ডুবাইত ভাৰতীয় ব্যৱসায়ীক ১.১৮ কোটিৰ জৰিমনা, ৫ বছৰৰ জেল…দোষ কি?

ডুবাই আদালতত শাস্তিৰ সন্মুখীন ভাৰতীয় ব্যৱসায়ী। যোৱা মে' মাহত ডুবাই আদালতে ব্যৱসায়ীজনক কোটি কোটি টকাৰ জৰিমনা বিহাৰ লগতে ৫ বছৰৰ জেল দিয়ে।

ডুবাইত ভাৰতীয় ব্যৱসায়ীক ১.১৮ কোটিৰ জৰিমনা, ৫ বছৰৰ জেল...দোষ কি?

ব্যৱসায়ীজন

Updated On: 

29 Aug 2025 11:25 AM

ডুবাইত বাস কৰা এজন ভাৰতীয় ব্যৱসায়ীক কঠোৰ শাস্তি বিহিলে ডুবাইৰ আপিল আদালতে। বলবিন্দৰ সিং সাহনী আৰু তেওঁৰ সহযোগীৰ পৰা আদালতে ৩৫৮ কোটি টকা (১৫০ মিলিয়ন দিৰহম)ৰ সম্পত্তি জব্দ কৰাৰ আদেশ দিয়ে। ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ অভিযোগত ডুবাই আদালতে ১,১৪,৮৯,৭৬০ টকা ( ৫লাখ দিৰহাম)ৰ জৰিমনা বিহে লগতে তেওঁলোকক কাৰাদণ্ড দিয়ে। বলবিন্দৰ সিং সাহানীক ব্যৱসায়ৰ জগতত ‘আবু ছাহাব’ বুলিও জনা যায়।  ডুবাইৰ এখন বাতৰি কাকতত এই তথ্য প্ৰকাশ পাইছে।

খবৰ অনুসৰি, যোৱা মে’ মাহত আদালতে ধন সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰে বলবিন্দৰ সিং সাহানীৰ লগতে আন কেইবাজনক। দোষী সাব্যস্ত হোৱা কেইজনক আদালতে ৫ বছৰৰ কাৰাদণ্ড আৰু ৫ লাখ দিৰহাম অতিৰিক্ত জৰিমনা বিহিছে। ইয়াৰ লগতে শাস্তি সম্পূৰ্ণ হোৱাৰ পাছত বিতাড়ন কৰাৰ নিৰ্দেশ দিয়ে।

বিত্তীয় সাহাৰ্য

সাহানী আৰু অন্য অভিযুক্তৰ বিৰুদ্ধে ২০২৪ চনত ডুবাই আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল। তেওঁলোকৰ বিৰুদ্ধে তদন্তত ইউ এ ই আৰু বিদেশত বিস্তৃত বিত্তীয় তথ্য আৰু ব্যৱসায়িক সম্পৰ্ক লাভ কৰিছিল।

আদালতে নিৰ্দেশ প্ৰদান কৰি কয় যে, নেটৱৰ্কক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ ক্ষেত্ৰত এই লোকজনে ডাঙৰ ভূমিকা পালন কৰিছিল। নেটৱৰ্কক বিত্তীয় সাহাৰ্য দিবৰ বাবে সাহানীয়ে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)স্থিত নিজৰ কোম্পানীৰ পৰা ৪৭.৭ কোটি টকা (২ কোটি দিৰহাম) উলিয়াইছিল। এটা এপাৰ্টমেন্টৰ জৰিয়তে ধন জালিয়াতি কৰা হৈছিল আৰু পৰিয়ালৰ সদস্যৰ ৱালটেছ ব্যৱহাৰ কৰি বিটকইনৰ দৰে ডিজিটেল মুদ্ৰাত এইবোৰ লুকুৱাই ৰাখিছিল।

দোষী সাব্যস্ত

জানিব পৰা মতে, মুঠ ৪২৯.৬৫ কোটি টকা (১৮ কোটি দিৰহাম) ৰ জালিয়াতি হৈছিল। এই গোচৰত আদালতে ৩৫৮ কোটি টকা (১৫ কোটি দিৰহাম) ৰ সম্পত্তি জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে নিৰ্দেশত কয় যে, দোষীয়ে যৌথভাৱে জৰিমনা ভৰিব লাগিব। ইয়াৰোপৰি আদালতে গোচৰটোৰ সৈতে জড়িত ইলেক্ট্ৰনিক যন্ত্ৰপাতি আৰু নথি-পত্ৰ জব্দ কৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, এই গোচৰত ভাৰতীয়মূলৰ ব্যৱসায়ীগৰাকীৰ লগতে আন ৩২ জন লোক জড়িত হৈ আছে। এই সকলক ভুৱা কোম্পানীৰ জৰিয়তে অবৈধ ধনৰ নেটৱৰ্ক চলোৱা আৰু নথি-পত্ৰৰ হেতালি খেলাৰ বাবে শাস্তি প্ৰদান কৰিছিল।

গাড়ীৰ নম্বৰ প্লেটৰ বাবে কোটি টকা

সাহানীয়ে ২০১৬ চনত ৰ’লছ ৰয়েচ গাড়ীৰ ডি ৫ নম্বৰ প্লেট ৩৩ মিলিয়ন ডিৰহামত (সেই সময়ত প্ৰায় ৯ মিলিয়ন ডলাৰ) খৰচ কৰিছিল। সেই সময়ত সাহানী চৰ্চাত আছিল। তাৰ পাছতে এতিয়া সাহানী অন্য এটা বিষয়ত চৰ্চাত আহিছে। বিত্তীয় খেলিমেলিৰ বাবে সাহানীয়ে এতিয়া জেলৰ লগতে কোটি টকা জৰিমনা ভৰিব লাগিব।

 

অন্য খবৰ পঢ়কঃ নেতাৰ অৱসৰ, জন্মহাৰ,মুছলমান সন্দৰ্ভত RSS মুৰব্বী মোহন ভাগৱতৰ ডাঙৰ মন্তব্য…

 

কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...