অসাৰ আমেৰিকাৰ হেঁচা! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিব ভাৰতে…

আমেৰিকাৰ হেঁচাৰ পাছতো ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা অব্যাহত ৰাখিব। নতুন বছৰটোতো ভাৰতে তেল ক্ৰয় কৰিব। দীৰ্ঘদিন ধৰি ট্ৰাম্পে ভাৰতৰ ওপৰত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ হেঁচা দি আহিছে।

অসাৰ আমেৰিকাৰ হেঁচা! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিব ভাৰতে...

ভাৰত-ৰাছিয়া

Published: 

27 Jan 2026 | 12:08 PM

বিশ্বত এতিয়া ৰাজনীতি আৰু বাণিজ্য এক জটিল বিষয় হৈ পৰিছে। দীৰ্ঘসময় ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, আমেৰিকাৰ নিষেধাজ্ঞা আদি বিভিন্ন কাৰণে পৰিস্থিতি গৰম হৈ আহিছে। আমেৰিকাই দীৰ্ঘদিন ধৰি ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা প্ৰদান কৰি আহিছে। কিন্তু তাৰ মাজতো ভাৰতে নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছে। প্ৰাপ্ত খবৰ অনুসৰি, সকলো হেঁচাৰ অন্ততো  ভাৰতে ২০২৬ চনত ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব। তেল সস্তীয়া আৰু দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিগত বছৰসমূহত ৰাছিয়া ভাৰতৰ অন্যতম বৃহৎ তেল যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। ইউক্ৰেইনৰ লগত চলি থকা যুদ্ধৰ মাজত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, কিন্তু ৰাছিয়াই তেল ৰেহাই মূল্যত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। যাৰ সুযোগ লয় ভাৰতে। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাৰ ফলত কোটি কোটি টকা ৰাহি হোৱাৰ লগতে পেট্ৰ’ল-ডিজেলৰ দাম কিছু নিয়ন্ত্ৰিত হৈ আছে।

আমেৰিকাৰ অসন্তুষ্টি

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ আমেৰিকাই অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। আমেৰিকাৰ মতে, ইয়াৰ দ্বাৰা ভাৰতে ইউক্ৰেইন যুদ্ধত অৰিহনা যোগাইছে। আমেৰিকাৰ শুল্ক, ভাবুকিৰ পাছতো কিন্তু ভাৰত পিছ পৰি অহা নাই। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে।

ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক দেশ। দেশৰ প্ৰয়োজনীয়তা অহৰহ বাঢ়িছে যদিও ঘৰুৱা উৎপাদন সীমিত। গতিকে নিৰ্ভৰযোগ্য আৰু সুলভ মূল্যৰ তেল ক্ৰয় কৰা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেল ব্যয়বহুল। কিন্তু ৰাছিয়াই কম মূল্যত তেল যোগান ধৰাৰ বাবে ই ভাৰতৰ ক্ষেত্ৰত লাভজনক হৈ পৰিছে।

মধ্যপ্ৰাচ্যৰ সৈতে চুক্তি

আমেৰিকাৰ হেঁচা প্ৰতিহত কৰিবলৈ ভাৰতে মধ্যপ্ৰাচ্যৰ দেশ যেনে – ইৰাক, ওমান, ইউ এ ইৰ দৰে দেশৰ পৰা তেল ক্ৰয় কৰাৰ বাবে দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰিছে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে, ৰাছিয়াৰ পৰা আঁতৰি থাকিব। বিশেষজ্ঞসকলৰ মতে, নিৰ্দিষ্ট এখন দেশৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা হাত সাৰিবলৈ ভাৰতে বিভিন্ন দেশৰ পৰা তেল ক্ৰয় কৰা আৰম্ভ কৰিছে।

ডাঙৰ ডাঙৰ কোম্পানীসমূহেও ক্ৰয় কৰি যাব

ভাৰতৰ প্ৰধান তেল শোধন কোম্পানী ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম, আৰু কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিছে। এই  ক্ষেত্ৰত তেওঁলোকে কিছুমান সাৱধানতাও অৱলম্বন কৰিছে। তেওঁলোকে অনুমোদনহীন ৰাছিয়াৰ সামগ্ৰীৰ উৎস বিচাৰি উলিয়াইছে। ইয়াৰ কাৰণ হ’ল- মাৰ্জিন আৰু সুস্থিৰ যোগান। বিশেষজ্ঞসকলৰ মতে, ভাৰতৰ দৰে ডাঙৰ ক্ৰেতাৰ বাবে যোগানৰ অভাৱ নাই যদিও ৰাছিয়াৰ সস্তীয়া তেল ভাৰতৰ বাবে প্ৰয়োজনীয়।

বাণিজ্যিক চুক্তিয়ে সমীকৰণটো সলনি কৰিব পাৰে

পৰৱৰ্তী সময়ত ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্যিক চুক্তিয়ে এই সমীকৰণ কিছু সলনি কৰিব পাৰে। যদি দুই দেশৰ মাজত কোনো ডাঙৰ চুক্তি হয় তেন্তে ভাৰতে কিছু কূটনীতি অৱলম্বন কৰিব লাগিব। ট্ৰাম্পে বাৰে বাৰে চুক্তিৰ কথা কৈ আছে যদিও এতিয়ালৈকে চুক্তি চূড়ান্ত হোৱা নাই।

শোধন ক্ষমতা আৰু বৃদ্ধি পোৱা প্ৰয়োজনীয়তা

চৰকাৰৰ মতে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ শোধন ক্ষমতা যথেষ্ট বৃদ্ধি পাব পাৰে, ইয়াৰ ফলত চাহিদা আৰু অধিক ত্বৰান্বিত হ’ব। পূৰ্বতে যোগানৰ উৎস ২৭ টা আছিল যদিও এতিয়া ৪০ টাৰো অধিক হৈছে। বৰ্তমান বিশ্বত তেলৰ যোগান যথেষ্ঠ, ইয়াৰ ফলত ভাৰত উপকৃত হৈছে। বিশেষজ্ঞসকলৰ মতে, ভাৰতে ভৱিষ্যতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছু সাল সলনি কৰিব পাৰে, কিন্তু সমূৰ্ণ বন্ধ কৰা অসম্ভৱ।

 

অন্য খবৰ পঢ়কঃ LIC ৰ বিশেষ আঁচনিঃ মাত্ৰ ১,৪০০ টকা জমা কৰি লাভ কৰক ২৫ লাখ টকা! জানক কেনেকৈ…

এই ৪ ৰাশিৰ লোক কেতিয়াও নহয় দৰিদ্ৰ, সদায় লগত থাকে ধন!
বাৰে বাৰে গৰম কৰি খাব নালাগে এই খাদ্য!
পুৱা ৩০ মিনিট খোজকাঢ়িলে শৰীৰে কি উপকাৰ লাভ কৰে?
লাভ কৰিব বিশেষ কৃপা! মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান