কেতিয়া অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন? ঘোষণা মহম্মদ ইউনুছৰ…

 ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম  ১৫  দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন মুৰব্বী মহম্মদ ইউনুছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত এই নিৰ্বাচন হ’ব দেশখনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন। ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ আন্দোলনৰ বাবে শ্বেখ হাছিনাই  বাংলাদেশৰ ক্ষমতা এৰি ভাৰতত আশ্ৰয় ল’বলগীয়া হৈছিল।

কেতিয়া অনুষ্ঠিত হব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন? ঘোষণা মহম্মদ ইউনুছৰ...

মহম্মদ ইউনুছ

Published: 

07 Jun 2025 16:15 PM

অৱশেষত ঘোষণা হ’ল বাংলাদেশত বহু প্ৰত্যাশিত সাধাৰণ নিৰ্বাচনৰ দিন। ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম পষেকত অনুষ্ঠিত হ’ব দেশখনৰ সাধাৰণ নিৰ্বাচন। শুকুৰবাৰে এই ঘোষণা কৰে দেশৰ অন্তৱৰ্তীকালীন মুৰব্বী তথা শান্তি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে। ৮৪ বছৰীয়া ইউনুছে কয়, “মই দেশৰ নাগৰিকসকলৰ আগত ঘোষণা কৰিছো যে ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম পষেকৰ যিকোনো দিনতে নিৰ্বাচন অনুষ্ঠিত হ’ব।কিন্তু ভোটদানৰ সঠিক তাৰিখ এতিয়াও নিৰ্ণয় হোৱা নাই।”

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত এই নিৰ্বাচন হ’ব দেশখনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন।  ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ আন্দোলনৰ বাবে শ্বেখ হাছিনাই  বাংলাদেশৰ ক্ষমতা এৰি ভাৰতত আশ্ৰয় ল’বলগীয়া হৈছিল । সেই বৃহৎ পৰিসৰৰ বিদ্ৰোহে ১৫ বছৰীয়া আৱামি লীগৰ শাসনৰ অন্ত পেলাই দেশত ৰাজনৈতিক অস্থিৰতা বিয়পাই দিছিল।

হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশত  অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। য’ত মহম্মদ ইউনুছক স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ দায়িত্ব অৰ্পণ কৰা হয়। কিন্তু তেতিয়াৰ পৰাই ইউনুছৰ তত্ত্বাৱধায়ক চৰকাৰখনে বিভিন্ন ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ পৰা উদ্ভৱ হোৱা দাবীসমূহৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে।

আৱামি লীগৰ পঞ্জীয়ন বাতিল

ইফালে অধিক বৃদ্ধি পাইছে আৱামি লীগৰ অশান্তি । চলিত মাহত দলৰ পঞ্জীয়ন স্থগিত ৰখা হৈছে, যাৰ বাবে আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই সিদ্ধান্তক ব্যাপক সমালোচনা কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে ইউনুছক ছ’চিয়েল মিডিয়াৰ জৰিয়তে “প্ৰতিশোধৰ ৰাজনীতি” কৰাৰ অভিযোগ উত্থাপন কৰিছে। একে সময়তে বিৰোধী বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে । বিএনপিয়ে কয় যে স্পষ্ট সময়সীমা অবিহনে অন্তৱৰ্তীকালীন চৰকাৰক সমৰ্থন কৰাটো কঠিন হৈ পৰিছে।

সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানেও চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰি দেশত চলি থকা ৰাজনৈতিক অচলাৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। একে সময়তে যোৱা বছৰৰ আন্দোলনৰ পৰা ওলাই অহা নতুন নেশ্যনেল চিটিজেন পাৰ্টিয়ে কয় যে প্ৰতিশ্ৰুতি দিয়া প্ৰতিষ্ঠানিক সংস্কাৰ সম্পূৰ্ণ নোহোৱালৈকে নিৰ্বাচন অনুষ্ঠিত কৰাটো ভাল নহ’ব।

নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইউনুছৰ ওপৰত হেঁচা

তত্ত্বাৱধায়ক চৰকাৰৰ ব্যৱস্থা পুনৰুদ্ধাৰ, ন্যায়পালিকাৰ স্বাধীনতা শক্তিশালী আৰু সাংবিধানিক সংস্কাৰৰ বিষয়ে আলোচনা কৰি ৰাষ্ট্ৰীয় ঐকমত্য আয়োগ গঠন কৰিছে। যদিও এই প্ৰস্তাৱসমূহৰ কিছুমানে সমৰ্থন লাভ কৰিছে, তথাপিও দ্বি-সদস্যীয় বিধায়িনী দলৰ দৰে পৰামৰ্শসমূহ এতিয়াও বিতৰ্কই আগুৰি আছে।

ইফালে ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত চৰকাৰী কৰ্মচাৰী, শিক্ষক আৰু সাধাৰণ নাগৰিকৰ ক্ৰমবৰ্ধমান প্ৰতিবাদে আইন-শৃংখলাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। ৰাজনৈতিক ঐকমত্যৰ অভাৱৰ মাজতে দেশত অনিশ্চয়তাৰ অৱসান ঘটিছে, যিটোৱে চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক । জুন মাহৰ আৰম্ভণিতে ৰাজনৈতিক দলসমূহৰ সৈতে পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত স্থিতিশীলতাৰ আশা বৃদ্ধি পাইছে।

কেতিয়াও নষ্ট নহয়, ফ্ৰীজত মাংস সংৰক্ষণ কৰাৰ আগতে এই কথা মনত ৰাখক...
মৃত্যুৰ পিছত আত্মাই কেতিয়া নতুন শৰীৰ লাভ কৰে? কিদৰে কৰা হয় কৰ্মৰ ফলৰ বিচাৰ?
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...