শ্বেখ হাছিনাৰ প্ৰসঙ্গৰে ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে ইউনুছে, কৰিলে এনে মিথ্যা দাবী

বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীসকলে কৰা আন্দোলন ভাৰতে ভাল পোৱা নাছিল বুলিও দাবী কৰে মহম্মদ ইউনুছে। ইয়াৰ পিছতে তেওঁ বাংলাদেশত সমস্যাৰ সৃষ্টি কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতে আশ্ৰয় দিয়া বুলিও উল্লেখ কৰে।

শ্বেখ হাছিনাৰ প্ৰসঙ্গৰে ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে ইউনুছে, কৰিলে এনে মিথ্যা দাবী

মহম্মদ ইউনুছ

Updated On: 

27 Sep 2025 | 02:11 PM

মহম্মদ ইউনুছৰ কাৰ্যকালত দ্ৰুত অৱনতি ঘটিছে ভাৰতবাংলাদেশৰ সম্পৰ্কৰ। শেহতীয়া সময়ছোৱাত এই কথা স্পষ্ট ৰূপত ফুটি উঠিছে এতিয়া বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছেও নিজমুখে এই কথা স্বীকাৰ কৰিছে। পিছে সম্পৰ্ক সন্দৰ্ভত ইউনুছে কৰা মন্তব্যতকৈ এতিয়া অধিক চৰ্চিত হৈছে তেওঁৰ মিথ্যাচাৰিতা বিদেশৰ ভূমিৰ পৰা মহম্মদ ইউনুছে ভাৰতৰ বিৰুদ্ধে চলায় কেতবোৰ অপপ্ৰচাৰ নিউয়ৰ্কত অনুষ্ঠিত এক অনুষ্ঠানত ইউনুছে কৰিছে বহু বিতৰ্কিত মন্তব্য

এই অনুষ্ঠানত ভাৰতে শ্বেখ হাছিনাক আশ্ৰয় দিয়া সন্দৰ্ভতো বিশেষ মন্তব্য কৰে ইউনুছে। ভাৰতৰ বিৰুদ্ধে এনে মন্তব্যই ইউনুছৰ কাৰ্যকালত দুই চুবুৰীয়া দেশৰ সম্পৰ্ক কিদৰে সলনি হৈছে সেয়া পুনৰ এবাৰ স্পষ্ট হৈ পৰিছে এছিয়া ছ’চাইটি আৰু এছিয়া ছ’চাইটি পলিচি ইনষ্টিটিউটৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মহম্মদ ইউনুছে।

ইউনুছে এই অনুষ্ঠানত আঞ্চলিক অৰ্থনৈতিক সহযোগিতাৰ প্ৰসঙ্গত বক্তব্য ৰাখে প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি আঞ্চলিক সহযোগিতাৰ প্ৰসঙ্গত মহম্মদ ইউনুছে ভাৰতৰ সৈতে সম্পৰ্কৰ বিষয়টো উত্থাপন কৰিছিল। ইউনুছে কয়, “এই ধৰণৰ সহযোগিতাৰ পৰা আমি সকলো লাভৱান হওঁ। কিন্তু এতিয়া ভাৰতৰ সৈতে আমাৰ সমস্যা আছে।

বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীসকলে কৰা আন্দোলন ভাৰতে ভাল পোৱা নাছিল বুলিও দাবী কৰে মহম্মদ ইউনুছে ইয়াৰ পিছতে তেওঁ বাংলাদেশত সমস্যাৰ সৃষ্টি কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতে আশ্ৰয় দিয়া বুলিও উল্লেখ কৰে হাছিনাই বাংলাদেশৰ যুৱক-যুৱতীসকলক হত্যা কৰিছিল বুলিও ইউনুছে লগতে কয়

এনে কাৰণত ভাৰত আৰু বাংলাদেশৰ মাজত এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে বুলি দাবী কৰে ইউনুছে। সমান্তৰালকৈ ভাৰতৰ পৰা ভুৱা বাতৰি প্ৰচাৰিত হোৱা বুলিও ইউনুছে দাবী তোলে ইউনুছৰ দাবী, ভাৰতৰ পৰা বাংলাদেশত ইছলামিক আন্দোলন চলি আছে বুলি কোৱা হৈছে। লগতে তালিবানৰ আক্ৰমণ হোৱা বুলিও ভাৰতে প্ৰচাৰ কৰা বুলি দাবী কৰে ইউনুছে

ইউনুছৰ এই মন্তব্যই স্বাভাৱিকতেই বিতৰ্কৰ সৃষ্টি কৰিছে ভাৰতে এইপৰ্যন্ত ইউনুছে দাবী কৰাৰ দৰে কোনো মন্তব্য প্ৰকাশ কৰা নাই লগতে বাংলাদেশৰ আন্দোলনতো হস্তক্ষেপ কৰা নাছিল কোনো ভাৰতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...