বিপদত বাংলাদেশ! ভাৰতৰ এই সিদ্ধান্তত হাজাৰ কোটি টকাৰ লোকচান ভৰিব লাগিব চুবুৰীয়া ৰাষ্ট্ৰখনে…
চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধিৰ পাছতে বিপদত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। শেহতীয়াকৈ ভাৰতে লোৱা এক সিদ্ধান্তৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনৰ বাণিজ্যিক ক্ষেত্ৰখন যথেষ্ঠ সমস্যাত পৰিছে।

বাংলাদেশ
বিপদত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। শনিবাৰে ভাৰত চৰকাৰে লোৱা এক সিদ্ধান্তৰ পাছতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশৰ বাণিজ্যিক ক্ষেত্ৰখনত। ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, বাংলাদেশৰ ৰেডিমেড গাৰ্মেণ্ট আৰু প্ৰচেছড ফুড দেশৰ স্থল বন্দৰত প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে ইচ্ছা কৰিলে কলকাতা আৰু মুম্বাইৰ সাগৰীয় বন্দৰেৰে প্ৰৱেশ কৰিব পাৰিব। কিন্তু এই সিদ্ধান্তৰ বাবে এতিয়া দেশখন সমস্যাত পৰা দেখা গৈছে।
গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভে এক প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰতৰ সিদ্ধান্তৰ বাবে বাংলাদেশে ৬ হাজাৰ কোটি টকাৰো অধিক মূল্য ভৰিব লাগিব। যি বাংলাদেশৰ ৰপ্তানিৰ ৪২ শতাংশৰ সমতুল্য। জিটিআৰআইৰ মতে এই নিষেধাজ্ঞাৰে ভাৰতে কেইবাটাও লক্ষ্য ভেদ কৰিছে। এফালে বাংলাদেশৰ প্ৰতি কঠোৰ সিদ্ধান্ত। আনহাতে, নতুন দিল্লীয়ে চীনক সকীয়াই দিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
কিন্তু কিয় ইমান ক্ষতিৰ সন্মুখীন হৈছে বাংলাদেশ? উল্লেখ্য যে, বাংলাদেশৰ বাবে এই সংকট মাতি আনিছিল অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। কিছুমান পূৰ্বে চীন ভ্ৰমণৰ সময়ত ইউনুছে ভাৰত বিৰোধী মন্তব্য কৰিছিল। আনকি উত্তৰ-পূৰ্বাঞ্চলত তেওঁ ‘লেণ্ড লক’ আখ্যা দিছিল। তেওঁ চীনক অৰ্থনৈতিক ঔদ্যোগিক অঞ্চল সৃষ্টি কৰিবলৈ আহ্বান জনোৱাৰ লগতে বাংলাদেশক “সাগৰীয় সম্ৰাট” বুলি অভিহিত কৰিছিল। এতিয়া সেই মন্তব্যৰ মূল্য দিব লগা হৈছে সমগ্ৰ বাংলাদেশে। পৰিসংখ্যা অনুসৰি বাংলাদেশে প্ৰতি বছৰে বিভিন্ন বন্দৰৰ জৰিয়তে কেৱল ভাৰতলৈ ৫ হাজাৰ কোটি টকাৰ কাপোৰ আৰু বস্ত্ৰজাত সামগ্ৰী প্ৰেৰণ কৰে। কিন্তু ভাৰতৰ সিদ্ধান্তৰ পাছতে এতিয়া এই ব্যৱস্থা বন্ধ হৈ পৰিছে। যাৰ প্ৰভাৱ এতিয়া দেশখনৰ অৰ্থনীতিত পৰিব।
উল্লেখ্য যে, দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য সঞ্চালকাল (DGFT)য়ে বাংলাদেশৰ পৰা অহা নিৰ্বাচিত সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। এই সামগ্ৰীত অন্তৰ্ভুক্ত আছিল- ৰেডিমেড গাৰ্মেণ্ট, প্ৰচেছড খাদ্য, ফল-মূল আৰু ফলৰ সোৱাদযুক্ত বা কাৰ্বনেটেড পানীয়, কপাহ আৰু কপাহী সূতাৰ আৱৰ্জনা, প্লাষ্টিক আৰু পিভিচি সম্পূৰ্ণ সামগ্ৰী (কেঁচা ইনপুট যেনে পিগমেণ্ট, ডাই, প্লাষ্টিচাইজাৰ বাদ দি) আৰু কাঠৰ আচবাব আদি।
চৰকাৰে কৈছিল যে, অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামত অৱস্থিত ভূমি শুল্ক ষ্টেচন (LCS) বা সংহত চেক পোষ্ট (ICP)ৰ লগতে পশ্চিম বংগৰ চাংৰাবন্ধা আৰু ফুলবাৰী ভূমি শুল্ক ষ্টেচনৰ জৰিয়তে বাংলাদেশে এই নিৰ্বাচিত সামগ্ৰীসমূহ আমদানি কৰিব নোৱাৰিব। অৱশ্যে বাংলাদেশৰ সামগ্ৰী নেপাল, ভূটানলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা প্ৰদান কৰা নাই চৰকাৰে।
অন্য খবৰ পঢ়কঃ ভাৰতত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আছিল মাষ্টাৰমাইণ্ড! কোনে পাকিস্তানত হত্যা কৰিলে লস্কৰৰ শীৰ্ষ কমাণ্ডৰ আবু ছাইফুল্লাহক…