ইজৰাইল-হিজাবুল্লাহৰ যুদ্ধ বিৰতিঃ কি চৰ্ত বান্ধি দিলে বেঞ্জামিন নেতানিয়াহুয়ে…

Israel and hezabollah ceasefire deal: ১ বছৰতকৈ অধিক দিন ধৰি চলা যুদ্ধৰ অন্তত যুদ্ধ বিৰতি ঘোষণা কৰিলে ইজৰাইলে। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰলোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত আৰু বহু গৃহহীন হৈ পৰিছে। কেইবাটাও চৰ্ত সাপক্ষে যুদ্ধ বিৰতি ঘোষণা কৰে ইজৰাইলে।

ইজৰাইল-হিজাবুল্লাহৰ যুদ্ধ বিৰতিঃ কি চৰ্ত বান্ধি দিলে বেঞ্জামিন নেতানিয়াহুয়ে...

ইজৰাইল- হিজাবুল্লাহ যুদ্ধবিৰতি

Published: 

27 Nov 2024 09:56 AM

দীৰ্ঘদিন ধৰি চলা যুদ্ধৰ অন্তত ইজৰাইল- হিজাবুল্লাহক লৈ আহিছে এক ডাঙৰ খবৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মঙলবাৰে হিজাবুল্লাহৰ সৈতে ৬০ দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰে। ইয়াৰ লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কি চৰ্তত এই চুক্তি কৰিছে আৰু কি পৰিস্থিতিত ইজৰাইলে পুনৰ লেবাননত আক্ৰমণ কৰিব পাৰে এই সম্পৰ্কেও উল্লেখ কৰে। নেতানিয়াহুৱে কয় যে, ইজৰাইল লেবাননৰ সৈতে চুক্তি কৰিবলৈ সাজু আছে। কিন্তু হিজাবুল্লাহে যদি চুক্তিৰ কোনো চৰ্ত ভংগ কৰে তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।

নেতানিয়াহুৱে কয় যে এই যুদ্ধ বিৰতি কিমান দিনলৈ চলিব সেয়া লেবাননৰ ওপৰত নিৰ্ভৰ কৰিব। যদি হিজাবুল্লাহে যুদ্ধ বিৰতিৰ চুক্তি উলংঘা কৰে তেন্তে ইজৰাইলেও আক্ৰমণ কৰিব। লগতে কয়, যদি সীমান্তৰ ওচৰত হিজাবুল্লাহে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰে তেন্তে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব। হিজাবুল্লাহে ৰকেট নিক্ষেপ কৰিলে ইজৰাইলেও কৰিব। গতিকে চুক্তিৰ উলংঘা কৰিলে প্ৰত্যুত্তৰ দিয়া হ’ব ।

কাৰণ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধ বিৰতিৰ ৩ টা কাৰণ উল্লেখ কৰে

  1. ইৰাণৰ ওপৰত গুৰুত্ব
  2. সেনাবাহিনীক জিৰণি দিবলৈ আৰু ক্ষয়প্ৰাপ্ত অস্ত্ৰ-শস্ত্ৰ পুনৰ উদ্ধাৰ কৰিবলৈ
  3. তৃতীয়টো আৰু গুৰুত্বপূৰ্ণ কাৰণ হল হামাছ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে,ইৰাণ আৰু হিজাবুল্লাহৰ যুদ্ধত হামাছে সহায় কৰি আছে। গতিকে যুদ্ধ বিৰতিৰ পাছত হামাছ অকলশৰীয়া হৈ পৰিব।

হিজবুল্লাহৰ সন্দৰ্ভত নেতানিয়াহুৱে কয় যে হামাছক সমৰ্থন কৰা আৰু ইজৰাইলে সমৰ্থন কৰা হিজাবুল্লাহ এতিয়া যথেষ্ঠ দুৰ্বল হৈ পৰিছে। এই যুদ্ধৰ বাবে হিজাবুল্লাহ বহু বছৰ পিছুৱাই গ’ল। আমি ইয়াৰ শীৰ্ষ নেতাসকলক শেষ কৰি পেলাইছে। আমি তেওঁলোকৰ ৰকেট, মিছাইল আজি সকলো ধ্বংস কৰিছো। ইমানেই নহয়, আমি লেবাননকো লক্ষ্য কৰি লৈছিলো। মূলতঃ বেৰুটত বিধ্বংসী আক্ৰমণ চলাইছো।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, লক্ষ্যত উপনীত নোহোৱালৈ যুদ্ধ অব্যাহত থাকিব। যেতিয়ালৈকে উত্তৰ ইজৰাইলৰ সকলো লোকক নিৰাপদে দেশলৈ ঘূৰাই অনা নহয়, তেতিয়ালৈকে এই যুদ্ধ চলিব। গাজাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, আমি হামাছৰ ২০ হাজাৰতকৈ অধিক সন্ত্ৰাসবাদী ধ্বংস কৰিছো। গাজাৰ পৰা ১৫৪ জন বন্দীক দেশলৈ ঘূৰাই অনা হৈছে যদিও তাত এতিয়াও ১০১ জন বন্দী আছে। এই সকলোকে আমি নিৰাপদে দেশলৈ ঘূৰাই আনিম।

যোৱা এবছৰতকৈ অধিককাল ধৰি চলা ইজৰাইল- হিজাবুল্লাহৰ যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত আৰু বহু স্থানচ্যুত হৈছে। লেবাননৰ মতে, এই যুদ্ধত কমেও ৩৭৬৮ জন লোকৰ মৃত্যু হৈছে।আনহাতে ইজৰাইলে কয় যে এতিয়ালৈকে হিজবুল্লাহৰ আক্ৰমণত ৮২ জন সৈনিক আৰু ৪৭ জন সাধাৰণ নাগৰিক নিহত হৈছে।

 

 

সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor
গৰমৰ দিনত এই পদ্ধতিৰে কৰক আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল!