ইজৰাইলে নিজে নিজৰ সুৰক্ষা কৰিব, আমি আমেৰিকাৰ দাস বা অধীন নহয়ঃ নেতানিয়াহু
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে, ইজৰাইলে নিজে নিজৰ ৰক্ষা কৰিব জানে। ইজৰাইল আমেৰিকাৰ দাস বা অধীনস্থ দেশ নহয়।

ইজৰাইল
শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এক ডাঙৰ মন্তব্য কৰিছে। বুধবাৰে তেওঁ কয় যে, ইজৰাইলে নিজৰ নিৰাপত্তা নিজে নিৰ্ধাৰণ কৰে, ইয়াৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল নহয়। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে হ’বলগীয়া আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। গাজালৈ আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী প্ৰেৰণৰ পৰিকল্পনা সন্দৰ্ভত তেওঁ এই মন্তব্য কৰা দেখা যায়।
গাজাত আন্তঃৰাষ্ট্ৰীয় সেনাবাহিনীৰ উপস্থিতিয়ে ইজৰাইলৰ নিৰাপত্তাত যে কোনো প্ৰভাৱিত কৰিব নোৱাৰে সেই ক্ষেত্ৰত জনতাক আশ্বাস দিবলৈ নেতানিয়াহুৱে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিচাৰে যে, নিজৰ নিৰাপত্তাৰ বাবে ইজৰাইলে সম্পূৰ্ণ স্বাধীনতা লাভ কৰি আক্ৰমণ কৰিব পাৰে।
ইজৰাইল আমেৰিকাৰ নিয়ন্ত্ৰণত নাই
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ইজৰাইল আমেৰিকাৰ দাস বা অধীনস্থ দেশ নহয়। এনেবোৰ কথা তেওঁ ভিত্তিহীন বুলি কয়। আৰু কয় যে, “কেতিয়াবা মানুহে ইজৰাইলে আমেৰিকা চলাই আছে বুলি কয়, কেতিয়াবা কয় আমেৰিকাই ইজৰাইলক নিয়ন্ত্ৰণ কৰি আছে। এই সকলো কথা ভিত্তিহীন। আমেৰিকাৰ সৈতে আমাৰ এক মজবুত কৌশলগত সম্পৰ্ক আছে। আমাৰ বিচাৰধাৰা আৰু লক্ষ্য একেই। কেতিয়াবা সৰু সুৰা মতভেদ হব পাৰে। কিন্তু বেছিভাগ বিষয়ত আমি একেই চিন্তা কৰো”।
গাজাত শান্তি অনা সহজ নহয়
ইফালে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেন্সে কয় যে, গাজাত শান্তি বজাই ৰখাটো সহজ নহয়। হামাছক নিৰস্ত্ৰ কৰি জনতাক সহায় কৰা এক কঠিন কাম। কিন্তু আমি আশাবাদী। ভ্যান্সে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জোগৰকো সাক্ষাৎ কৰে।
উল্লেখ্য যে, গাজাত কোনে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী নিয়োগ কৰে সেয়া এতিয়ালৈকে ঠিক হোৱা নাই। ভান্সৰ মতে, তুৰ্কী আৰু ইণ্ডোনেছিয়াই সৈন্য অৱদান আগবঢ়াব পাৰে। তথ্য অনুসৰি, এতিয়ালৈকে ইজৰাইলে ১৫ জন পণবন্দীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু এতিয়াও ১৩ টা মৃতদেহ গাজাত আছে।
এতিয়ালৈকে ইজৰাইল-হামাছৰ যুদ্ধত ইজৰাইলৰ প্ৰায় ১২০০ জন লোকৰ মৃত্যু হৈছে। ইফালে গাজাত প্ৰায় ৬৮,০০০ ৰো অধিক পেলেষ্টাইনীয়ে প্ৰাণ হেৰুৱাইছে। অৱশ্যে ইজৰাইলে এই সংখ্যা মানি ল’ব বিচৰা নাই। দীৰ্ঘদিন ধৰি চলা যুদ্ধ আৰু বহু প্ৰচেষ্টাৰ অন্তত ড’নাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনাৰ অধীনত ১০ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চলি আছে।
অন্য খবৰ পঢ়কঃ নীৰজ চোপ্ৰালৈ বিশেষ সন্মান, প্ৰদান ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যদা…