অশান্তিৰ মাজতে সলনি হ’ব পাৰে পাকিস্তানৰ সেনা প্ৰধান ! চৰ্চাত থকা কোন এইজন শ্বামছাদ মিৰ্জা?

অসীম মুনিৰ ঠাইত হয়তো চাহিৰ শ্বামছাদ মিৰ্জাক(Sahir Shamshad Mirza) পাকিস্তানৰ সেনা প্ৰধানৰ দায়িত্ব দিয়া হ’ব পাৰে ! চৰ্চাত থকা এইগৰাকী শ্বামছাদ মিৰ্জা প্ৰকৃততে কোন ? যুদ্ধৰ পৰিস্থিতিৰ মাজত পাকিস্তান চৰকাৰে কিয় তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে ?

অশান্তিৰ মাজতে সলনি হব পাৰে পাকিস্তানৰ সেনা প্ৰধান ! চৰ্চাত থকা কোন এইজন শ্বামছাদ মিৰ্জা?

চাহিৰ শ্বামছাদ মিৰ্জা

Updated On: 

10 May 2025 | 03:53 PM

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে বৃদ্ধি পাইছে ভাৰত-পাকিস্তানৰ মাজত সামৰিক উত্তেজনা । পহলগাম আক্ৰমণৰ পাছতে পাকিস্তানস্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰে ‘অপাৰেচন সেন্দূৰ’ । এই অপাৰেচনৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা বহু কেইটা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতে । ইফালে পাকিস্তানেও ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । একে সময়তে LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত অবিৰতভাৱে পাকিস্তানৰ দিশৰ পৰা যুদ্ধ বিৰতি উলংঘা কৰা অভিযোগ উত্থাপন হৈছে ।

উল্লেখ কৰিব লাগিব যে, ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ পাছতে পাকিস্তানৰ ওপৰত বৃদ্ধি পাইছে চাপ । কেৱল সেয়াই নহয়, যুদ্ধৰ মাজতে পাকিস্তান সেনাবাহিনীত ‘বিদ্ৰোহ’ৰ খবৰ পোহৰলৈ আহিছে। বাতৰি অনুসৰি, পাকিস্তান সেনা প্ৰধান অসীম মুনিৰক অপসাৰণ কৰা হ’ব পাৰে।

অসীম মুনিৰ বিৰুদ্ধে ব্যক্তিগত স্বাৰ্থ ৰক্ষাৰ অভিযোগ উত্থাপন হৈছে। সূত্ৰ অনুসৰি, তেওঁৰ ঠাইত হয়তো চাহিৰ শ্বামছাদ মিৰ্জাক(Sahir Shamshad Mirza) পাকিস্তানৰ সেনা প্ৰধানৰ দায়িত্ব দিয়া হ’ব পাৰে। চৰ্চাত থকা এইগৰাকী শ্বামছাদ মিৰ্জা প্ৰকৃততে কোন ? যুদ্ধৰ পৰিস্থিতিৰ মাজত পাকিস্তান চৰকাৰে কিয় তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে ?

কোৱা হৈছে যে, ছাহিৰ শ্বামছাদ মিৰ্জা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অতি ঘনিষ্ঠ। তেওঁ জইণ্ট চিফ্‌ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্বে তেওঁ পাকিস্তান সেনাৰ দায়িত্ব ল’ব পাৰে বুলি বহুদিন ধৰি চৰ্চা চলিছিল। কিন্তু সেয়া নহ’ল। ইয়াৰ বিপৰীতে অসীম মুনীক সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হয়। আনহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ এই সেনা বিষয়াগৰাকীয়ে সামৰিক অভিযানৰ সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

পাকিস্তানৰ ভূমিপুত্ৰ শ্বামছাদ মিৰ্জা। খবৰ অনুসৰি,তেওঁ সৰুতেই পিতৃ-মাতৃক হেৰুৱাইছে। মিৰ্জাই দীৰ্ঘদিন সিন্ধ ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল। শ্বাহবাজৰ লগত তেওঁৰ সম্পৰ্ক বেলেগ। প্ৰশ্ন হয়, যদি শ্বামছাদ মিৰ্জাক পাকিস্তানৰ সেনা প্ৰধানৰ দায়িত্ব দিয়া হয়, তেন্তে তেওঁ ইছলামবাদক ভাৰতৰ আক্ৰমণৰ পৰা বচাব পাৰিবনে?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...