জৰ্জিয়া মেল’নীৰ প্ৰিয় চিগাৰেট কি? এইগৰাকী বিশ্ব নেতাই চিগাৰেট এৰিবলৈ অনুৰোধ কৰিছিল মেল’নীক
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ ধূমপানৰ অভ্যাস সন্দৰ্ভত বিশ্বজুৰি চৰ্চা চলি আছে। এজন বিশেষ ৰাষ্ট্ৰনেতাই মেল’নীক ধূমপানৰ অভ্যাস এৰিবলৈ পৰামৰ্শ দিছিল। যাৰ উত্তৰত মেল’নীয়ে কৈছিল যে এনে কাম কৰি তেওঁ মানুহক সহায় কৰিব নোৱাৰিব।

জৰ্জিয়া মেল'নী
বিশ্বৰ এগৰাকী প্ৰখ্যাত ৰাজনৈতিক নেত্ৰী তথা ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নী প্ৰায়েই সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ আহিছে। সৌন্দৰ্যৰ বাবেই হওক বা নিজৰ ৰাজনৈতিক পদক্ষেপৰ বাবেই হওক, মেল’নী প্ৰায়েই চৰ্চাত থাকে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথাও বিভিন্ন সময়ত চৰ্চা হয়। কিন্তু অতি শেহতীয়াভাৱে নিজৰ এক বিশেষ অভ্যাসৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মেল’নী।
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ ধূমপানৰ অভ্যাস সন্দৰ্ভত বিশ্বজুৰি চৰ্চা চলি আছে। দৰাচলতে ইজিপ্তৰ শ্বাৰম এল শ্বেইখত গাজা চুক্তিৰ সময়ত তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰডোগানে মেল’নীক ধূমপানৰ অভ্যাস এৰিবলৈ পৰামৰ্শ দিছিল। যাৰ উত্তৰত মেল’নীয়ে কৈছিল যে এনে কাম কৰি তেওঁ মানুহক সহায় কৰিব নোৱাৰিব। ইউৰোপীয় আউটলেট পলিটিকোৱে এই সন্দৰ্ভত এক বাতৰি প্ৰকাশ কৰিছে।
প্ৰতিবেদন অনুসৰি যেতিয়া এৰডোগানে মেল’নীক মঞ্চত লগ পাইছিল, তেতিয়া তেওঁ প্ৰথমে মেল’নীৰ সৌন্দৰ্য্যৰ প্ৰশংসা কৰিছিল। ইয়াৰ পিছত এৰডোগানে তেওঁক ধূমপান এৰিবলৈ পৰামৰ্শ দিয়ে, যিটো মেল’নীয়ে সম্পূৰ্ণৰূপে নাকচ কৰে। তেওঁলোকৰ কথা-বতৰাৰ সময়ত এৰডোগানে আনকি ইয়াৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতিও দিছিল।
কোৱা হৈছে যে বৰ্তমান এৰডোগানে ধোঁৱামুক্ত পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যৰে নেতাসকলক মদ আৰু চিগাৰেট ত্যাগ কৰিবলৈ আহ্বান জনাই আহিছে।
এই বিশেষ চিগাৰেট সেৱন কৰে মেল’নীয়ে
২০২২ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত জৰ্জিয়া মেল’নীয়ে নিজৰ ৱেবছাইটত আত্মজীৱনী প্ৰকাশ কৰিছিল। তাত তেওঁ নিজৰ অভিজ্ঞতাৰ বিশদ বিৱৰণ দিছিল। একেটা প্ৰতিবেদনতে মেল’নীয়ে উল্লেখ কৰিছিল যে তেওঁ মাজে মাজে আল্ট্ৰা স্লিম চিগাৰেট সেৱন কৰে। চিগাৰেটৰ সংখ্যা বা ব্ৰেণ্ড সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা নাই মেল’নীয়ে।
প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মেল’নীয়ে সুৰাৰ মেলাৰ সময়ত এক উল্লেখযোগ্য কথা প্ৰকাশ কৰে। মেল’নীয়ে উল্লেখ কৰে যে তেওঁ মদ ভাল পায়, কিন্তু তেওঁ ইয়াক পৰিমিতভাৱে সেৱন কৰিবলৈ চেষ্টা কৰে। মেলাত কেনেকৈ সুৰা সেৱন কৰিব লাগে সেই বিষয়েও বিতংভাৱে উল্লেখ কৰে তেওঁ। মেল’নীৰ মতে কেতিয়াও খালী পেটত মদ খাব নালাগে।
ইটালীত কিমান মানুহে চিগাৰেট সেৱন কৰে?
ইটালী চৰকাৰৰ তথ্য অনুসৰি ২০২৩ চনত দেশজুৰি চিগাৰেট সেৱন কৰা লোকৰ সংখ্যা ১ কোটি ৫ লাখ। ১৫ বছৰৰ ওপৰৰ বিশ শতাংশ লোকে ধূমপান কৰে। ইটালীত ২২ শতাংশ পুৰুষ আৰু ১৬ শতাংশ মহিলাই ধূমপান কৰে। ইটালী চৰকাৰৰ মতে প্ৰায় ৫ শতাংশ লোকে দিনটোত ২০টাতকৈ অধিক চিগাৰেট সেৱন কৰে।
বিঃদ্ৰঃ- ধূমপান স্বাস্থ্যৰ পক্ষে হানিকাৰক, ই কেন্সাৰৰো কাৰণ হ’ব পাৰে। এই প্ৰতিবেদনত আমি কেৱল তথ্য প্ৰকাশ কৰিছোঁ। ধূমাপানক উদগনি দিয়াৰ কোনো অভিপ্ৰায়ৰ সৈতে এই প্ৰতিবেদনৰ সম্পৰ্ক নাই।