বিপদ বাঢ়িব নেকি ভাৰতৰ? চীনে ছপা কৰিব নেপালৰ মুদ্ৰা…

শেহতীয়াকৈ নেপালে জাৰি কৰা নোটে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নেপালৰ নোটত স্থান লাভ কৰিছে ভাৰতৰ কেইবাটাও অঞ্চলে। ইয়াৰ মাজতে এতিয়া নেপালে চীনত নোট ছপা কৰিবলৈ সাজু হৈছে।

বিপদ বাঢ়িব নেকি ভাৰতৰ? চীনে ছপা কৰিব নেপালৰ মুদ্ৰা...

নেপালৰ নোট

Updated On: 

02 Dec 2025 | 10:31 AM

ঘনিষ্ঠতা বাঢ়িছে চীন আৰু নেপালৰ। শীঘ্ৰেই নেপালে নোট ছপা কৰিব চুবুৰীয়া ৰাষ্ট্ৰ চীনক। তথ্য অনুসৰি, নেপালৰ ৰাষ্ট্ৰ বেংক (NRB) য়ে চীনৰ চৰকাৰী কোম্পানী চাইনা বেংক নোট প্ৰিন্টিং এণ্ড মিটিং কৰ্পাৰেশ্যনক ডাঙৰ মূল্যৰ নোটৰ ডিজাইন আৰু প্ৰিন্টিং কৰাৰ চুক্তি প্ৰদান কৰিছে। কিন্তু ইয়াৰ মাজতে নতুন নোটত ছপা কৰা মানচিত্ৰক লৈ নেপাল আৰু ভাৰতৰ মজত বিবাদৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, নেপালৰ ৰাষ্ট্ৰ বেংকে  ৫০, ৫০০ আৰু ১০০০ ৰ নোটৰ ডিজাইন, ছপা আৰু ছাপ্লাই কৰাৰ বাবে চীনৰ সুৰক্ষা প্ৰিন্টিং কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। চৰকাৰী তথ্য অনুসৰি, কোম্পানীয়ে ৯ মাহৰ ভিতৰত নোটসমূহ ডেলিভাৰী কৰিব লাগিব। এই একেটা কোম্পানীয়ে আগতে নেপালৰ ৫, ১০, ১০০ আৰু ৫০০ টকীয়া নোট ছপা কৰিছিল। NRB য়ে এই কোম্পানীটোক ১০০০ টকীয়া ৪৩০ মিলিয়ন নোট ডিজাইন আৰু প্ৰিন্ট কৰাৰ বাবে লেটাৰ অৱ ইন্টেন্ট জাৰি কৰিছে।

১০০০ টকীয়া নোট কিমান পৃথক

নতুন ১০০০ টকীয়া নোটৰ এতিয়া যথেষ্ঠ পৰিৱৰ্তন হ’ব। এই এই নোটৰ সন্মুখত নেপালৰ ৰাষ্ট্ৰীয় ফুল আছে। ই নেপালৰ ৭টা প্ৰান্তৰ প্ৰতীক। ইয়াৰ লগতে ইয়াত বৰ্তমানৰ ৰাজ্যপাল অধ্যাপক ড০ বিশ্বনাথ পৌডেলৰ স্বাক্ষৰ সন্নিবিষ্ট কৰা হ’ব। ডিজাইন এতিয়াও চূড়ান্ত হোৱা নাই। এন আৰ বিৰ অনুমোদনৰ পিছতহে ছপা আৰম্ভ হ’ব।

ভাৰতৰ আপত্তি কিয়

নেপালে শেহতীয়াকৈ ১০০ টকীয়া নোট জাৰি কৰিছে। য’ত কালাপানী, লিপুলেখ, আৰু লিম্পিয়াধুৰাক নেপালে নিজৰ অংশ বুলি দেখুৱাইছে। যাক লৈ ভাৰতে আপত্তি দৰ্শাইছে। ভাৰতে কৈছে যে, এই ক্ষেত্ৰসমূহ ভাৰতৰ অবিচ্ছেদ্য অংগ। গতিকে মানচিত্ৰ সন্নিবিষ্ট কৰা কথাতো ভাৰতে নেপালৰ একপক্ষীয় পদক্ষেপ বুলি অভিহিত কৰিছে।  নেপালে দাবী কৰিছে যে, ১৮১৬ চনৰ চুগৌলি সন্ধি অনুসৰি মহাকালি নদীৰ পূব দিশৰ এই অঞ্চলটো নেপালৰ অন্তৰ্গত। ২০২০ চনত কে পি শৰ্মা অলি চৰকাৰে সংসদৰ জৰিয়তে এই মানচিত্ৰ জাৰি কৰিছিল।

 

 

অন্য খবৰ পঢ়কঃ বাংলাদেশৰ পাছত নেপাল! ১০০ টকীয়া নোট জাৰি কৰি মানচিত্ৰত অন্তৰ্ভুক্ত কৰিলে ভাৰতৰ ৩টা স্থান…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...