জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী

ভূমিকম্পৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, উত্তৰ-পূব উপকূলত এই ভূমিকম্পৰ ফলত ১০ ফুট উচ্চতালৈকে ছুনামী আহিব পাৰে।

জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী
Updated On: 

08 Dec 2025 | 10:44 PM

জাপানৰ উত্তৰ-পূব উপকূলত ৭.৬ প্ৰাবল্যৰ এক প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আওমোৰি প্ৰিফেকচাৰৰ উপকূলৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত, ৫০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, আওমোৰি আৰু হোকাইদোৰ উপকূলত এই ভূমিকম্পৰ ফলত ১০ ফুট উচ্চতালৈকে ছুনামী আহিব পাৰে। এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই।

ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা বিপজ্জনক ছুনামী ঢৌৱে জাপান আৰু ৰাছিয়াৰ উপকূলত প্ৰভাৱ পেলাব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে পেচিফিক ছুনামী ৱাৰ্নিং চেন্টাৰে। ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ১০০০ কিলোমিটাৰ ভিতৰৰ যিকোনো অঞ্চলত বিধ্বংসী ঢৌৰ আশংকা থাকে। হোকাইদোৰ এগৰাকী বাসিন্দাই ভূমিকম্পৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।

জাপানত কিয় ভূমিকম্প হয়?

ভূমিকম্পৰ প্ৰৱণতা থকা দেশসমূহৰ ভিতৰত জাপান অন্যতম। ই প্ৰশান্ত মহাসাগৰৰ ৰিং অৱ ফায়াৰত অৱস্থিত, যিটো অঞ্চলত পৃথিৱীৰ টেকটনিক প্লেটবোৰৰ সংঘৰ্ষ হয়, যাৰ ফলত সঘনাই ভূমিকম্প হয়।

এই একেটা অঞ্চলতে ২০১১ চনৰ মাৰ্চ মাহত এক ভয়ংকৰ ভূমিকম্প আৰু ছুনামীৰ সন্মুখীন হৈছিল আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। এইবাৰ কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই যদিও বিষয়াসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। স্থানীয় প্ৰশাসনে ৰাইজক ওখ ঠাইলৈ স্থানান্তৰিত হোৱাৰ লগতে উপকূলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...