নেপালত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ, বান-ভূমিস্খলনত মৃত্যু ১২৬ জনৰ…

Nepal Floods and Landslides: নেপালত যোৱা চাৰি দিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে । শেহতীয়া খবৰ অনুসৰি, ধাৰাসাৰ বৰষুণৰ ফলত পূব আৰু মধ্য নেপালৰ এক বৃহৎ অংশ ভয়াবহ বানৰ কৱলত পৰিছে । প্ৰকাশিত খবৰ অনুসৰি, দেশখনত বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে ১২৬ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।

নেপালত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ, বান-ভূমিস্খলনত মৃত্যু ১২৬ জনৰ...

নেপালত বান আৰু ভূমিস্খলনৰ ফলত অভাৱনীয় পৰিস্থিতি

Updated On: 

29 Sep 2024 20:34 PM

নেপালত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে দেখা দিছে । নেপালত যোৱা চাৰি দিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে । শেহতীয়া খবৰ অনুসৰি, ধাৰাসাৰ বৰষুণৰ ফলত পূব আৰু মধ্য নেপালৰ এক বৃহৎ অংশ ভয়াবহ বানৰ কৱলত পৰিছে । প্ৰকাশিত খবৰ অনুসৰি, দেশখনত বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে ১২৬ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।

যোৱা বৃহস্পতিবাৰৰ পৰা নেপালত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ ফলত দেশখনৰ অধিকাংশ অঞ্চল ভয়াবহ বানৰ কৱলত পৰিছে  । প্ৰকাশিত খবৰ অনুসৰি, বান আৰু ভূমিস্খলনৰ ফলত দেশখনৰ প্ৰায় ৬৪ জন লোক নিৰুদ্দেশ হৈ থকাৰ বিপৰীতে ৬১ জন লোক আহত হৈছে। বিশেষকৈ কাঠমাণ্ডু উপত্যকাত ভয়াবহ বান পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে সাংঘাতিক ধৰণে ভূমিস্খলন হোৱা দেখা গৈছে । কোৱা হৈছে যে, নেপালে বিগত ৪০-৪৫ বছৰে এনেধৰণৰ ভয়াবহ বান পৰিস্থিতি কেতিয়াও দেখা পোৱা নাছিল।

ইফালে, কাঠমাণ্ডুৰ সমীপৰ ধাডিং জিলাত শনিবাৰে ভূমিস্খলনৰ ফলত এখন বাছ দুৰ্ঘটনাত পতিত হয় । এই ভয়ংকৰ দুৰ্ঘটনাত কমেও ১৯ জন লোকৰ মৃত্যু হয়। ইফালে ভক্তপুৰ চহৰত ভূমিস্খলনত এটা ঘৰ ভাঙি ৫জন লোকৰ মৃত্যু হোৱাৰ খবৰো পোৱা গৈছে। সমগ্ৰ দেশখনৰ ভিতৰতে সৰ্বাধিক লোকৰ মৃত্যু হৈছে কাঠমাণ্ডু উপত্যকাত। সূত্ৰ খবৰ অনুসৰি, দুৰ্যোগৰ সন্মুখীন হোৱা অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত আছে ।

প্ৰকাশিত তথ্য অনুসৰি, নেপালৰ বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে কমেও ৩২২টা ঘৰ আৰু ১৬খন দলং ক্ষতিগ্ৰস্ত হৈছে। আনহাতে নিৰাপত্তাৰক্ষীয়ে প্ৰায় ৩,৬২৬ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে । একে সময়তে মাকৱানপুৰৰ অল ইণ্ডিয়া নেপাল এছ’চিয়েশ্যনৰ দ্বাৰা পৰিচালিত এটা প্ৰশিক্ষণ কেন্দ্ৰত হোৱা ভূমিস্খলনত ছয়জন ফুটবল খেলুৱৈয়ে প্ৰাণ হেৰুৱাৰ খবৰো প্ৰকাশ পাইছে ।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?