই কেনেবাকৈ এটা চুকত সোমাই জীৱন ৰক্ষা কৰিলোঁ।” পৌলিনোৰ চাৰ্টটো তেজেৰে লুটুৰী-পুতুৰী হৈ গৈছিল।

ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি লুইছ এবিনাডাৰে টুইটাৰত পোষ্ট কৰি কয়, “সকলো উদ্ধাৰ সংস্থাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে অক্লান্তভাৱে কাম কৰি আছে”। তেওঁ লিখিছে, “জেট চেট নাইটক্লাবত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত আমি গভীৰভাৱে দুখ পাইছো। দুৰ্ঘটনাৰ পিছৰে পৰা আমি মিনিটৰ পিছত মিনিট ধৰি ইয়াৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰি আছো। অবিনাদেৰে  দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আপোনজনক বিচাৰি থকা মানুহক সাৱটি ধৰিছো। ” অৱশ্যে তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে।

নাইট ক্লাবৰ চাদ ভাঙি পৰাৰ কাৰণ এতিয়ালৈ স্পষ্ট হোৱা নাই। ৰাষ্ট্ৰপতি আবিনাদাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে যে, ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে সকলো উদ্ধাৰ সংস্থাই অক্লান্তভাৱে কাম কৰি আছে। তেওঁ লিখিছে, “জেট চেট নাইটক্লাবত সংঘটিত হোৱা ঘটনাটোত আমি গভীৰভাৱে দুখী। ঘটনাৰ পিছৰে পৰা আমি প্ৰতি মিনিটত ইয়াক নিৰীক্ষণ কৰি আছো।”

জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!