জীৱন ৰক্ষাৰ পাইছিল সুযোগ! তেতিয়াই হামাছে গুলীয়াই গুলীয়াই হত্যা কৰিলে ৬ ইজৰাইলী পণবন্দীক

নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা যুদ্ধবিৰতিত হামাছে ১০৫ জন পণবন্দীক মুকলি কৰি দিছিল, ইয়াৰ পূৰ্বে  আন ৪ জন পণবন্দীক হামাছে যুদ্ধবিৰতি চুক্তিৰ অধীনত মুকলি কৰি দিছিল। আনহাতে ইজৰাইল সেনাই এতিয়ালৈকে ৮ জন পণবন্দীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে। ১১ মাহ ধৰি চলি থকা যুদ্ধত এতিয়ালৈকে ৩৭ জন পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

জীৱন ৰক্ষাৰ পাইছিল সুযোগ! তেতিয়াই হামাছে গুলীয়াই গুলীয়াই হত্যা কৰিলে ৬ ইজৰাইলী পণবন্দীক

পণবন্দীৰ মৃতদেহ উদ্ধাৰ

Published: 

02 Sep 2024 | 05:44 PM

বিশ্বৰ দুটা প্ৰান্তত এতিয়াও চলি আছে যুদ্ধ। ইজৰাইল- হামাছ, ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ পাছতো এই যুদ্ধ শাম কটাৰ নাম লোৱা নাই।  নিতৌ যুদ্ধগ্ৰস্ত দেশসমূহৰ পৰা হত্যা, আক্ৰমণ আদিৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ মাজতে গাজাৰ পৰা এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে।  গাজাৰ সুৰংগত উদ্ধাৰ গৈছে ৬ গৰাকীকৈ ইজৰাইলী পণবন্দীৰ মৃতদেহ। জানিব পৰা মতে, মৃতদেহ উদ্ধাৰ হোৱাৰ ৪৮ ৰ পৰা ৭২ ঘন্টাৰ পূৰ্বে তেওঁলোকক হত্যা কৰা হৈছিল।

ইজৰাইল সেনাই দাবী কৰা অনুসৰি, ইজৰাইলী সেনা সুৰংগৰ কাষ পোৱা বুলি গ’ম পোৱাৰ পাছতেই হামাছ  সেনাই তেওঁলোকক হত্যা কৰিছিল। ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এই ৬ জন পণবন্দীলোকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে যে উদ্ধাৰ কৰাৰ ৪৮ ৰ পৰা ৭২ ঘন্টা পূৰ্বে তেওঁলোকক হত্যা কৰা হৈছিল। অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত তেওঁলোকক হামাছে হত্যা কৰিছিল। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, আবু কাবিৰ ফৰেনছিক ইনষ্টিটিউটে প্ৰকাশ কৰিছে যে এই আটাইকেইজন পণবন্দীক ওচৰৰ পৰা একাধিকবাৰ গুলীয়াই হত্যা কৰা হৈছিল।

দেওবাৰে পুৱা ইজৰাইলৰ সেনাৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভিয়ে সুৰংগটো পৰিদৰ্শন কৰে আৰু তেতিয়াই এই ৬ পণবন্দী হৈ থকা ইজৰাইলীলোকৰ মৃতদেহ উদ্ধাৰ কৰে। সেই সময়ত তেওঁৰ সৈতে দক্ষিণ কমাণ্ডৰ মুৰব্বীও উপস্থিত আছিল। ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে, সম্ভৱত হামাছে ভাবিছিল যোৱা সপ্তাহত ইজৰাইল সেনাই জীৱিত অৱস্থাত উদ্ধাৰ কৰা পণবন্দীজনৰ জৰিয়তে বিশেষ তথ্য  লাভ কৰিছিল। যাৰ বাবে এই আটাইকেইজনকে হত্যা কৰে।

যোৱা সপ্তাহত ইজৰাইল সেনাই ৫২ বছৰীয়া পণবন্দী ফাৰহান আল কাদীক নিৰাপদে উদ্ধাৰ কৰিছিল। দক্ষিণ গাজাত হামাছে নিৰ্মাণ কৰা সুৰংগৰ পৰা তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে হামাছৰ সেনাসকলে তাৰ পৰা পলায়ন কৰিছিল।ইজৰাইলী সেনাৰ মতে পণবন্দীসকলক নিৰ্মমভাৱে হত্যা কৰা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি ইজৰাইলী সেনাই ঘটনাস্থলী পোৱাৰ কিছু সময় পূৰ্বেই তেওঁলোকক হত্যা কৰিছিল। এই আটাইকেইজনক হামাছে ৭ অক্টোবৰত বন্দী বনাইছিল।

উল্লেখ্য যে, ইজৰাইল- হামাছৰ যুদ্ধত বৰ্তমানলৈকে বহু হাজাৰলোকৰ মৃত্যু হৈছে।  ৭ অক্টোবৰৰ পাছত ২০০ তকৈ অধিক ইজৰাইলী আৰু বিদেশী নাগৰিকক হামাছে বন্দী বনোৱাৰ লগতে প্ৰায় ১২০০ ইজৰাইলীলোকৰ মৃত্যু হৈছে। ইয়াৰ পিছত নেতানিয়াহু চৰকাৰে হামাছক নিৰ্মূলৰ বাবে সামৰিক অভিযান আৰম্ভ কৰে। কিন্তু প্ৰায় ১১ মাহৰ যুদ্ধৰ পিছতো ইজৰাইলে সকলো পণবন্দীক মুক্ত কৰাত সফল হ’ব পৰা নাই।

পণবন্দীসকলৰ মৃত্যুত ক্ষুব্ধ হৈ দেওবাৰে হাজাৰ হাজাৰ লোক ইজৰাইলৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদকাৰীসকলে নেতানিয়াহুক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান জনাইছিল। কিয়নো ইজৰাইলৰ জনসাধাৰণৰ মতে কেৱল যুদ্ধ বিৰতিৰ জৰিয়তেহে পণবন্দীসকলক উভতাই আনিব পৰা যাব।

উল্লেখ কৰা প্ৰয়োজন যে,  নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা যুদ্ধবিৰতিত হামাছে ১০৫ জন পণবন্দীক মুকলি কৰি দিছিল, ইয়াৰ পূৰ্বে  আন ৪ জন পণবন্দীক হামাছে যুদ্ধবিৰতি চুক্তিৰ অধীনত মুকলি কৰি দিছিল। আনহাতে ইজৰাইল সেনাই এতিয়ালৈকে ৮ জন পণবন্দীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে। ১১ মাহ ধৰি চলি থকা যুদ্ধত এতিয়ালৈকে ৩৭ জন পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এইবোৰ কাৰণতেই এতিয়া ইজৰাইলৰ জনসাধাৰণে যুদ্ধ বন্ধ হোৱাতো বিচাৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব