ইৰাণক বিশ্বাসঘাটকতা পাকিস্তানৰ! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ডাঙৰ মন্তব্য…
ইৰাণক এক প্ৰকাৰ বিশ্বাসঘাটকতা পাকিস্তানৰ। ইৰাণে পাকিস্তানক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত সহায় কৰিব বুলি দাবী কৰাৰ বিপৰীতে পাকিস্তানে এয়া নাকচ কৰে।

পাকিস্তান-ইৰাণ-ইজৰাইল
ইৰাণক এক প্ৰকাৰ বিশ্বাসঘাটকতা কৰিলে পাকিস্তানে। যোৱা কেইটামান দিনত ইৰাণে দাবী কৰি আহিছিল যে ইজৰাইলে যদি ইৰাণক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰে তেন্তে ইয়াৰ উত্তৰ পাকিস্তানে দিব। ইৰাণে গৌৰৱ কৰি কৈছিল যে, পাকিস্তানে প্ৰতিশ্ৰুতি দিছে ইজৰাইলত পাৰমাণৱিক আক্ৰমণ কৰিব বুলি। কিন্তু এতিয়া এই কথা নাকচ কৰিছে পাকিস্তানে। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ সময়তে এতিয়া পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত হোৱা আলোচনাই পাকিস্তানক চুই গৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, ইজৰাইলে যোৱা ১৩ জুনত ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলাইছিল। লক্ষ্য আছিল তেহৰাণৰ ক্ৰমবৰ্ধমান পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰা। তাৰ পাছতে ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সদস্য তথা ইৰাণী ৰিভল্যুচনেৰী গাৰ্ডৰ অধিনায়ক জেনেৰেল মহচেন ৰেজাইয়ে দাবী কৰিছিল যে যদি ইজৰাইলে ইৰাণক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰে তেন্তে পাকিস্তানে ইৰাণৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইজৰাইলৰ ওপৰত পাকিস্তানে পাৰমাণৱিক আক্ৰমণ চলাব। পাকিস্তানে এই প্ৰতিশ্ৰুতি দিছে।
কিন্তু এতিয়া এই দাবী নাকচ কৰিছে পাকিস্তানে। ১৪ জুনত সদনত ভাষণ দি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে, পাকিস্তানে এনে ধৰণ কোনো প্ৰতিশ্ৰুতি দিয়া নাই। তেওঁ লগতে কয়, ইজৰাইল একমাত্ৰ দেশ যি কোনো আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক চুক্তিৰ অংশ নহয়। তেওঁলোক এন পি টিও আৰু কোনো জবাবদিহিতাও নহয়। কোনো নিৰীক্ষণ নকৰাকৈ ই বিশ্বক মুকলিকৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। অৰ্থাৎ IAEA ৰ দৰে এজেঞ্চীয়ে ইৰাণৰ ওপৰত চকু ৰাখিলেও ইজৰাইলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই।
তেওঁ কয়, সকলোৱে জানে পাকিস্তান এখন পাৰমাণৱিক শক্তি, কিন্তু এতিয়ালৈকে ইয়াক ব্যৱহাৰ কৰা নাই। পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত পাকিস্তানে সদায় আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি চলে। অৱশ্যে তেওঁ কয় যে, “ইজৰাইলে ইৰাণ, য়েমেন আৰু পেলেষ্টাইনক আক্ৰমণ কৰিছে। যদি মুছলমান দেশসমূহে এতিয়া একত্ৰিত নহয়, তেন্তে আমাৰ সকলোৰে ভৱিষ্যত একেই হ’ব।”
এই সময়চোৱাত পাকিস্তানে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহকো লক্ষ্য কৰি লয়। তেওঁ কয় যে, অন্ধ সমৰ্থনে ইজৰাইলক অনিয়ন্ত্ৰিত কৰি তুলিছে। এনেদৰে চলি থাকিলে কেৱল মধ্যপ্ৰাচ্যতে নহয় সমগ্ৰ বিশ্বতে এই জুই বিয়পি পৰিব। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া স্পষ্ট হৈ পৰিছে যে ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষই পাকিস্তানক শংকিত কৰিছে। পাকিস্তানে সম্ভৱতঃ ভয় খাইছে ইজৰাইলৰ পৰৱৰ্তী লক্ষ্য পাকিস্তান হ’ব বুলি। এনে পৰিস্থিতিত ইৰাণে পাকিস্তানৰ সহায় বিচৰাৰ বিপৰীতে পাকিস্তানে এক প্ৰকাৰ বন্ধু দেশখনক বিশ্বাসঘাটকতা কৰিছে।
অন্য খবৰ পঢ়কঃ ইৰাণক আক্ৰমণ কৰিব নেকি আমেৰিকাই? ট্ৰাম্পে ক’লে, শীঘ্ৰেই খালী কৰক তেহৰাণ…