এখনৰ পাছত আনখন দেশৰ ঘনিষ্ঠতা বৃদ্ধি পাকিস্তানৰ সৈতে, এইবাৰ ইটালীয়ে ল’লে ডাঙৰ পদক্ষেপ…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছে একাংশ ৰাষ্ট্ৰৰ। ভাৰতৰ বন্ধু বুলি দাবী কৰা একাংশ ৰাষ্ট্ৰ এতিয়া পাকিস্তানৰ ঘনিষ্ঠ হৈ পৰিছে।

এখনৰ পাছত আনখন দেশৰ ঘনিষ্ঠতা বৃদ্ধি পাকিস্তানৰ সৈতে, এইবাৰ ইটালীয়ে ললে ডাঙৰ পদক্ষেপ...

ইটালী-পাকিস্তান

Published: 

23 May 2025 10:50 AM

এফালে ভাৰতৰ বন্ধু, আনফালে পাকিস্তানৰ সৈতে ঘনিষ্ঠতা। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেইবাখনো ৰাষ্ট্ৰৰ আচল স্বৰূপ ওলাই পৰিছে। ভাৰতৰ বন্ধু বুলি দাবী কৰা একাংশই এতিয়া পাকিস্তানৰ সৈতে ঘনিষ্ঠাতা বৃদ্ধি কৰাত ব্যস্ত হৈ আছে। কেইবছৰমান আগতে প্ৰাকৃতিক সংকটৰ সময়ত তুৰ্কীক মানবীয় সাহাৰ্য আগবঢ়াইছিল ভাৰতে। সেই তুৰ্কীয়ে আজি ভাৰতৰ বিৰুদ্ধে থিয় দিয়ে। ইয়াৰোপৰি আজাৰবাইজান, ইজিপ্ত আদিও পৃথক নহয়। কিন্তু এতিয়া আন এখন দেশৰ এটা বিশেষ সিদ্ধান্তই চকু কঁপালত তুলিছে বিভিন্নজনৰ। কিয়নো জৰ্জিয়া মেল’নিৰ ইটালীয়েও এতিয়া নিজৰ স্বৰূপ দেখুৱাইছে।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ইটালীয়ে পাকিস্তানৰ সৈতে সংসদীয় চুক্তি স্বাক্ষৰ কৰিছে। পাকিস্তানৰ চেনেটৰ অধ্যক্ষ চৈয়দ ইউছুফ ৰাজা গিলানীয়ে ইটালীৰ চেম্বাৰ অৱ ডেপুটিজৰ অধ্যক্ষ লৰেঞ্জো ফণ্টানাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে।

দুয়োগৰাকী নেতাই সংসদীয় সহযোগিতা আৰু আদান-প্ৰদানক প্ৰসাৰিত কৰি জনসাধাৰণৰ মাজত যোগাযোগ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। এই আলোচনাত দুই নেতা আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়েও আলোচনা কৰে। গিলনীয়ে কয় যে,আফগানিস্তান পাকিস্তানৰ এখন ভাতৃ ৰাষ্ট্ৰ আৰু ইছলামাবাদে এখন সুস্থিৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী আফগানিস্তান বিচাৰে।

ইটালীৰ নিম্ন সদনৰ অধ্যক্ষ ফণ্টানাই কয় যে তেওঁৰ সমকক্ষ ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিকে পাকিস্তান ভ্ৰমণৰ বাবে দিয়া আমন্ত্ৰণ গ্ৰহণ কৰিব। ইয়াৰোপৰি দুই দেশৰ মাজত সহযোগিতা আৰু বিনিয়োগৰ আনুষ্ঠানিক চুক্তি সম্পাদনা কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। এই চুক্তিৰ পাছতে দুয়োখন দেশৰ সাংসদ আৰু প্ৰতিনিধিয়ে দুইখন দেশ ভ্ৰমণ কৰিব। এনে পদক্ষেপৰ জৰিয়তে দুই দেশৰ সম্পৰ্ক শক্তিশালী কৰা হ’ব বুলিও তেওঁ কয়।

উল্লেখ্য যে, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে কেইবাবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ বন্ধু বুলি দাবী কৰাৰ লগতে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ কৰিছিল। কিন্তু ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত এতিয়া এই দেশখনে পাকিস্তানৰ সৈতে বন্ধুত্ব দৃঢ় কৰাত উঠি পৰি লাগিছে। একাংশৰ মতে, ইটালীৰ এই পদক্ষেপ ভাৰতৰ বাবে এক বিশ্বাসঘাটকতা।

কেৱল ইটালীয়ে নহয়, যোৱা কেইটামান দিনত বহু কেইখন দেশে ভাৰতৰ পৰা আঁতৰি থকা দেখা গৈছে। এটা সময়ত মোদীৰ বন্ধু বুলি দাবী কৰা ডনাল্ড ট্ৰাম্পো অন্যতম। ইয়াৰোপৰি যিসমূহ ৰাষ্ট্ৰৰ বেয়া সময়ত ভাৰতে কাষত থিয় দিছিল সেই ৰাষ্ট্ৰসমূহে এতিয়া ভাৰতৰ পিঠি উঠিছে।  এক কথাত ক’ব পাৰি যে, যোৱা কেইটামান দশকত বন্ধুত্বৰ নাম দি একাংশ ৰাষ্ট্ৰই ভাৰতৰ সৈতে কেৱল এখন নাটকহে কৰি আছিল।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক শক্তিশালী কৰাৰ চেষ্টা! ভাৰতৰ বিৰোধিতা কৰা ৰাষ্ট্ৰক ডাঙৰ উপহাৰ চীনৰ, কৰিছে নেকি কোনো ডাঙৰ পৰিকল্পনা…

চৰাইৰ মল শৰীৰত পৰাটো শুভ নে অশুভ? চাওঁ আহক জ্যোতিষে কি কয়…
আই পি এল ২০২৫ত কোন কোন আছে অ’ৰেঞ্জ কেপৰ দৌৰত? অন্তত জয়ী হ’ব কোন!
গেছৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব? আজিয়েই অৱলম্বন কৰক এই ঘৰুৱা উপায়
আপোনাৰো ঘৰত মেকুৰী আছে নেকি? তেন্তে জানক ঘৰত মেকুৰী ৰখাটো শুভ নে অশুভ