পুনৰ লেবাননত ওপৰত ইজৰাইলৰ আক্ৰমণ, বৰ্তমানলৈ মৃত্যুৰ সংখ্যা ৩৭০০ ৰো অধিক

ইজৰাইলে দাবী কৰি আনুসৰি তেওঁলোকে হিজবুল্লাহৰ ২০০০ৰো অধিক সদস্যক হত্যা কৰিছে। আনহাতে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, যুদ্ধৰ বাবে ১২ লাখ লোক গৃহহীন হৈ পৰিছে। এই লোকসকলে বিভিন্ন নিৰাপদ স্থানত আশ্ৰয় লৈ আছে যদিও যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে।

পুনৰ লেবাননত ওপৰত ইজৰাইলৰ আক্ৰমণ, বৰ্তমানলৈ মৃত্যুৰ সংখ্যা ৩৭০০ ৰো অধিক

লেবানন

Published: 

26 Nov 2024 07:57 AM

ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত সোমবাৰে পুনৰ কঁপি উঠিল লেবানন। কালি লেবাননৰ কেইবাটাও স্থানত ইজৰাইলী সেনাই চলোৱা বিমান আক্ৰমমৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু হয়। ইজৰাইলৰ আক্ৰমণে বেৰুটৰ বাণিজ্যিক আৰু আৱাসিক অট্টালিকাৰ লগতে বন্দৰ চহৰ টাইৰতো প্ৰভাৱিত কৰে। সামৰিক বিষয়াসকলে কয় যে তেওঁলোকে হিজবুল্লাহৰ দুৰ্গ বুলি ধাৰণা কৰা অঞ্চলসমূহক লক্ষ্য কৰি লৈছে। ইয়াৰ পূৰ্বে তেওঁলোকে বেৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চল খালী কৰাৰ নিৰ্দেশ জাৰি কৰে।  ইয়াৰ বিপৰীতে ইজৰাইলৰ নেতাসকলে হিজবুল্লাহ সন্ত্ৰাসবাদী গোটৰ সৈতে আলোচনাৰ জৰিয়তে যুদ্ধবিৰতিৰ পিনে গতি কৰাৰ এই ইংগিত প্ৰদান কৰিছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ নিৰাপত্তা মন্ত্ৰীসভাই এটা প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিবলৈ সাজু হোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। বিমান আক্ৰমণত কমেও ১২ জন লোক নিহত হয় আৰু আহত হয় বহুতো। ইজৰাইলৰ বিমান আক্ৰমণে বেৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চল ধ্বংস কৰি পেলায়।

বিস্ফোৰণৰ ফলত অট্টালিকাসমূহৰ যথেষ্ঠ ক্ষতিসাধন হয়। এই অঞ্চলৰ পৰা বাসিন্দাসকলে পূৰ্বতে অন্য নিৰাপদ ঠাইলৈ গতি কৰাৰ বাবে কোনোলোক আহত হোৱা  নাই। ইয়াৰে কিছুমান আক্ৰমণ সংঘটিত হয় মধ্য বেৰুটৰ ওচৰত, খ্ৰীষ্টান অধ্যুষিত এলেকাৰ ওচৰত, টাইৰ আৰু নাবাটিহ প্ৰদেশকে ধৰি বিভিন্ন অঞ্চলত। ইয়াৰ পূৰ্বে এই ঠাইসমূহ পৰা লোকসকলক স্থানান্তৰিত হবলৈ নিৰ্দেশ জাৰি কৰিছিল।

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে জনোৱা মতে, টায়াৰ প্ৰদেশত সংঘটিত আক্ৰমণত কমেও ১২ জন লোক নিহত হয়।  ইজৰাইলে দুমাহ পূৰ্বৰ পৰা লেবাননত ইজৰাইলে আক্ৰমণ সংঘটিত কৰা আৰম্ভ কৰিছিল আৰু বৰ্তমানলৈ লেবাননত মৃত্যুৰ সংখ্যা ৩৭০০ ৰো অধিক হয় বুলি জানিব পৰা গৈছে। ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পাছত বহু হাজাৰলোকৰ মৃত্যু হৈছে। একাংশ সাধাৰণ নাগৰিকে কয় যে, মৃতদেহসমূহৰ অৱস্থা ইমানেই বেয়া যে সেইসমূহ চিনাক্ত কৰিবলৈ ডি এন এ পৰীক্ষা কৰিব লাগিব।

ইজৰাইলে দাবী কৰি আনুসৰি তেওঁলোকে হিজবুল্লাহৰ ২০০০ৰো অধিক সদস্যক হত্যা কৰিছে। আনহাতে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, যুদ্ধৰ বাবে ১২ লাখ লোক গৃহহীন হৈ পৰিছে। এই লোকসকলে বিভিন্ন নিৰাপদ স্থানত আশ্ৰয় লৈ আছে যদিও যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে।

অৱশ্যে এই সকলোবোৰৰ মাজতে হিজাবুল্লাহ আৰু ইজৰাইলৰ মাজত যুদ্ধ বিৰতি চুক্তি হোৱাৰ সম্ভাৱনা আছে। এই চুক্তিৰ পাছত দক্ষিণ লেবাননৰ পৰা ইজৰাইলৰ সৈন্য প্ৰত্যাহাৰ আৰু ইজৰাইলৰ ভূখণ্ডৰ পৰা হিজবুল্লাহৰ যোদ্ধা বিমান প্ৰত্যাহাৰ কৰা হ’ব।  ইজৰাইলী সেনাই কয় যে, নেতানিয়াহুৰ নিৰাপত্তা মন্ত্ৰীসভাই মঙলবাৰৰ বৈঠকৰ দিন ধাৰ্য কৰিছে যদিও  মন্ত্ৰীসভাই এই চুক্তিত অনুমোদন দিবলৈ ভোট দিব নে নিদিয়ে সেয়া স্পষ্ট নহয়। গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব ইজৰাইল- হিজাবুল্লাহৰ যুদ্ধ বিৰতি চুক্তি কিমান দূৰলৈ আগবাঢ়ে।

সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor
গৰমৰ দিনত এই পদ্ধতিৰে কৰক আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল!