খাদ্য সংগ্ৰহৰ বাবে শাৰী পাতি আছিল জনতা! গাজাত ইজৰাইলৰ আক্ৰমণত পুনৰ ১৮ জনৰ মৃত্যু…

ইৰাণৰ লগত যুদ্ধবিৰতিৰ পাছতে পুনৰ গাজাত আক্ৰমণ চলাইছে ইজৰাইলে। শেহতীয়াকৈ গাজাত কৰা আক্ৰমণত প্ৰায় ১৮ জন লোক নিহত হয়। ঘটনাৰ সময়ত লোকসকলে খাদ্য সংগ্ৰহ কৰি আছিল।

খাদ্য সংগ্ৰহৰ বাবে শাৰী পাতি আছিল জনতা! গাজাত ইজৰাইলৰ আক্ৰমণত পুনৰ ১৮ জনৰ মৃত্যু...

ইজৰাইল-গাজা

Published: 

27 Jun 2025 12:42 PM

ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতে ইজৰাইলে এতিয়া পুনৰ গাজাক লক্ষ্য কৰি লৈছে।  ইৰাণৰ সৈতে যুদ্ধ বিৰতিৰ পাছতে এতিয়া গাজাত ত্ৰাসৰ পৰিৱেশে বিৰাজ কৰিছে। গাজাৰ ওপৰত ইজৰাইলে অহৰহ আক্ৰমণ চলাই গৈছে। শেহতীয়াকৈ বৃহস্পতিবাৰে ইজৰাইলে গাজাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে, য’ত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়।

আক্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰি গাজাৰ এখন চিকিৎসালয়ৰ বিষয়াসকলে কয় যে, বৃহস্পতিবাৰে ইজৰাইলে মধ্য গাজাত আক্ৰমণ কৰে, য’ত ১৮ জন লোকে প্ৰাণ হেৰুৱায়। আক্ৰমণৰ পিছত অঞ্চলটোত বিশৃংখলতাৰ সৃষ্টি হয় আৰু মানুহে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ ইফালৰ পৰা সিফালে দৌৰিবলৈ আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে,  সেই সময়ত লোকসকলে পেলেষ্টাইন আৰক্ষীৰ পৰা আটাৰ বস্তা সংগ্ৰহ কৰিছিল। এই আটাৰ বস্তাসমূহ সাহাৰ্য সামগ্ৰী লুণ্ঠনকাৰী দলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল।

প্ৰায় ডেৰ-দুমাহ ধৰি গাজালৈ সাহাৰ্য সামগ্ৰী প্ৰেৰণ বন্ধ কৰাৰ পাছত ইজৰাইলে মে’ মাহৰ মাজভাগৰ পৰা সামান্য পৰিমাণৰ যোগান প্ৰেৰণৰ অনুমতি দিছিল। ইয়াৰোপৰি অস্ত্ৰধাৰী দুৰ্বৃত্তই সাহাৰ্য সামগ্ৰীৰ ট্ৰাকত লুটপাত চলাইছিল, যাৰ ফলত ৰাষ্ট্ৰসংঘৰ খাদ্য বিতৰণত বাধাৰ সৃষ্টি হৈছিল।

গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি গাজা আৰু ইজৰাইলৰ এই যুদ্ধত এতিয়ালৈকে ৫০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু, লগতে আহত হৈছে ১ লাখতকৈ অধিক লোক। ইয়াৰ বিপৰীতে ইজৰাইলে দাবী কৰিছে যে ইজৰাইলে হাজাৰ হাজাৰ সন্ত্ৰাসবাদীক হত্যা কৰিছে।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত গাজাই দক্ষিণ ইজৰাইলত আক্ৰমণ কৰিছিল।হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলত আক্ৰমণ কৰি প্ৰায় ১২০০ লোকক হত্যা কৰাৰ লগতে ২৫১ জন লোকক পণবন্দী কৰি লৈ যায়। তাৰ পাছতে ইজৰাইলে হামাছক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰত্যাক্ৰমণ কৰে, আনহতে বন্দী কৰে বহু পেলেষ্টাইনীক। বছৰ বছৰ ধৰি গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত আছে। ইয়াৰ মাজতে দুই দেশে চুক্তি অনুসৰি পণবন্দী বিনিময় কৰে। কিন্তু তাৰ পাছতো বহু পণবন্দীৰ মৃত্যু হৈছে।

যোৱা কেইটামান দিনত ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ বন্ধ কৰিছিল। ইয়াৰ বিপৰীতে আক্ৰমণ আৰম্ভ কৰিছিল ইৰাণৰ ওপৰত। কিন্তু ইৰাণৰ সৈতে যুদ্ধ বিৰতি হোৱাৰ পাছতে এতিয়া পুনৰ দেশখনে গাজাক লক্ষ্য কৰি লৈছে। গাজাৰ পৰিস্থিতি দিনক দিনে ভয়াবহ হৈ পৰিছে। গাজাৰ লাখ লাখ লোক গৃহহীন হৈ পৰাৰ লগতে, লাখ লাখ মানুহে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ  অভাৱত ভুগিছে।

 

অন্য খবৰ পঢ়কঃ কোনে ধ্বংস কৰিলে ইৰাণৰ পাৰমাণৱিক ঘাটি? আমেৰিকা-ইজৰাইলৰ কথাত নাই কোনো মিল…

খাদ্য খোৱাৰ সময়ত পানী খালে শৰীৰত কি প্ৰভাৱ পৰে? উপকাৰিতা আৰু অপকাৰিতা জানক...
পুৰুষৰ স্তন বৃদ্ধিৰ আঁৰত থাকিব পাৰে বিপদ! বিশেষজ্ঞ চিকিৎসকে দিছে চিন্তাৰ সম্ভেদ
২০২৫ চনত বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকাৰ শীৰ্ষ দহত কোন কোন? কিমানসংখ্যক স্থানত আছে ভাৰত?
ধূমপান ত্যাগ কৰাৰ সৰ্বোত্তম উপায়, হঠাতে এই অভ্যাস ত্যাগ কৰিলে পৰিব পাৰে বিপদত