নেপালৰ মাৰ্চয়াংদি নদীত পৰিল ভাৰতীয় বাছ, নিহত প্ৰায় ১৪ জন আহত ১৬…

তথ্য অনুসৰি বাছখন পোখাৰাৰ পৰা ৰাজধানী কাঠমাণ্ডু অভিমুখে গৈ থকা অৱস্থাত শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত নদীত পৰে। অৱশ্যে কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা নাই।

নেপালৰ মাৰ্চয়াংদি নদীত পৰিল ভাৰতীয় বাছ, নিহত প্ৰায় ১৪ জন আহত ১৬...

নেপাল

Published: 

23 Aug 2024 | 01:47 PM

শুকুৰবাৰে নেপালত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তনাহুন জিলাৰ মাৰ্চয়াংদি নদীত  বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। এই বাছখনত প্ৰায় ৪০ জনকৈ যাত্ৰী আছিল। এই বাছখন ভাৰতৰ পৰা নেপাললৈ গৈছিল বুলি জানিব পৰা গৈছে।  বাছখনৰ নম্বৰ প্লেট উত্তৰ প্ৰদেশৰ, যাৰ বাবে বাছখন ভাৰতৰ উত্তৰ প্ৰদেশৰ পৰা নেপাললৈ যোৱা বুলি অনুমান কৰা হৈছে। এই দুৰ্ঘটনাত এতিয়ালৈকে ১৪ জনলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে,আনহাতে আহত হৈছে প্ৰায় ১৬ জন। ঘটনাস্থলীত বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলাই আছে। নম্বৰ প্লেটৰ তথ্যৰ ভিত্তিত বাছখন গোৰখপুৰৰ।

নেপালৰ আৰক্ষী বিষয়াই জনোৱা মতে, বাছখন পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। মৃত্যু হোৱা যাত্ৰীসকলৰ বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই।নেৰানেপেৰা বৰষুণৰ বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও অভিযান অব্যাহত  ৰখা হৈছে।

 

তথ্য অনুসৰি,  আনভুখাইৰেনিৰ সমীপৰ মাৰ্চয়াংদি নদীত পৰে ভাৰতীয় নম্বৰ বাছ এখন। বাছ নম্বৰ ইউ পি ৫৩ এফ টি ৭৬২৩। এই পৰ্যন্ত ১৪ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ১৬ জন যাত্ৰী আহত হৈছে। আহতসকলক ইতিমধ্যে হাস্পাতাললৈ  প্ৰেৰণ কৰা হৈছে। স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰ অভযানৰ কামত নিয়োজিত হৈ আছে নেপাল সেনা।

নেপাল আৰক্ষীৰ তথ্য অনুসৰি বাছখন পোখাৰাৰ পৰা ৰাজধানী কাঠমাণ্ডু অভিমুখে গৈ থকা অৱস্থাত শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত নদীত পৰে। অৱশ্যে কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...