জনতাৰ ক্ষোভ, পদত্যাগৰ পিছত দেশ এৰি ডুবাইলৈ কে পি অলি! ভিডিঅ’ক লৈ চৰ্চা…

নেপালত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতিৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ আজি তৃতীয় দিন। এই হিংসাত্মক প্ৰতিবাদ বন্ধ কৰিবলৈ মঙলবাৰে নিশাৰ পৰা  সেনাই সমগ্ৰ দেশৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছে। ইয়াৰ মাজতে আহিছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেশ এৰি ডুবাইলৈ পলায়ন কৰাৰ খবৰ।

জনতাৰ ক্ষোভ, পদত্যাগৰ পিছত দেশ এৰি ডুবাইলৈ কে পি অলি! ভিডিঅ’ক লৈ চৰ্চা...

কে পি অলি

Updated On: 

10 Sep 2025 | 02:05 PM

বৰ্তমান বৃহ  ৰাজনৈতিক আৰু সামাজিক উত্তেজনাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে নেপালত । ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু বৃদ্ধি পোৱা দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলনে এতিয়া হিংসাত্মক ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে মঙলবাৰৰ নিশাৰ পৰাই সমগ্ৰ দেশৰ কমাণ্ড নিজৰ হাতত লৈছে নেপালী সেনাই।

ইয়াৰ মাজত আহিছে এক ডাঙৰ খবৰ। জানিব পৰা মতে পদত্যাগৰ পিছত দেশ এৰি ডুবাইলৈ পলায়ন কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। দৰাচলতে এগৰাকী নেপালী বিমান পৰিচালকে বিমানবন্দৰৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলি কাঠমাণ্ডুৰ পৰা ডুবাইলৈ ৰাওনা হৈছে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ প্ৰতিবাদকাৰীৰ ক্ষোভ আৰু অধিক বৃদ্ধি কৰিছে।

এয়াৰ হোষ্টেছে শ্বেয়াৰ কৰিছে ভিডিঅ’

কে পি অলিয়ে সেনাবাহিনীৰ পৰা সহায় লৈছিল নেকি?

আনকি সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, অলিয়ে দেশ এৰি যাবলৈ সেনাৰ সহায় বিচাৰিছিল। চিকিৎসাৰ অজুহাতত তেওঁ ডুবাইলৈ গৈছে বুলি কোৱা হৈছে। তেওঁৰ বাবে হিমালয় এয়াৰলাইন্সৰ জেট এখন ষ্টেণ্ডবাইত ৰখা হৈছিল। ইফালে, ললিতপুৰৰ ভাইচেপতি অঞ্চলত হেলিকপ্টাৰ উৰি থকা দেখা পোৱাৰ পাছত এই জল্পনা-কল্পনাই অধিক গতি লাভ কৰিছে।

হিংসাৰ পৰিসৰ বৃদ্ধি

আন্দোলনৰ দ্বিতীয় দিনা প্ৰতিবাদকাৰীৰ ক্ষোভ ইমানেই বাঢ়ি গৈছিল যে অলিৰ ব্যক্তিগত ঘৰৰ লগতে ৰাষ্ট্ৰপতি গৃহ আৰু উচ্চতম ন্যায়ালয়তো অগ্নি সংযোগ কৰে। শেহতীয়া খবৰ অনুসৰি এই সংঘৰ্ষ আৰু অগ্নিসংযোগত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪০০ৰো অধিক লোক আহত হৈছে।

সেনাই দিলে সতৰ্কবাণী

নেপালী সেনাই স্পষ্টকৈ কৈছে যে একাংশ দুস্কৃতিকাৰীয়ে সাধাৰণ নাগৰিক আৰু চৰকাৰী সম্পত্তিক লক্ষ্য কৰি লৈছে। ৰাজধানী কাঠমাণ্ডুকে ধৰি বহু অঞ্চলত সংঘটিত হৈছে লুণ্ঠন, অগ্নিসংযোগ, ধ্বংসৰ দৰে ঘটনা। জনতাক এই কাম-কাজৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে সেনাই।  অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি দিয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰত আক্ৰমণ

কেৱল অলিয়েই নহয়, আন্দোলনকাৰীসকলে আন তিনিজন প্ৰাক্তন প্ৰধানমন্ত্ৰীকো লক্ষ্য কৰি লৈছিল। শ্বেৰ বাহাদুৰ দেউবা, ঝলানাথ খানাল আৰু পুষ্পা কমল দাহাল প্ৰচন্দৰ বাসগৃহত অগ্নি সংযোগ । প্ৰাক্তন প্ৰধানমন্ত্ৰী খানালৰ পত্নী ৰাজলক্ষ্মী চিত্ৰকাৰৰ অগ্নিকাণ্ডত গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু পিছত চিকিৎসালয়তে মৃত্যু হয়। একে সময়তে শ্বেৰ বাহাদুৰ দেউবাক ঘৰৰ ভিতৰতে প্ৰতিবাদকাৰীয়ে প্ৰহাৰ কৰাৰ লগতে বিত্তমন্ত্ৰী বিষ্ণু পৌড়েলক ৰাজহুৱা স্থানত খেদি খেদি প্ৰহাৰ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...