বাংলাদেশত নচলিব ছাৰ সম্বোধন, হাছিনাৰ নিৰ্দেশ বাতিল কৰিলে ইউনুছৰ চৰকাৰে

এতিয়াৰ পৰা বাংলাদেশৰ মহিলা চৰকাৰী কৰ্মচাৰী বা বিষয়াক আৰু "ছাৰ" বুলি সম্বোধন কৰিব নোৱাৰিব। চৰকাৰী মহিলা বিষয়াক ছাৰ বুলি সম্বোধন কৰাৰ নিৰ্দেশ দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। কিন্তু অন্তৱৰ্তীকালীন চৰকাৰে সেই সিদ্ধান্ত বাতিল কৰে।

বাংলাদেশত নচলিব ছাৰ সম্বোধন, হাছিনাৰ নিৰ্দেশ বাতিল কৰিলে ইউনুছৰ চৰকাৰে

শ্বেখ হাছিনা

Published: 

11 Jul 2025 | 04:42 PM

বাংলাদেশত যেন মাটিত মিলাই দিয়া হৈছে শ্বেখ হাছিনাৰ অস্তিত্ব। বংগ বন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ অস্তিত্বক ইতিমধ্যে মচি পেলাইছে মঃ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে। পাঠ্যক্ৰমৰ পৰা সংগ্ৰহালয়লৈ, কাৰ্যতঃ ক’তোৱেই চিন নোহোৱা হৈছে বংগ বন্ধুৰ। এইবাৰ মহম্মদ ইউনুছৰ নেতৃত্বত ইউনুছ চৰকাৰে সলনি কৰিলে হাছিনা যুগৰ আন এক নিয়ম।

এতিয়াৰ পৰা বাংলাদেশৰ মহিলা চৰকাৰী কৰ্মচাৰী বা বিষয়াক আৰু “ছাৰ” বুলি সম্বোধন কৰিব নোৱাৰিব। চৰকাৰী মহিলা বিষয়াক ছাৰ বুলি সম্বোধন কৰাৰ নিৰ্দেশ দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। পুৰুষ-মহিলাক সম অধিকাৰ আৰু সমান সন্মান দিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু অন্তৱৰ্তীকালীন চৰকাৰে সেই সিদ্ধান্ত বাতিল কৰে।

মহম্মদ ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে কয় যে বৃহস্পতিবাৰে উপদেষ্টা পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে শ্বেখ হাছিনাৰ অধীনত প্ৰায় ১৬ বছৰীয়া স্বৈৰাচাৰী শাসনৰ সময়ছোৱাত মহিলা বিষয়াকো ছাৰ বুলি সম্বোধন কৰিবলগীয়া হৈছিল, যিটো অতি অসামঞ্জস্যপূৰ্ণ। সেয়েহে উপদেষ্টা পৰিষদে মহিলা বিষয়াক ছাৰ সম্বোধন কৰাৰ এই নিয়ম বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

একে সময়তে আৱামী লীগৰ চৰকাৰে জাৰি কৰা অন্যান্য প্ৰট’কল আৰু নিৰ্দেশনাসমূহ পুনৰীক্ষণৰ বাবে গঠন কৰা হৈছে এখন কমিটী। এমাহৰ ভিতৰত মুখ্য উপদেষ্টাক পৰামৰ্শ দাখিল কৰিব এই সমিতিয়ে। এনেদৰেই ক্ৰমান্বয়ে যেন বাংলাদেশত নিচিহ্ন কৰি পেলোৱাৰ চেষ্টা চলোৱা হৈছে শ্বেখ হাছিনাৰ সকলো অস্তিত্বক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব