ইৰাণে বন্ধ কৰিব হৰমুজ জলদ্বীপ, বিশ্ব অৰ্থনীতিৰ বৃহৎ ক্ষতিৰ আশংকা, প্ৰভাৱ পৰিব ভাৰততো…

 হৰমুজ জলদ্বীপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ইৰাণৰ সংসদে। এই যুদ্ধৰ আৰম্ভণিৰে পৰাই ইৰাণে ভাবুকি দি আহিছে যে যদি আমেৰিকাই ইয়াক আক্ৰমণ কৰে তেন্তে ই হৰমুজ জলদ্বীপ বন্ধ কৰি দিব আৰু অৱশেষত ইৰাণে সেই ভাবুকিক কাৰ্যত পৰিণত কৰিছে।

ইৰাণে বন্ধ কৰিব হৰমুজ জলদ্বীপ, বিশ্ব অৰ্থনীতিৰ বৃহৎ ক্ষতিৰ আশংকা, প্ৰভাৱ পৰিব ভাৰততো...

ইৰাণে বন্ধ কৰিব হৰমুজ জলদ্বীপ

Published: 

23 Jun 2025 08:10 AM

আমেৰিকাৰ আক্ৰমণৰ পিছত  বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ পৰিসৰ।  বিপদত হৰমুজ জলদ্বীপ। এই সাগৰীয় জলপথটোৱে পাৰস্য উপসাগৰক ওমান উপসাগৰৰ সৈতে সংযোগ কৰে। প্ৰতিমাহে ৩০০০ৰো অধিক তেল আৰু গেছৰ জাহাজ এই পথেৰে পাৰ হৈ যায়। হৰমুজ জলদ্বীপৰ গুৰুত্ব এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে বিশ্বৰ মুঠ তেল যোগানৰ প্ৰায় এক পঞ্চমাংশ এই পথৰ মাজেৰে পাৰ হৈ যায়, অৰ্থাৎ প্ৰতি পাঁচ লিটাৰৰ ভিতৰত এক লিটাৰ তেল ইয়াৰ পৰা যোগান ধৰা হয় আৰু ইৰাণৰ সংসদে ইয়াক বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

অৱশ্যে ইয়াক চূড়ান্ত সিদ্ধান্ত ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ খামেনেইৰ ওপৰত এৰি দিয়া হৈছে। ইৰাণৰ এই সিদ্ধান্তৰ পোনপটীয়া অৰ্থ হ’ল কেৱল মধ্যপ্ৰাচ্যতে নহয়, সমগ্ৰ বিশ্বতে তেলৰ যোগানৰ ক্ষেত্ৰত ডাঙৰ প্ৰভাৱ পৰিব। অৰ্থাৎ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বিশ্ব অৰ্থনীতিত পৰিব পাৰে।

তেলৰ যোগান প্ৰভাৱিত

বিশেষজ্ঞসকলৰ মতে হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় তেল যোগানৰ প্ৰায় ২০% প্ৰভাৱ পৰিব পাৰে। একে সময়তে আমেৰিকাৰ বিনিয়োগ বেংকিং প্ৰতিষ্ঠান জে পি মৰ্গানে সকীয়াই দিছে যে বন্ধ হোৱাৰ বাবে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ৰ পৰা ১৩০ ডলাৰ হ’ব পাৰে।

তেলৰ মূল্য বৃদ্ধি

যিদিনা ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল, সেইদিনাৰ পৰাই তেলৰ মূল্যৰ উত্থান ঘটিছিল। গতিকে কল্পনা কৰকচোন এই জলপথটো বন্ধ হোৱাৰ লগে লগে কি হ’ব? যদিও হৰমুজ বন্ধ হোৱাৰ ফলত আটাইতকৈ ডাঙৰ আঘাত পাব ইৰাণে।  কাৰণ ইৰাণৰ খাৰুৱা তেল এই জলপথৰ জৰিয়তে চীন, ভাৰত আৰু এছিয়াৰ আন আন দেশলৈ যোগান ধৰা হয়। কিন্তু ইৰাণৰ পৰা তেল ক্ৰয় কৰা সেই দেশসমূহো যথেষ্ট প্ৰভাৱিত হ’ব। যদি খামেনেই সংসদৰ সিদ্ধান্তত অনুমোদন দিয়ে আৰু হৰমুজ জলদ্বীপ বন্ধ কৰে, তেন্তে বিশ্বৰ অৰ্থনীতি কঁপাই যাব পাৰে।

হৰমুজ জলদ্বীপ কি?

  • পাৰ্চী উপসাগৰ আৰু আৰব সাগৰৰ মাজত আছে।
  • উপসাগৰীয় দেশসমূহৰ পৰা তেল যোগানৰ বাবে সাগৰীয় পথ।
  • প্ৰায় ৩৪ কিলোমিটাৰ সংকীৰ্ণ সাগৰীয় অঞ্চল।
  • দুয়োফালৰ পৰা প্ৰায় ৩ কিলোমিটাৰ বহল জাহাজৰ লেন।
  • সমগ্ৰ অঞ্চলটো ইৰাণৰ নিয়ন্ত্ৰণত।

হৰমুজ কিয় বিশেষ?

  • বিশ্বৰ ২৬% তেল যোগানৰ বাবে পথ।
  • হৰমুজ বন্ধ হ’লে তেলৰ নাটনি হ’ব।
  • আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বই ইয়াৰ প্ৰভাৱ পৰিব।

ভাৰতৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ?

ভাৰতৰ বাবেও হৰমুজ অতি গুৰুত্বপূৰ্ণ। কাৰণ এই জলপথেৰে প্ৰতিদিনে ভাৰতলৈ বৃহৎ পৰিমাণৰ তেল আহে। ভাৰত বন্ধ হোৱাৰ বাবে যিমান ক্ষতি হ’ব পাৰে তাৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতে প্ৰতিদিনে ৫৫ লাখ বেৰেল তেল ব্যৱহাৰ কৰে, ইয়াৰে ১৫ লাখ বেৰেল তেল এই জলপথৰ মাজেৰে আহে। উপসাগৰীয় দেশসমূহক ভাৰত মহাসাগৰৰ সৈতে সংযোগ কৰা এই জলপথৰ মাজেৰে বিশ্বৰ প্ৰায় এক চতুৰ্থাংশ তেল বাণিজ্য পাৰ হৈ যায়।

আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...
নিশা পাকঘৰত থৈ দিয়ে নেকি চুৱা বাচন-বৰ্তন? বাস্তু শাস্ত্ৰৰ মতে এয়া শুভ নে অশুভ, চাওক
অম্বুবাচীৰ সময়ত কৰক এই কাম, পূৰণ হ’ব মনৰ সকলো ইচ্ছা!