বান, ভূমিস্খলনে ধাৰণ কৰিছে বিধ্বংসী ৰূপ! ১৩০০ৰো অধিক লোকৰ মৃত্যু, ৮০০ নিৰুদ্দেশ…

মঙলবাৰে (২ ডিচেম্বৰ) জৰুৰীকালীন দলসমূহে জীৱিতসকলৰ ওচৰলৈ যোৱাৰ লগতে মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰাখে। য'ত তেওঁলোকে অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ল। কেইবাদিনো ধৰি এই দেশসমূহত হোৱা প্ৰচণ্ড বৰষুণে বহু অঞ্চল সম্পূৰ্ণৰূপে ডুবাই পেলায়।

বান, ভূমিস্খলনে ধাৰণ কৰিছে বিধ্বংসী ৰূপ! ১৩০০ৰো অধিক লোকৰ মৃত্যু,  ৮০০ নিৰুদ্দেশ...

বান

Published: 

03 Dec 2025 08:27 AM

ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডত বান আৰু ভূমিস্খলনে এতিয়ালৈকে ১৩০০ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে আৰু ৮০০ৰো অধিক লোক নিৰুদ্দেশ হৈছে। জীৱন ৰক্ষাৰ বাবে ছাদ আৰু গছত আঁকোৱালি লৈছে হাজাৰ হাজাৰ লোক। সাহায্য আৰু উদ্ধাৰকাৰী দলে মানুহক উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ সন্ধানত কাম কৰি আছে।

প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনে দক্ষিণ-পূব এছিয়াৰ তিনিখন দেশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ডত অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি । এই দেশসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এই প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩০০ৰো অধিক হৈছে। ৮০০ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে আৰু তেওঁলোকৰ সন্ধান চলি আছে।

মঙলবাৰে (২ ডিচেম্বৰ) জৰুৰীকালীন দলসমূহে জীৱিতসকলৰ ওচৰলৈ যোৱাৰ লগতে মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰাখে। য’ত তেওঁলোকে অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ল। কেইবাদিনো ধৰি এই দেশসমূহত হোৱা প্ৰচণ্ড বৰষুণে বহু অঞ্চল সম্পূৰ্ণৰূপে ডুবাই পেলায়। যাৰ ফলত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰিছে। সহায়ৰ আশাত ছাদ আৰু গছত আশ্ৰয় লৈছে বহু লোকে।

ইণ্ডোনেছিয়াত সৰ্বাধিক মৃত্যু

মঙলবাৰে বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি বানপানী আৰু ভূমিস্খলনত কমেও ১৩০৩ জন লোকৰ মৃত্যু হৈছে আৰু ইণ্ডোনেছিয়াত সৰ্বাধিক মৃত্যু হৈছে। ইণ্ডোনেছিয়াত বান আৰু ভূমিস্খলনৰ ফলত ৭১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শ্ৰীলংকাত ৪১০ জন আৰু থাইলেণ্ডত ১৮১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে কয় যে, মৃত্যুৰ সঠিক সংখ্যা প্ৰকাশ কৰাটো কঠিন।

বান আৰু ভূমিস্খলনে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ইণ্ডোনেছিয়া। সুমাট্ৰা দ্বীপৰ গাঁওসমূহত উপস্থিত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। পথ আৰু দলংসমূহ ভাঙি পৰাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে তেওংলোক। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ তথ্য অনুসৰি কমেও ৫০৭ জন লোক সন্ধানহীন হৈ আছে। তেওঁলোকক উদ্ধাৰৰ বাবে  মোতায়েন কৰা হৈছে হেলিকপ্টাৰ আৰু নাও। বিষয়াসকলে জনোৱা মতে, বতৰৰ অৱনতি আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিয়ে উদ্ধাৰ অভিযানত গতি মন্থৰ কৰি তুলিছে।

ইফালে শ্ৰীলংকাৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি সেনা নেতৃত্বাধীন উদ্ধাৰকাৰী দলে দিতোৱা ঘূৰ্ণীবতাহৰ পিছত বান বিধ্বস্ত কৰা অঞ্চলত এতিয়াও নিৰুদ্দেশ হৈ থকা ৩৩৬ জন লোকৰ সন্ধান অব্যাহত আছে। ভূমিস্খলনে পথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰাৰ লগতে দলং ভাঙি পৰাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চললৈ যোৱাটো কঠিন হৈ পৰিছে।

ইফালে, দক্ষিণ থাইলেণ্ডত ভয়াৱহ বানৰ ফলত পথ আৰু অট্টালিকাসমূহ পৰিষ্কাৰ কৰা হৈছে। ১৫ লাখতকৈ অধিক ঘৰ আৰু ৩৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। পানী আৰু বিদ্যুৎকে ধৰি আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ কাম কৰি আছে বিষয়াসকলে।

এই ৪ বিধ ফলে দূৰ কৰে লিভাৰৰ সমস্যা! নহয় ৰোগ...
বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
এসপ্তাহ নিমখ কমকৈ খালে শৰীৰত কি কি পৰিৱৰ্তন দেখিব? জানি হ'ব আচৰিত!
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী