জাপানৰ ৰাজনীতিত নতুন ইতিহাসৰ সূচনা, সূৰ্য উঠা দেশত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এগৰাকী মহিলা

Japan Political updates: ৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ পদত্যাগৰ পিছত ৪ অক্টোবৰত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে নতুন অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰে। তাকাইচিয়ে সেই নিৰ্বাচনত জয়লাভ কৰে।

জাপানৰ ৰাজনীতিত নতুন ইতিহাসৰ সূচনা, সূৰ্য উঠা দেশত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এগৰাকী মহিলা

ছানাই তাকাইচি

Published: 

04 Oct 2025 17:12 PM

সূৰ্য উঠা দেশ জাপানৰ ৰাজনৈতিক ইতিহাসত সূচনা হ’ল নতুন এক অধ্যায়ৰ। জাপানৰ শাসকীয় দল লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে শনিবাৰে প্ৰাক্তন অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী ছানাই তাকাইচিক নতুন নেতা হিচাপে নিৰ্বাচিত কৰে। তাকাইচিৰ এই বিজয়ৰ লগে লগে তেওঁ দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে।

৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ পদত্যাগৰ পিছত ৪ অক্টোবৰত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে নতুন অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰে। তাকাইচিয়ে সেই নিৰ্বাচনত জয়লাভ কৰে।

এই দৌৰত পাঁচজন প্ৰাৰ্থী আছিল যদিও মূল প্ৰতিদ্বন্দ্বিতা আছিল দুজন নেতাৰ মাজত। তেওঁলোক হৈছে প্ৰাক্তন অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী ছানাই তাকাইচি আৰু কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমি। এই ঐতিহাসিক প্ৰতিদ্বন্দ্বিতাত তাকাইচিয়ে কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমি (প্ৰাক্তন প্ৰধানমন্ত্ৰী জুনিচিৰো ক’ইজুমিৰ পুত্ৰ)ক দ্বিতীয় পৰ্যায়ৰ ভোটত পৰাস্ত কৰে।

কিমান ভোট লাভ কৰিলে?

প্ৰথম ৰাউণ্ডত তাকাইচিয়ে ১৮৩টা ভোট লাভ কৰে, আৰু ক’ইজুমিয়ে ১৬৪টা ভোট লাভ কৰে। যিহেতু কোনেও সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল, সেয়েহে দ্বিতীয় পৰ্যায়ৰ ভোট অনুষ্ঠিত হয়। ২৯৫ জন এল ডি পি সাংসদ আৰু প্ৰায় ১০ লাখ দলীয় সদস্যই ভোটদানত অংশগ্ৰহণ কৰে। কিন্তু ই জাপানৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১% কহে প্ৰতিনিধিত্ব কৰে।

ছানাই তাকাইচি কোন?

৬৪ বছৰীয়া ছানাই তাকাইচিক ৰক্ষণশীল নেতা হিচাপে গণ্য কৰা হয়। বিতৰ্কিত ইয়াছুকুনি মন্দিৰ নিয়মীয়া ভ্ৰমণ, জাপানৰ শান্তিবাদী সংবিধানৰ পৰিৱৰ্তন, টাইৱানৰ সৈতে নিৰাপত্তা সহযোগিতা বৃদ্ধি আদি নীতিক তেওঁ সমৰ্থন কৰিছে। আমেৰিকাৰ সৈতে হোৱা বিনিয়োগ চুক্তিসমূহ পুনৰীক্ষণ কৰাৰ পৰামৰ্শও দিছে ছানাই তাকাইচিয়ে।

প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে দিয়া ভাষণত তাকাইচিয়ে কয়, “দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কঠোৰ সমালোচনাই মোক অনুপ্ৰাণিত কৰিলে। মই মানুহৰ দৈনন্দিন জীৱন আৰু ভৱিষ্যতৰ প্ৰতি থকা উদ্বেগক আশালৈ ৰূপান্তৰিত কৰিব বিচাৰো।”

অৰ্থনীতি দুগুণ কৰাত মনোনিৱেশ

এই বিজয়ৰ লগে লগে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ দিশে তাকাইচি। তেওঁৰ এই অভিযানত দেশৰ অৰ্থনৈতিক বিকাশ আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ১০ বছৰত জাপানৰ অৰ্থনীতি দুগুণ কৰাৰ পৰিকল্পনা দাখিল কৰিছে তাকাইচিয়ে।

তাকাইচিয়ে ভাৰতক বিশেষ কৌশলগত অংশীদাৰ বুলিও গণ্য কৰে। লগতে কোৱাড আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এ পিৰ তথ্য অনুসৰি অক্টোবৰৰ মাজভাগত নতুন প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে নিশ্চিত কৰাৰ বাবে সংসদীয় ভোটদানৰ সম্ভাৱনা আছে। যিজন প্ৰধানমন্ত্ৰী হ’ব তেওঁ লগে লগে কূটনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠক। যিখন অক্টোবৰৰ শেষৰ ফালে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা (APEC) শীৰ্ষ সন্মিলনৰ সময়ত অনুষ্ঠিত হ’ব। এই বৈঠকে জাপানক প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে।

গুপ্তাংগৰ অত্যধিক দুৰ্গন্ধ ওলায় নেকি? এই ঘৰুৱা উপায়েৰে কৰক দূৰ
ডেংগুৰ কোনটো তিনিটা লক্ষণক আওকাণ কৰা উচিত নহয়?
দেৱী লক্ষ্মীৰ বাহন, সপোনত ফেঁচা দেখাটো কিহৰ ইংগিত জানেনে?
হঠাতে ৰক্তচাপ বৃদ্ধি, এই তিনিটা লক্ষণে দেখা দিলে সাৱধান হওক