ইৰানৰ বৰ্বৰতা! কাটি পেলোৱা হ’ব ৩ কয়দীৰ হাতৰ ৪ টাকৈ আঙুলি, কাৰণ…

আইনৰ নাম কি মানুহৰ প্ৰতি কিমান নৃশংস হ'ব পাৰে এখন দেশ? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য'ত ৩ অভিযুক্তৰ আঙুলি কাটি দিয়াৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে।

ইৰানৰ বৰ্বৰতা! কাটি পেলোৱা হব ৩ কয়দীৰ হাতৰ ৪ টাকৈ আঙুলি, কাৰণ...

খামনেই

Updated On: 

08 Apr 2025 14:14 PM

বিশ্বত এনে কিছুমান দেশ আছে যি তেওঁলোকৰ কিছুমান আজৱ, অমানৱীয় নিয়মৰ বাবে বিখ্যাত। তেনে এখন দেশ ইৰান। শেহতীয়াকৈ পুনৰ এবাৰ ইৰান বিশ্ব সমালোচনাৰ সন্মুখীন হৈছে। ইৰাণৰ নিষ্ঠুৰ আৰু অমানৱীয় আইনক কঠোৰ সমালোচনা কৰিছে বিশ্বই। আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা এমনেষ্টী ইণ্টাৰনেশ্যনেলে জনোৱা অনুসৰি ,ইৰাণ প্ৰশাসনে ১১ এপ্ৰিলৰ ভিতৰত ৩ গৰাকীকৈ কয়দীৰ আঙুলি কটাৰ প্ৰস্তুতি চলাইছে। ২০১৯ চনত ডকাইতিৰ গোচৰ এটাত গ্ৰেপ্তাৰ হোৱা এই কয়দীসকল উৰমিয়া চেন্ট্ৰল জেলত আৱদ্ধ হৈ আছে।

এই ৩ কয়দীৰ নাম হাদী ৰষ্টমী, মেহদি শৰাফিয়ান আৰু মেহদি শ্বাহিৱন্দ। জানিব পৰা মতে, যোৱা মাৰ্চ মাহত ইৰাণ প্ৰশাসনে প্ৰকাশ কৰিছিল যে, ‘অংগ কটা শাস্তি’ সোনকালে সম্পূৰ্ণ হ’ব। এমনেষ্টী ইণ্টাৰনেশ্যনেলে এই সিদ্ধান্তৰ সমালোচনা কৰি কয় যে, ইৰান প্ৰশাসনৰ এই সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধ।  এয়া এক প্ৰত্যক্ষ নিৰ্যাতন আৰু মানৱ মৰ্যাদাৰ ওপৰত আক্ৰমণ।

উল্লেখ কৰা প্ৰয়োজন যে,ইৰানত এনে শাস্তি প্ৰথমবাৰৰ বাবে দিয়া হোৱা নাই। ২০২৪ চনৰ অক্টোবৰ মাহত একেখন কাৰাগাৰতে গিলোটিনৰ দৰে যন্ত্ৰৰে দুজন ভাতৃৰ আঙুলি কাটি পেলোৱা হৈছিল। পুনৰ এবাৰ একেই শাস্তি দিবলৈ সাজু হৈছে ইৰান।  এতিয়া শাস্তি দিবলৈ ওলোৱা ৩ অভিযুক্তই তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ খণ্ডন কৰিছে, লগতে কৈছে যে ভয়-ভাবুকিৰে তেওঁলোকৰ স্বীকাৰোক্তি লোৱা হৈছে।

অভিযোগ অনুসৰি, তেওঁলোকক মাৰপিট কৰা হৈছে লগতে চাবুক আৰু শৰীৰ ওলোটা কৰি শাস্তি প্ৰদান কৰা হৈছে। হাদী ৰোস্তোমীয়ে তেওঁৰ হাত ভাঙি যোৱা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে মেহদী শ্বাহিৱন্দে কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক ধৰ্ষণৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে।

ইৰানৰ আইন

ইৰানৰ আইন অনুসৰি কিছুমান বিশেষ ধৰণৰ চুৰিৰ ক্ষেত্ৰত অপৰাধীৰ সোঁহাতৰ চাৰিটা আঙুলি কাটি পেলোৱা হয়। নিয়ম অনুসৰি আঙুলি কেইটা এনেকৈ কটা হয় যে মাত্ৰ বুঢ়া আঙুলি আৰু হাতৰ তলুৱা বাকী থাকিব লাগে। ই আইনখনে আন্তঃৰাষ্ট্ৰীয় নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ চুক্তিৰ ৭ নং অনুচ্ছেদ উলংঘা কৰে, যাৰ অধীনত ইৰানে প্ৰতিশ্ৰুতি দিছিল যে কাকো নিৰ্যাতন বা অমানৱীয় শাস্তি প্ৰদান কৰা নহয়।

শেহতীয়াকৈ ইৰানৰ এই কাণ্ড পোহৰলৈ অহাৰ পাছত মানৱ অধিকাৰ সংগঠন আৰু বিভিন্ন দেশে ইৰানক এই শাস্তি খাৰিজ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰছে। এমনেষ্টীৰ সৈতে সম্পৰ্কীয় বিষয়াসকলে ডকাইতৰ অভিযুক্ত কেইজনৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...