পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, গাড়ীত গৈ থকা অৱস্থাত কেইবাজনৰ মৃত্যু

প্ৰায় প্ৰতিদিনেই গাজাৰ ওপৰত আক্ৰমণ চলাই সম্পূৰ্ণৰূপে শেষ কৰি দিয়াৰ চেষ্টা চলাইছে ইজৰাইলে।  এই ভয়ংকৰ আক্ৰমণৰ ফলত এক প্ৰকাৰ মৃত্যুৰ সৈতে যুঁজি যুঁজি জীয়াই আছে যুদ্ধগ্ৰস্ত চহৰৰ হাজাৰ হাজাৰ জনতা। 

পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, গাড়ীত গৈ থকা অৱস্থাত কেইবাজনৰ মৃত্যু

গাজা-ইজৰাইল

Updated On: 

01 Dec 2024 12:37 PM

ইজৰাইল আৰু গাজাৰ মাজত চলি থকা যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই। প্ৰায় প্ৰতিদিনে ইজৰাইলে গাজাৰ ওপৰত এটাৰ পাছত আনটো আক্ৰমণ কৰি গৈছে। শনিবাৰে পুনৰ গাজাৰ ওপৰত ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাই য’ত প্ৰায় ৫ জনলোকৰ মৃত্যু হয় আৰু কেইবাজনো আহত হয়। পেলেষ্টাইনী স্বাস্থ্য বিভাগে জনোৱা মতে, ইজৰাইলে নিক্ষপ কৰা ৰকেট এখন চাৰিচকীয়া বাহনত পৰে,যাৰ ফলত ৱৰ্ল্ড চেন্ট্ৰেল কিচেন চেৰিটৰ ৩জন কৰ্মচাৰীৰ সহিতে ৫ জনলোকৰ মৃত্য হয় লগতে আহত হয় কেইবাজনো।

ৱৰ্ল্ড চেন্ট্ৰেল কিচেন চেৰিটিৰ কৰ্মচাৰীসকলে গাজাৰ যুদ্ধবিধ্বস্ত অঞ্চলত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰাৰ কাম কৰিছিল কিন্তু চলিত বৰ্ষৰ প্ৰথম ভাগত ইজৰাইলৰ আক্ৰমণক এই সংস্থাটোৰ ৭জন কৰ্মচাৰীৰ মৃত্যু হৈছিল। যাৰ পাছত তেওঁলোকে সাহায্যৰ কাম সাময়িকভাৱে বন্ধ কৰি দিছিল। অৱশ্যে এই সন্দৰ্ভত সংস্থাটোৰ লগত যোগাযোগ কৰিব পৰা হোৱা নাই বা তেওঁলোকেও ছ’চিয়েল মিডিয়াত কোনো তথ্য প্ৰকাশ কৰি স্পষ্টীকৰণ দিয়া নাই।  ইয়াৰ বিপৰীতে ইজৰাইলৰ সেনাই জনাইছে যে  ইজৰাইল আক্ৰমণৰ লগত জড়িত থকা সন্ত্ৰাসবাদীক তেওঁলোকে হত্যা কৰিছে।

ঘটনাৰ পাছত ইজৰাইলী সেনাই এক বিবৃতিৰ জৰিয়তে জনাই যে হামাছৰ সন্ত্ৰাসবাদীয়ে ৱৰ্ল্ড চেন্ট্ৰেল কিচেন চেৰিটিৰ সৈতে কাম কৰিছিল। এয়া কেনেকৈ হবলৈ পালে এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ আন্তঃৰাষ্ট্ৰীয় সমাজৰ জ্যেষ্ঠ বিষয়া আৰু ডব্লিউ চি কে প্ৰশাসনক আহ্বান জনাই ইজৰাইলে। ইয়াৰ পূৰ্বে ইজৰাইলে কৈছিল যে, তেওঁলোকৰ যুদ্ধ বিমানে লেবাননৰ লগতে ছিৰিয়াৰ সীমান্তত হিজবুল্লাহৰ অস্ত্ৰ সৰবৰাহৰ স্থানত আক্ৰমণ চলাইছিল।

উল্লেখ্য যে, এবছৰতকৈ অধিক কাল ধৰি এই যুদ্ধ চলি আছে। ইজৰাইল, গাজা, লেবাননৰ যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃ্ত্যু হোৱাৰ লগতে বহু লোক আহত হয়। ইয়াৰ উপৰি স্থানচ্যুত হৈছে বহুলোক আৰু এতিয়াও হাজাৰ হাজাৰলোকে আশ্ৰয় লৈছে আছে বিভিন্ন শিবিৰত। এবছৰ ধৰি চলি থকা এই যুদ্ধত সবাতোকৈ বেছি প্ৰভাৱগ্ৰস্ত হৈছে গাজা। খবৰ অনুসৰি গাজাৰ শিশু, মহিলা আদি খাদ্য, পানী, চিকিৎসা আদি বিভিন্ন প্ৰয়োজনীয়া সামগ্ৰীৰ অভাৱত ভুগি আছে। পুষ্টিহীনতাত ভুগিছে শিশু।

চলি থকা যুদ্ধৰ মাজতে ইজৰাইলে হিজাবুল্লাহৰ লগত যুদ্ধ বিৰতি চুক্তি ঘোষণা কৰিছে যদিও গাজাৰ ওপৰত আক্ৰমণ ৰোধ কৰা নাই।  প্ৰায় প্ৰতিদিনেই গাজাৰ ওপৰত আক্ৰমণ চলাই সম্পূৰ্ণৰূপে শেষ কৰি দিয়াৰ চেষ্টা চলাইছে ইজৰাইলে।  এই ভয়ংকৰ আক্ৰমণৰ ফলত এক প্ৰকাৰ মৃত্যুৰ সৈতে যুঁজি যুঁজি জীয়াই আছে যুদ্ধগ্ৰস্ত চহৰৰ হাজাৰ হাজাৰ জনতা।

 

১০০ বছৰ পাছত পিতৃপক্ষ আৰু চন্দ্ৰগ্ৰহণৰ সংযোগ! এই ৰাশিৰ বাবে শুভ...
অত্যধিক বগা স্ৰাৱ হয় নেকি? আঁৰৰ কাৰণ জানি হ'ব আচৰিত!
শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে কেনেকৈ জানিব ? ইয়াৰ ৬ টা লক্ষণ জানক
স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাব লাগে? জানক...