বাংলাদেশৰ পাছত নেপাল! ১০০ টকীয়া নোট জাৰি কৰি মানচিত্ৰত অন্তৰ্ভুক্ত কৰিলে ভাৰতৰ ৩টা স্থান…

বাংলাদেশৰ পাছত এইবাৰ নেপালে ভাৰতৰ কেইবাখনো ঠাই অন্তৰ্ভুক্ত কৰি এখন মানচিত্ৰ জাৰি কৰিছে। নেপালৰ ১০০ টকীয়া নোটত থকা চিত্ৰত দেখা গৈছে ভাৰতৰ কেইবাখনো ঠাই। যি এতিয়া এক প্ৰকাৰ চিন্তাৰ বিষয় হৈ পৰিছে।

বাংলাদেশৰ পাছত নেপাল! ১০০ টকীয়া নোট জাৰি কৰি মানচিত্ৰত অন্তৰ্ভুক্ত কৰিলে ভাৰতৰ ৩টা স্থান...

নেপালৰ নতুন নোট

Published: 

28 Nov 2025 | 09:31 AM

বাংলাদেশৰ পাছত এইবাৰ নেপালে ভাৰতৰ কেইবাটা অঞ্চল নিজৰ লগত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছে। নেপালৰ কেন্দ্ৰীয় বেংক নেপাল ৰাষ্ট্ৰ বেংক (NRB)য়ে বৃহস্পতিবাৰ (২৭ নৱেম্বৰ) নতুন ১০০ টকীয়া নোট জাৰি কৰিছে, য’ত নেপালৰ সংশোধিত মানচিত্ৰ দেখুওৱা হৈছে। এই মানচিত্ৰত ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাক নেপালৰ অংশ হিচাপে দেখুওৱা হৈছে। ইয়াকে লৈ ভাৰতে আপত্তি প্ৰকাশ কৰিছে।

এই নতুন নোটখনত প্ৰাক্তন ৰাজ্যপাল মহাপ্ৰসাদ অধিকাৰীৰ স্বাক্ষৰ আছে। প্ৰকাশৰ তাৰিখ ২০৮১ বিক্ৰমী সংভাত (২০২৪ চন)। উল্লেখ কৰা প্ৰয়োজন যে, ২০২০ চনৰ মে’ মাহত সেই সময়ৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ চৰকাৰে নতুন ৰাজনৈতিক মানচিত্ৰ জাৰি কৰিছিল, য’ত এই তিনিটা বিবাদিত স্থানক নেপালৰ অংশ হিচাপে দেখুওৱা হৈছিল। পৰৱৰ্তী সময়ত নেপালৰ সংসদে এই মানচিত্ৰক অনুমোদন জনাইছিল।

ভাৰতৰ আপত্তি

সেই সময়ত এই বিষয়টোৰ ওপৰত ভাৰতে আপত্তি প্ৰকাশ কৰিছিল। এয়া এক একপক্ষীয় সিদ্ধান্ত বুলি বিৰোধিতা কৰি কৈছিল যে, মানচিত্ৰখনৰ এনে অতিৰঞ্জিত সম্প্ৰসাৰণ গ্ৰহণযোগ্য নহয়। ইয়াৰোপৰি এই তিনিওটা ক্ষেত্ৰ ভাৰতৰ বুলি দাবী কৰিছিল।

নেপালৰ ৰাষ্ট্ৰ বেংকৰ এগৰাকী মুখপাত্ৰৰ মতে, পুৰণি ১০০ টকীয়া নোটত নেপালৰ মানচিত্ৰ আছিল যদিও চৰকাৰৰ সিদ্ধান্তৰ পাছত নোটখন সংশোধন কৰা হয়। তেওঁ কয় যে , ১০ টকীয়া, ৫০ টকীয়া, ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোটত মানচিত্ৰ নাই। মাত্ৰ ১০০ টকীয়া নোটত নেপালৰ মানচিত্ৰ আছে।

নতুন নোটৰ ডিজাইন

এই নতুন নোটখনৰ ডিজাইনত বিভিন্ন দিশ অন্তৰ্ভুক্ত কৰা হৈছে। নোটখনৰ বাওঁফালে মাউন্ট এভাৰেষ্টৰ ছবি আছে, সোঁফালে নেপালৰ জাতীয় ফুল ৰঙা ৰ’ড’ডেণ্ড্ৰন (Rhododendron) ৰ ৱাটাৰমাৰ্ক ছবি আছে, মাজত নেপালৰ সেউজীয়া মানচিত্ৰ আছ, সেই মানচিত্ৰৰ কাষতে অশোক স্তম্ভ আৰু লুম্বিনী লিখা আছে। মানচিত্ৰৰ পাছফালে এশিঙীয়া গঁড়ৰ ছবি আছে। ইয়াৰোপৰি চিকিউৰিটি থ্ৰেড আৰু এটা কলা বিন্দু আছে, যাকে দৃষ্টিহীন লোকসকলে চিনাক্ত কৰিব পাৰে। উল্লেখ্য যে, নেপালে ভাৰতৰ সৈতে প্ৰায় ১,৮৫০ কিলোমিটাৰ দৈৰ্ঘৰ সীমা ভাগ কৰি ছিক্কিম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত সংযোগ কৰে।

 

 

অন্য খবৰ পঢ়কঃ ৬বছৰীয়া শিশুক মাতি নিলে হাবিলৈ, পাছত জঘন্য কাণ্ড! অভিযুক্ত ছলমানক আৰক্ষীৰ এনকাউন্টাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...