উত্তপ্ত প্ৰতিবাদ, ১৯ জনৰ মৃত্যুৰ পিছত গা লৰিল চৰকাৰৰ! ছ’চিয়েল মিডিয়া এপৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

প্ৰতিবাদ তথা পৰিস্থিতি ক্ৰমাৎ অধিক বেয়াৰ ফাললৈ ঢাল খোৱাৰ পিছতে নেপাল চৰকাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়াৰ ওপৰত থকা নিষেধাজ্ঞাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। এক জৰুৰীকালীন কেবিনেট বৈঠকৰ অন্তত নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে চৰকাৰৰ এই নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰে।

উত্তপ্ত প্ৰতিবাদ, ১৯ জনৰ মৃত্যুৰ পিছত গা লৰিল চৰকাৰৰ! ছ’চিয়েল মিডিয়া এপৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

নেপাল চৰকাৰে উঠাই ল’লে ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা

Updated On: 

09 Sep 2025 07:21 AM

সোমবাৰে এক অভূতপূৰ্ব পৰিস্থিতিয়ে বিৰাজ কৰে চুবুৰীয়া দেশ নেপালত। দেশখনৰ চৰকাৰে ফেচবুক, ইনষ্টাগ্ৰামসহ কেইবাটাও ছ’চিয়েল মিডিয়া এপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাক কেন্দ্ৰ কৰি সোমবাৰে নেপালত সৃষ্টি হৈছিল ব্যাপক প্ৰতিবাদৰ। Gen-Z অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ উত্তাল প্ৰতিবাদত কালি ৰাজধানী কাঠমাণ্ডুৰ লগতে আন কিছু স্থানত সৃষ্টি হৈছিল এক উত্তপ্তময় পৰিস্থিতিৰ। এই প্ৰতিবাদে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছত আৰক্ষীয়ে আনকি গুলীচালনা কৰিবলৈ বাধ্য হয়।

এই হিংসাত্মক প্ৰতিবাদৰ সময়ত ১৯ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে তিনি শতাধিক লোক আহত হৈছিল। প্ৰতিবাদ তথা পৰিস্থিতি ক্ৰমাৎ অধিক বেয়াৰ ফাললৈ ঢাল খোৱাৰ পিছতে নেপাল চৰকাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়াৰ ওপৰত থকা নিষেধাজ্ঞাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

এক জৰুৰীকালীন কেবিনেট বৈঠকৰ অন্তত নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে চৰকাৰৰ এই নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰে। প্ৰতিবাদকাৰীৰ দাবী অনুসৰি ছ’চিয়েল মিডিয়া চাইটসমূহ পুনৰ ব্যৱহাৰ বাবে মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহক তথ্য মন্ত্ৰালয়ে নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা ৪ ছেপ্টেম্বৰত নেপাল চৰকাৰে ফেচবুক, ইনষ্টাগ্ৰাম, এক্স, ইউটিউবকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া চাইটৰ ওপৰত নিষেধাজ্ঞাৰ নিৰ্দেশ দিছিল। বাধ্যতামূলক পঞ্জীয়ন প্ৰক্ৰিয়া অনুসৰণ নকৰাৰ বাবে নেপাল চৰকাৰে এই নিষেধাজ্ঞা আৰোপ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে উত্তাল প্ৰতিবাদ গঢ়ি তোলে Gen-Z অৰ্থাৎ নতুন প্ৰজন্মই।

একাংশ প্ৰতিবাদকাৰীয়ে আনকি সংসদৰ চৌহদত প্ৰৱেশ কৰিবলৈ চেষ্টা চলায়। প্ৰতিবাদে ক্ৰমাৎ উগ্ৰ ৰূপ ধাৰণ কৰাৰ পিছতে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত পানী হিলৈ, কন্দুৱা গেছ নিক্ষেপ কৰে। ইয়াৰ পিছতো প্ৰতিবাদ নিয়ন্ত্ৰণ নোহোৱাত আৰক্ষীয়ে গুলীচালনা কৰে আৰু এনে পৰিস্থিতিৰ মাজতে ১৯ জন লোকে প্ৰাণ হেৰুৱায়।

দেশত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতে সন্ধিয়া গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নেপাল চৰকাৰে কাঠমাণ্ডুৰ লগতে আন বহু স্থানত সান্ধ্য আইন জাৰি কৰে। ইফালে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে এনে উত্তপ্ত পৰিস্থিতিৰ পিছতো প্ৰথমে ছ’চিয়েল মিডিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ নহয় বুলি ঘোষণা কৰিছিল।

কিন্তু মাজ নিশা অলি চৰকাৰে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈ পৰে আৰু ইয়াৰ লগে লগে দেশখনত নিশাৰ পৰাই পুনৰ কাৰ্যক্ষম হৈ পৰিছে ফেচবুক, ‘এক্স’, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া চাইট। সিদ্ধান্ত সলনিৰ পিছতে এতিয়া প্ৰতিবাদকাৰী Gen-Z সকলক এই প্ৰতিবাদৰ অন্ত পেলাবলৈ অনুৰোধ জনায় নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে।

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!