পাকিস্তানৰ পাৰমাণৱিক শক্তি, ছৌদিৰ ধন,তুৰ্কীৰ অস্ত্ৰ! চুন্নীক লৈ ইছলামিক নাটো গঠনৰ সপোন…

এক হোৱাৰ দিশে পাকিস্তান, ছৌদি আৰৱ আৰু তুৰ্কী! শীঘ্ৰেই গঠন হ'ব পাৰে ইছলামিক নাটো! ইতিমধ্যে ইয়াক লৈ এতিয়া চলি আছে চিন্তা-চৰ্চা। এই দেশসমূহে এতিয়া চুন্নীৰ সহায়ত ইছলামিক নাটো গঠন কৰাৰ সপোন দেখিছে।

পাকিস্তানৰ পাৰমাণৱিক শক্তি, ছৌদিৰ ধন,তুৰ্কীৰ অস্ত্ৰ! চুন্নীক লৈ ইছলামিক নাটো গঠনৰ সপোন…

তুৰ্কী-পাকিস্তান-ছৌদি

Updated On: 

19 Jan 2026 | 01:01 PM

নতুন কিবা পৰিকল্পনা কৰি আছে নেকি ইছলামিক ৰাষ্ট্ৰসমূহে। নাটোৰ দৰে গঠন হ’ব নেকি ইছলামিক নাটো?  সমগ্ৰ বিশ্বত এতিয়া এই বিষয়টোক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছে। একাংশই দাবী কৰিছে, ছৌদিয়ে ধন দিব, পাকিস্তানে পাৰমাণিৱ অস্ত্ৰ আৰু তুৰস্কই আনিব অস্ত্ৰ। ইয়াৰ লগে লগে ইছলামিক ৰাষ্ট্ৰৰ চিন্তাধাৰাৰ শক্তি বৃদ্ধি পাব। পিছে মধ্যপ্ৰাচ্যৰ বুকুত মধ্যযুগীয় চিন্তাধাৰাৰ কাৰণ কি? কি কাৰণে ধৰ্মৰ ওপৰত ভিত্তি কৰি প্ৰতিৰক্ষা গোটৰ চিন্তা কৰা হৈছে?

অৱশ্যে এয়া এদিনতে চলা চৰ্চা নহয়। যোৱা ছেপ্টেম্বৰ মাহৰ পৰা এই বিষয়টোৰ লগত জড়িত কিছুমান দিশে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। যোৱা বছৰত পাকিস্তানে ছৌদি আৰৱৰ সৈতে এখন প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছিল। য’ত স্পষ্টকৈ কোৱা হৈছিল যে তেওঁলোকৰ যদি কোনো এখন দেশক অন্য কোনো দেশে আক্ৰমণ কৰে তেন্তে প্ৰতিৰক্ষা চুক্তিৰ আন সদস্যসকলেও এই যুদ্ধত জঁপিয়াই পৰিব। এই চুক্তিৰ চৰ্তসমূহ নাটোৰ দৰে একেই বুলি ক’ব পাৰি। নাটোৰ চুক্তি মতে, এখন দেশক কোনোৱে আক্ৰমণ কৰিলে আন সদস্য দেশসমূহে সহায় কৰিব।

প্ৰশ্ন হয়, পাকিস্তান আৰু ছৌদিৰ এই চুক্তিত সংযক্ত হ’ব নেকি তুৰ্কী? ইতিমধ্যে এই সন্দৰ্ভতো আলোচনা আৰম্ভ হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, নাটোৰ সদস্য ৰাষ্ট্ৰ তুৰ্কী। আমেৰিকাৰ পিছত নাটো বাহিনীত দেশখনৰ সামৰিক শক্তি অধিক। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি তুৰ্কী নাটোৰ সদস্য হৈয়ে থাকিব। কিন্তু তাৰ পাছতো দেশখনে পাকিস্তান আৰু চৌদি আৰৱৰ অংশীদাৰ হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত এতিয়াও তিনি দেশৰ মাজত আলোচনা চলি আছে। যদি পাকিস্তান আৰু ছৌদিৰ সৈতে তুৰ্কী সংযুক্ত হয় তেন্তে ইছলামিক নাটো গঠনৰ এয়া এক আৰম্ভণি বুলি ক’ব পাৰি।

সূত্ৰ অনুসৰি জানিব পৰা মতে, ইছলামিক দিশটোৰ ওপৰত লক্ষ্য ৰাখি তুৰ্কীয়ে এই সামৰিক গোট গঠন কৰিব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে, মুছলমান লোকৰ ৯০ শতাংশই চুন্নী সম্প্ৰদায়ৰ। আনহাতে ছিয়া মুছলমান সম্পূৰ্ণ সংখ্যালঘু। মধ্যপ্ৰাচ্যৰ বেছিভাগ দেশেই ইছলামিক, তথাপিও কিন্তু ছিয়া আৰু চুন্নী দিশটোৱে বিভাজন লৈ আনে। সেয়ে তুৰ্কীয়ে ছিয়া সংখ্যাগৰিষ্ঠ ইৰাণ, ইৰাক, আজাৰবাইজান আৰু বাহৰেইনক নিৰ্মূল কৰি চুন্নীৰ সহায়ত ইছলামিক নাটো গঠন কৰাৰ সপোন দেখিছে।

 

অন্য খবৰ পঢ়কঃ ইৰাণ সংকটৰ মাজতে ভাৰতলৈ আহিব UAE ৰ ৰাষ্ট্ৰপতি, বিভিন্ন দিশৰ ওপৰত হ’ব আলোচনা…

আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মৃত্যুৰ কিমান দিন পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে? জানক...
কেৱল সোৱাদ-সুগন্ধই নহয়, তেজপাতৰ এনে চমৎকাৰী গুণৰ বিষয়ে হয়তো আপুনিও অজ্ঞাত!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি