আমেৰিকাত প্ৰাণ গ’ল ৪ ভাৰতীয়ৰ! গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কংকাল…

আমেৰিকাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় পৰিয়ালৰ ৪ সদস্যই। গাড়ীৰ ভিতৰৰ পৰা তেওঁলোকৰ কংকাল উদ্ধাৰ কৰে আৰক্ষীয়ে।

আমেৰিকাত প্ৰাণ গল ৪ ভাৰতীয়ৰ! গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কংকাল...

পৰিয়ালটো

Published: 

08 Jul 2025 12:01 PM

আমেৰিকাত প্ৰাণ হেৰুৱালে এটা ভাৰতীয় পৰিয়ালৰ ৪ সদস্যই। জানিব পৰা মতে, আমেৰিকাৰ আটলান্টাত ৭ জুলাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। য’ত প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰ ৪ সদস্যই। জানিব পৰা মতে, এই পৰিয়ালটোৱে ফুৰিবলৈ গাড়ী লৈ ওলাই আহিছিল। কিন্তু কোনোৱে গম পোৱা নাছিল যে এয়াই হ’ব তেওঁলোকৰ শেষ যাত্ৰা। এই পৰিয়ালটো হায়দৰাবাদৰ বাসিন্দা আছিল। এই মৰ্মান্তিক ঘটনাৰ পাছতে এতিয়া পৰিয়ালটোৰ আত্মীয়সকলৰ মাজত শোকৰ পৰিৱেশ সৃষ্টি হৈছে।

হায়দৰাবাদৰ বাসিন্দা তেজস্বিনী আৰু মিষ্টাৰ ভেংকট সন্তান দুটাৰ সৈতে ডালাছত আছিল। ইয়াৰ মাজতে বন্ধৰ দিনত তেওঁলোকে আটলাণ্টাৰ আত্মীয়ৰ ওচৰলৈ ফুৰিবলৈ যায়। এসপ্তাহ আটলাণ্টাত থকাৰ পাছত ডালাছলৈ উভতি আহোঁতে মাজনিশা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

স্থানীয় আৰক্ষীৰ মতে, পথত ভুল দিশেৰে চলি থকা এখন মিনি ট্ৰাকে তেওঁলোকৰ গাড়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। যাৰ ফলত গাড়ীখনত জুই লাগে, আৰু গাড়ীৰ ভিতৰত থকা আটাইকেইজন জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয়। গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ ফলত মৃতদেহ কেইটা কংকাললৈ ৰূপান্তৰিত হৈছে। আৰক্ষীয়ে কংকাল কেইটাৰ অৱশিষ্ট ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইয়াৰ পাছতে আৰক্ষীয়ে এই দুৰ্ঘটনাৰ খবৰ হায়দৰাবাদ মেডচালত থকা ভেংকট আৰু তেজস্বিনীৰ আত্মীয়ক দিয়ে। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। এতিয়া তেওঁলোকে চৰকাৰী নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি আছে।

নিউয়ৰ্কত আন এক ঘটনা

আটলাণ্টাত ভাৰতীয় পৰিয়ালটোৱে প্ৰাণ হেৰুওৱাৰ বিপৰীত ইয়াৰ পূৰ্বেও আমেৰিকাত সংঘটিত পথ দুৰ্ঘটনাত ভাৰতীয়ৰ মৃত্যু হৈছে। ১০ মে’ত নিউয়ৰ্কত সংঘটিত পথ দুৰ্ঘটনাত দুজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছিল। ক্লিভলেণ্ড ষ্টেট ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা দুজন ভাৰতীয় ছাত্ৰ – ২০ বছৰীয়া মানৱ পেটেল আৰু ২৩ বছৰীয়া সৌৰভ প্ৰভাকাৰৰ নিউয়ৰ্কত গাড়ী দুৰ্ঘটনাত মৃত্যু হয়।

লেংকেষ্টাৰ কাউন্টিৰ ইষ্ট ক’কেলিকো টাউনশ্বিপত সংঘটিত হয় এই পথ দুৰ্ঘটনা, য’ত তেওঁলোকৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছৰ সৈতে খুন্দা মাৰে। তাৰ পাছত গাড়ীখনৰ এখন দলঙৰ সৈতে সংঘৰ্ষ হয়। গাড়ীখন চলাই থকা সৌৰভ প্ৰভাকৰ আৰু মানৱ পেটেল দুয়োৰে থিতাতে মৃত্যু হয়। ইয়াৰ লগতে সন্মুখৰ চিটত বহি থকা আন এজন ব্যক্তিয়ে দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰেষ

 

অন্য খবৰ পঢ়কঃ পাকিস্তানত প্ৰাণ গ’ল ২০ জন হিন্দু লোকৰ! ধ্বংসস্তূপৰ পৰা উদ্ধাৰ ৩ মহীয়া এটি শিশু…

এই খাদ্যসমূহে প্ৰাণ সঞ্চাৰ কৰে মগজুত, তালিকাত থকা এবিধ খাদ্যই কৰি তুলিব আচৰিত
ঘৰৰ বেৰত থকা জেঠী সঁচাকৈ বিষাক্ত নেকি? বিজ্ঞানৰ মতে...
নহৰুৰ এনে গুণে আচৰিত কৰিব আপোনাক! খালী পেটত খাওক মাত্ৰ দুই ফুটা, পাব সুফল
দূৰ হ'ব ধনৰ অভাৱ! মাত্ৰ ঘৰত ৰাখক এই ৫টা বিশেষ মূৰ্তি...