Nepal outrage: নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হ’ব পাৰে সুশীলা কাৰ্কী, Gen-Z এ বিচাৰিছে সুশীলাক
নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হ’ব পাৰে সুশীলা কাৰ্কী। সূত্ৰ অনুসৰি Gen-Zৰ ভাৰ্চুৱেল বৈঠকত এই সন্দৰ্ভত একমতত উপনীত হৈছে। সুশীলা নেপাল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিল।

সুশীলা কাৰ্কী
নৱপ্ৰজন্মৰ প্ৰতিবাদত অস্থিৰ হৈ পৰা নেপালৰ পৰা আহিছে ৰাজনৈতিক ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ দৰে নেপালতো গঠন হোৱাৰ সম্ভাৱনা অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰৰ নেতৃত্ব দিব পাৰে সুশীলা কাৰ্কীয়ে। সুশীলা নেপাল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ।
সূত্ৰ অনুসৰি Gen-Zৰ ভাৰ্চুৱেল বৈঠকত এই সন্দৰ্ভত একমতত উপনীত হৈছে। তথ্য অনুসৰি প্ৰায় ৫০০০ লোকে ভাৰ্চুৱেল সভাত অংশগ্ৰহণ কৰে। এই সময়ত Gen-Z এ সুশীলা কাৰ্কীৰ নাম প্ৰস্তাৱ কৰিছিল।
সুশীলা কাৰ্কী নেপালৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। আচলতে নেপালত গণ অভ্যুত্থান হৈছে। যাৰ ফলত অলি চৰকাৰৰ পতন ঘটিছে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েল আৰু প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিকে ধৰি প্ৰায় ১০জন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। বৰ্তমান তাত সেনাবাহিনীয়ে শাসন কৰি আছে। ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে ৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শ শ লোক আহত হৈছে।
সকলো জ্বলি ছাই হৈ গ’ল নেপালত!
হিংসাৰ বাবে নেপালত কোটি কোটি টকাৰ ক্ষতি হৈছে। প্ৰতিবাদকাৰীয়ে বহু মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়ে। সংসদ ভৱনৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈকে সকলো জ্বলাই দিয়া হ’ল। বহু মন্ত্ৰীৰ ঘৰতো জুই লগাই দিয়া হয়।
সাধাৰণ মানুহৰ ঘৰবোৰো জ্বলাই দিয়া হয়। সকলো জ্বলি ছাই হৈ যায় এই প্ৰতিবাদৰ জুইত। প্ৰতিবাদকাৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীৰ গাতো অগ্নিসংযোগ কৰে। ফলত তেওঁৰ মৃত্যু হয়। কেৱল এয়াই নহয়, বিমানবন্দৰতো অগ্নিসংযোগ কৰাৰ লগতে লণ্ড-ভণ্ড কৰা হয়।
সুশীলা কাৰ্কী কোন?
৭৩ বছৰীয়া সুশীলা নেপালৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আৰু নেপালৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫২ চনৰ ৭ জুনত নেপালৰ বিৰাটনগৰত জন্মগ্ৰহণ কৰিছিল তেওঁ। ২০১৬ চনৰ ১১ জুলাইত নেপাল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হয়। অৱশ্যে কাৰ্কী এই পদত প্ৰায় ১ বছৰহে থাকিল।
ইয়াৰ পিছত ২০১৭ চনৰ ৩০ এপ্ৰিলত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়। এই প্ৰস্তাৱ নেপালী কংগ্ৰেছ আৰু মাওবাদী কেন্দ্ৰই আনিছিল। ইয়াৰ পিছত মুখ্য ন্যায়াধীশৰ পদৰ পৰা নিলম্বন কৰা হয় সুশীলাক।
মাক-দেউতাকৰ সাতটা সন্তানৰ ভিতৰত কাৰ্কী ডাঙৰ। ১৯৭২ চনত মহেন্দ্ৰ মৰাং কেম্পাছ বিৰাটনগৰৰ পৰা তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছত ১৯৭৫ চনত ভাৰতৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছতে ১৯৭৮ চনত নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ এবছৰৰ পাছত তেওঁ আইন চৰ্চা আৰম্ভ কৰিছিল।