Israel: গাজাত মৃতদেহৰ দ’ম! ইজৰাইলৰ আক্ৰমণত শিশু-মহিলাসহ ৩০ জনৰ মৃত্যু…

Israel: অব্যাহত আছে ইজৰাইল- গাজাৰ মাজত যুদ্ধ। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত আৰু বহু আশ্ৰয়হীন হৈছে। শেহতীয়াকৈ ইজৰাইলে গাজাত কৰা আক্ৰমণত শিশু, মহিলাসহ প্ৰায় ৩০ জনলোকৰ মৃত্যু হয়।

Israel: গাজাত মৃতদেহৰ দম! ইজৰাইলৰ আক্ৰমণত শিশু-মহিলাসহ ৩০ জনৰ মৃত্যু...

গাজা

Published: 

06 Nov 2024 09:45 AM

গাজা আৰু লেবাননৰ ওপৰত ইজৰাইলে এটাৰ পাছত আনটো আক্ৰমণ কৰি গৈছে। এবছৰৰো অধিককাল ধৰি চলি থকা যুদ্ধ এতিয়াও শাম কটাৰ নাম লোৱা নাই। ইয়াৰ মাজতে পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে দাবী কৰিছে যে শেহতীয়াকৈ গাজাত ইজৰাইলে বিধ্বংসী আক্ৰমণ চলাই, য’ত প্ৰায় ৩০ জনলোক নিহত হয়। নিহতসকলৰ ভিতৰত বেছিভাগেই মহিলা আৰু শিশু বুলি তেওঁলোকে জনায়। স্বাস্থ্য বিষয়াসকলে কয় যে, মঙলবাৰে ইজৰাইলে গাজা পট্টীত কৰা আক্ৰমণত ৪ শিশু, ২গৰাকী মহিলাসহ মুঠ ১০ জন লোকৰ মৃত্যু হয়। আনহাতে সোমবাৰে মাজ নিশা চলোৱা আক্ৰমণত বেত লহিয়া চহৰত কমেও ২০ জন লোকৰ মৃত্যু হয়।

এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত বহুলোক আহত হয় যাক পৰৱৰ্তী  সময়ত হাস্পাতালত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ৰ পৰিচালক হুছাম আবু ছাফিয়াই কয় যে সোমবাৰে ইজৰাইলে বেত লহিয়া চহৰৰ অট্টালিকাত আক্ৰমণ চলায়। এই ঠাইত বহুলোকে আশ্ৰয় লৈ আছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা মৃতকৰ তালিকাত ৮ গৰাকী মহিলা আৰু ৬ টাকৈ শিশু আছে।

এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ইজৰাইলে কোনো মন্তব্য প্ৰদান কৰা নাই। ইজৰাইলে প্ৰায় এমাহ ধৰি উত্তৰ গাজাক লক্ষ্য কৰি লৈছে আৰু বেত লহিয়া, বেত হুনান, চহৰী জাবলিয়া শৰণাৰ্থী শিবিৰত থকা শৰাণাৰ্থীসকলক স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিছে। পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাইছে যে এই ঠাইসমূহলৈ বিগত এমাহ ধৰি কোনো মানৱীয় সাহাৰ্য প্ৰদান কৰা হোৱা নাই।

উল্লেখ্য যে, হামাছে আক্ৰমণৰ কৰাৰ পাছতেই ইজৰাইলে গাজাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই ঘটনাৰ প্ৰায় এবছৰ পাৰ হ’ল, কিন্তু এতিয়াও যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই। ইজৰাইল- গাজাৰ যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে আৰু  বহু আশ্ৰয়হীন হৈছে। এতিয়াও  গাজাত হাজাৰ হাজাৰ লোক আশ্ৰয় শিবিৰত আছে।

ইজৰাইলৰ সমান্তৰালকৈ হামাছেও আক্ৰমণ অব্যাহত ৰাখিছে যদিও সবাতোকৈ ক্ষতি গাজাৰ হৈছে। গাজাৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে শিশু, মহিলাৰ বাবে থকা ঠাই, খোৱা খাদ্যৰ অভাৱ হৈছে। পুষ্টিহীনতাত ভুগি বহু শিশুৰ মৃত্য়ু হৈছে। ইয়াৰোপৰি বহু শিশুক ৰোগে আগুৰি ধৰিছে।

বিশ্বৰ বহু দেশে এই যুদ্ধ বন্ধ কৰাৰ আহ্বান জনাই আছে যদিও কোনো লাভ হোৱা নাই। ইতিমধ্যে ইজৰাইলে হামাছ, হিজাবুল্লাৰ বহু শীৰ্ষ নেতাক হত্যা কৰিছে। এই যুদ্ধত জঁপিয়াই পৰিছে ইৰাণো। হামাছ, হিজাবুল্লাৰ বিশ্বাস হৈ ইৰাণে ইজৰাইলৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলাইছে। মুঠতে ইজৰাইল- গাজা যুদ্ধই দিনক দিনে সংহাৰী ৰূপ লৈছে। মৰিশালীলৈ পৰিণত হোৱা গাজা হয়তো এদিন নোহোৱা হৈ যাব।

আপোনাৰ ফেটি লিভাৰ হৈছে নেকি ! এই সমস্যা হ'লে কি কি খাদ্য খাব লাগে ? জানক
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? জানক কোনবিধ ৰোগে দেখা দিব পাৰে
হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে অৰ্পন কৰক এই বস্তু!দূৰ হ'ব সকলো সমস্যা | 0ffer tulsi to Lord Hanuman astrology can tulsi leaves be offered to Bajrangbali
আপোনাৰো ছানবাৰ্ণ হয় নেকি? জানক ইয়াৰ কাৰণ আৰু ৰক্ষা পোৱাৰ উপায় | Why sunburn happen and its preventions know in Assamese