যুদ্ধৰ অন্ত! আমেৰিকাৰ মধ্যস্থতাত শান্তি পৰিকল্পনাত স্বাক্ষৰ ইজৰাইল-হামাছৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে যে ইজৰাইল আৰু হামাছে গাজা শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ ওপৰত সহমতত উপনীত হৈছে। তেওঁ উল্লেখ কৰে যে, ইজৰাইল আৰু হামাছে শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিছে।

ট্ৰাম্প-নেতান্যাহু
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ অহৰহ চেষ্টা চলাই আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ মাজতে ট্ৰাম্পে কৰিছে এক বৃহৎ ঘোষণা। ট্ৰাম্পে কয় যে, ইজৰাইল আৰু হামাছে আমেৰিকাৰ মধ্যস্থতাত শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ ওপৰত সহমতত উপনীত হৈছে। তেওঁ উল্লেখ কৰে যে, ইজৰাইল আৰু হামাছে শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিছে। ট্ৰাম্পে ইয়াক গাজাৰ যুদ্ধৰ অন্ত পেলোৱাৰ দিশত এক ঐতিহাসিক আৰু অভূতপূৰ্ব পৰিঘটনা বুলি অভিহিত কৰে। ট্ৰাম্পৰ এই ঘোষণাই গাজাত উদযাপনৰ সূচনা কৰে। সকলোৱে ঘৰৰ পৰা ওলাই আহি ৰাজপথত আনন্দ প্ৰকাশ কৰে।
এই চুক্তিৰ লক্ষ্য হৈছে গাজাত যুদ্ধ বন্ধ কৰা আৰু পণবন্দী আৰু বন্দীসকলক মুকলি কৰি দিয়াটো নিশ্চিত কৰা। বৃহস্পতিবাৰে (৯ অক্টোবৰ) ইজিপ্তত স্বাক্ষৰিত হ’বলগীয়া গাজা চুক্তিত হামাছে সন্মতি প্ৰকাশ কৰিছে। এই চুক্তিত মানৱীয় সাহায্যৰ বাবে গাজাত পাঁচটা ক্ৰছিং তৎকালীনভাৱে মুকলি কৰা, গাজাৰ প্ৰত্যাহাৰৰ মানচিত্ৰ সলনি কৰা, প্ৰথম পৰ্যায়ত ২০ জন ইজৰাইলী বন্দীক জীৱিত অৱস্থাত মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰা হৈছে।
ট্ৰাম্পৰ ঘোষণা
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “মই ঘোষণা কৰি অতি গৌৰৱান্বিত যে ইজৰাইল আৰু হামাছে আমাৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিছে। ইয়াৰ অৰ্থ হ’ল সকলো পণবন্দীক অতি সোনকালে মুকলি কৰি দিয়া হ’ব, আৰু ইজৰাইলে নিজৰ সৈন্যবাহিনীক এক নিৰ্দিষ্ট পৰিমাণে প্ৰত্যাহাৰ কৰিব, যিয়ে এক শক্তিশালী, স্থায়ী আৰু চিৰন্তন শান্তিৰ দিশত প্ৰথম পদক্ষেপ হিচাপে চিহ্নিত কৰিব।”
US President Donald J Trump posts, “I am very proud to announce that Israel and Hamas have both signed off on the first phase of our Peace Plan. This means that ALL of the hostages will be released very soon, and Israel will withdraw their troops to an agreed-upon line as the… pic.twitter.com/Hi9Vp4vzwH
— ANI (@ANI) October 8, 2025
ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে ছ’চিয়েল মিডিয়াত কয়, “ইজৰাইলৰ বাবে এক ডাঙৰ দিন। কাইলৈ মই চৰকাৰক এই চুক্তিত অনুমোদন জনাই আমাৰ সকলো প্ৰিয় পণবন্দীক ঘূৰাই আনিবলৈ আহ্বান জনাম। আইডিএফৰ সাহসী সৈনিক আৰু সকলো নিৰাপত্তা বাহিনীক ধন্যবাদ জনাইছো, যিসকলৰ সাহস আৰু ত্যাগৰ বাবে আমি এই পৰ্যায়ত উপনীত হ’ব পাৰিছো। ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ দলটোক এই পবিত্ৰ পুনৰীক্ষণৰ এই পবিত্ৰ অভিযানত আগবঢ়োৱা অৱদানৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছো।” ঈশ্বৰৰ কৃপাত আমি একেলগে আমাৰ সকলো লক্ষ্যত উপনীত হ’ম আৰু আমাৰ ওচৰ-চুবুৰীয়াৰ সৈতে শান্তি বিস্তাৰ কৰি যাম।”
আন এটা পোষ্টত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে, “প্লেনৰ প্ৰথম পৰ্যায়ৰ অনুমোদনৰ লগে লগে আমাৰ সকলো পণবন্দীক ঘৰলৈ অনা হ’ব। ইজৰাইল ৰাষ্ট্ৰৰ বাবে এইটো এটা কূটনৈতিক সফলতা আৰু এক ৰাষ্ট্ৰীয় আৰু নৈতিক জয়।”
নেতান্যাহুয়ে আৰু কয়, “মই আৰম্ভণিতে স্পষ্ট কৰিছিলো। আমাৰ সকলো পণবন্দীক ঘূৰাই নিদিয়ালৈকে আৰু আমাৰ সকলো লক্ষ্যত উপনীত নোহোৱালৈকে আমি জিৰণি নিদিওঁ।” তেওঁ লগতে কয় যে দৃঢ়তা, শক্তিশালী সামৰিক কাৰ্য্য আৰু আমাৰ মহান বন্ধু আৰু মিত্ৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অক্লান্ত প্ৰচেষ্টাৰ জৰিয়তে আমি এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হ’লোঁ।
With the approval of the first phase of the plan, all our hostages will be brought home. This is a diplomatic success and a national and moral victory for the State of Israel.
From the beginning, I made it clear: we will not rest until all our hostages return and all our goals…
— Benjamin Netanyahu – בנימין נתניהו (@netanyahu) October 8, 2025
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰি কয় যে, “মই ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁৰ নেতৃত্ব, তেওঁৰ অংশীদাৰিত্ব আৰু ইজৰাইলৰ নিৰাপত্তা আৰু আমাৰ পণবন্দীসকলৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাৰ বাবে ধন্যবাদ জনাইছো।” শেষত নেতান্যাহুয়ে লিখিছে, “ভগৱানে ইজৰাইলক আশীৰ্বাদ কৰক। ঈশ্বৰে আমেৰিকাক আশীৰ্বাদ কৰক। ঈশ্বৰে আমাৰ মহান মিত্ৰতাক আশীৰ্বাদ কৰক।”