নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ বাবে উচ্চাৰিত কুলমান ঘিছিঙৰ নাম, কোন এই ঘিছিং!

জামছেদপুৰৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা কুলমান ঘিছিং নেপালত এজন সৎ বিষয়া হিচাপে পৰিচিত। বিগত বৰ্ষত কে পি শৰ্মা অলীৰ চৰকাৰে তেওঁক আকস্মিকভাৱে পদৰ পৰা অপসাৰণ কৰাৰ পিছত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল।

নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ বাবে উচ্চাৰিত কুলমান ঘিছিঙৰ নাম, কোন এই ঘিছিং!

ঘিছিং হ’ব পাৰে নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী!

Published: 

11 Sep 2025 16:14 PM

ব্যাপক Gen-Z আন্দোলনে সলনি কৰি পেলালে নেপালৰ ৰাজনৈতিক পৰিস্থিতি চিয়েল মিডিয়া নিষেধাজ্ঞাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্দোলনে উৎখাত কৰিলে নেপালৰ চৰকাৰ পূৰ্বৰ চৰকাৰৰ পতন আৰু আন্দোলন স্তিমিত হোৱাৰ পিছত নেপালত এতিয়া নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ যোজা চলিছে এই নতুন চৰকাৰৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে সবাতোকৈ চৰ্চিত হৈছে কুলমান ঘিছিঙৰ নাম। আজি দেশৰ সেনাধ্যক্ষৰ সৈতে হোৱা বৈঠকত জেনেৰেচন-জেডে কুলমানৰ নাম প্ৰস্তাৱ কৰা বুলি খবৰ প্ৰকাশ পাইছে।

লক্ষণীয়ভাৱে কুলমান ঘিছিঙৰ পূৰ্বে এইক্ষেত্ৰত সকলোতকৈ আগত আছিল দেশখনৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশিলা কাৰ্কিৰ নাম কাৰ্কিয়ে ইতিমধ্যে সেনা প্ৰধান অশোক ৰাজকো সাক্ষাৎ কৰাৰ খবৰ পোহৰলৈ আহিছিল তাৰ মাজতে এতিয়া কুলমান ঘিছিঙৰ নাম সঘনে চৰ্চিত হৈছে।

উল্লেখ্য যে জামছেদপুৰৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা কুলমান ঘিছিং নেপালত এজন সৎ বিষয়া হিচাপে পৰিচিত। বিগত বৰ্ষত কে পি শৰ্মা অলীৰ চৰকাৰে তেওঁক আকস্মিকভাৱে পদৰ পৰা অপসাৰণ কৰাৰ পিছত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল। এই বিষয়ত অলী চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

নেপালৰ ৰামেছাপত জন্মগ্ৰহণ কৰা কুলমান ঘিছিং শক্তি বিভাগৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিগত ২০১৬ চনত নেপাল চৰকাৰে তেওঁক শক্তি বিভাগৰ মুৰব্বী পদত নিযুক্তি দিয়ে। সুদীৰ্ঘ ৮ বছৰ এই পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত ঘিছিঙে নিজা কাৰ্যদক্ষতাৰে এগৰাকী সৎ বিষয়াৰ ভাবমূর্তি গঢ়ি তুলিছিল

এন আই টি জামছেদপুৰৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা কুলমান ঘিছিঙে কাঠমাণ্ডুত বাস কৰি আহিছে। এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা ঘিছিঙে জেনেৰেচন-জেডৰ প্ৰতিবাদক মুকলিকৈ সমৰ্থন আগবঢ়াইছিল এতিয়া তেওঁৰ নামেই সৰ্বাধিক চৰ্চিত হৈছে প্ৰধানমন্ত্ৰীৰ দৌৰত

অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ দৌৰত কুলমান ঘিছিঙৰ নাম চৰ্চালৈ অহাৰ আঁৰত আছে কিছু বিশেষ কাৰণ জানো আহক এইবিষয়ে

১) শক্তি বিভাগৰ পৰিচালন সঞ্চালক হৈ থকাৰ সময়ত কুলমান ঘিছিঙৰ কে পি অলী শৰ্মাৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষ হৈছিল। অলীৰ বাবেই কুলমান ঘিছিঙে অকালতে পদবী হেৰুৱাইছিল। কুলমানক ঘিছিঙক অপসাৰণ কৰাৰ পিছতে এগৰাকী সৎ বিষয়াক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি নেপাল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল

নেপালৰ অধিকাংশ বিৰোধী দলে সেই সময়ছোৱাত ঘিছিঙলৈ মুকলি সমৰ্থন আগবঢ়াইছিল। এতিয়া চিয়েল মিডিয়া বেনৰ বিৰুদ্ধে সৃষ্টি হোৱা জাগৰণৰ সমান্তৰালকৈ প্ৰতিবাদৰ মূল বিষয় হৈ পৰিছিল কেলেংকাৰীৰ প্ৰসঙ্গও ব্যাপক প্ৰতিবাদৰ পিছতে এতিয়া ক্ষমতাচ্যুত হৈছে কে পি অলী।

) এগৰাকী সৎ আৰু কঠোৰ পৰিশ্ৰমী বিষয়া হিচাপে পৰিচিত ঘিছিং। ঘিছিঙে যেতিয়া নেপাল শক্তি বিভাগত যোগদান কৰিছিল তেতিয়া নেপালৰ নগৰ অঞ্চলত মাত্ৰ ১৮ ঘণ্টাৰ বাবেহে বিদ্যুৎ লাভ কৰিছিল। ঘিছিঙৰ কাৰ্যকালতে ২৪ ঘণ্টাজুৰি নগৰাঞ্চলত বিদ্যুৎ সংযোগ নিশ্চিত হয়।

) আন্দোলনৰ প্ৰধান হোতা Gen-Z ৰ কিছুসংখ্যক লোকেহে সুশিলা কাৰ্কিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বিৰোধী দলসমূহেও কাৰ্কিৰ বিৰোধিতা কৰিছে। কাৰ্কিৰ নাম চৰ্চালৈ অহাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰচণ্ড, কে পি শৰ্মা অলী আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক গগন থাপাই এক বিবৃতি প্ৰকাশ কৰি সংবিধান মানি আগবঢ়াৰ পৰামৰ্শ আগবঢ়াইছিল

Types of Condoms: কণ্ডম কেইপ্ৰকাৰৰ আপুনি জানেনে?
অৱশেষত অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ! ২২১ দিনৰ অন্তত ভাৰতীয় দলে দেখিলে এনে সফলতাৰ মুখ
বৃক্কৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত চকুত কি কি লক্ষণে দেখা দিয়ে? জানক...
ধনতেৰাচত মহাপুৰুষ ৰাজযোগ! অত্যন্ত শুভ এই ৩ ৰাশিৰ লোকৰ বাবে...