ট্ৰাম্পৰ ভাবুকিৰ মাজতে দূৰত্ব হ্ৰাস! শীঘ্ৰেই ভাৰতলৈ আহিব চীনৰ বৈদেশিক মন্ত্ৰী…

সম্পৰ্ক উন্নতি হ'বনে ভাৰত-চীনৰ? ট্ৰাম্পৰ শুল্ক ভাবুকিৰ পাছতে দুই দেশৰ মাজত দূৰত্ব কিছু কম হোৱা যেন অনুমান হয়। কিন্তু প্ৰশ্ন হয়, ইয়াৰ বছৰৰ তিক্ততা সলনি হব জানো?

ট্ৰাম্পৰ ভাবুকিৰ মাজতে দূৰত্ব হ্ৰাস! শীঘ্ৰেই ভাৰতলৈ আহিব চীনৰ বৈদেশিক মন্ত্ৰী...

ভাৰত-চীন

Published: 

15 Aug 2025 13:13 PM

বিগত সময়চোৱাত বিশ্ব ৰাজনীতিত বহু পৰিবৰ্তন হৈছে। তেনে স্থলত প্ৰশ্ন হয়, সীমান্ত আগৰ দৰে হ’বনে? দূৰত্ব কম হ’ব নে ভাৰত-চীনৰ?  দক্ষিণ ব্লকে কি চিন্তা কৰিছে?  ট্ৰাম্পৰ শুল্ক ভাবুকিৰ পাছতে এইসমূহ প্ৰশ্নই এতিয়া বিশ্বৰ ৰাজনীতিত পাকঘূৰণি খাই আছে। প্ৰশ্ন হয়, সঁচাকৈ ইমান তিক্ত সম্পৰ্ক ভাল হোৱা সম্ভৱ জানো?  অৱশ্যে ইয়াক লৈ দুই দেশৰ প্ৰচেষ্টা চলি আছে। চলিত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেইজিংলৈ গৈ ‘ছাংহাই সহযোগিতা সংস্থা’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। কিন্তু তাৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে ১৮ আগষ্টত পুনৰ ভাৰত ভ্ৰমণ কৰিব। এই কথা এতিয়া যথেষ্ঠ চৰ্চিত হৈছে।

এই বিষয় সন্দৰ্ভত বৃহস্পতিবাৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে, “সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা চলি আছে।” লগতে তেওঁ কয়, “উত্তৰাখণ্ডৰ লিপুলেখ পাছ, হিমাচল প্ৰদেশৰ চিপকি লা পাছ আৰু ছিকিমৰ নাথুল পাছ এই তিনিটা সীমান্ত অঞ্চলৰ মাজেৰে দ্বিপাক্ষিক বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে নতুন দিল্লী আৰু বেইজিঙৰ প্ৰতিনিধিৰ মাজত আলোচনা চলি আছে। এতিয়াও একো চূড়ান্ত হোৱা নাই। যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে অৱগত কৰা হ’ব।”

উল্লেখ্য যে, যোৱা ৫ বছৰ ধৰি এই তিনি সীমান্তৰে বেইজিঙৰ বাণিজ্য ভাৰতে বন্ধ কৰি ৰাখিছিল। সেই সময়ত দেশ দুখনৰ মাজত উত্তেজনা চলি আছিল। আনকি বিভিন্ন দিশত দুয়োখন দেশে পৰস্পৰৰ মাজত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছিল। ভাৰতৰ প্ৰতি চীনৰ মনোভাৱৰ প্ৰতি এক প্ৰকাৰ সকলোৱে জ্ঞাত। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত চীনে মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিছিল। আনকি ভাৰতৰ বিৰুদ্ধে দুই দেশে কোনো ষড়যন্ত্ৰ কৰি আহিছে বুলি বিভিন্নদজনে দাবীও কৰে।

কিন্তু এতিয়া যেন পৰিস্থিতি সলনি হৈছে। বিশেষকৈ ট্ৰাম্পৰ শুল্ক ভাবুকিৰ পাছত ভাৰত-চীনৰ সম্পৰ্ক কিছু পৰিমাণে উন্নত হৈছে।আমেৰিকাই ভাৰতৰ ওপৰত ইতিমধ্যে ৫০ শতাংশ শুল্ক আৰোপ কৰি শত্ৰুভাৱ প্ৰদৰ্শন কৰিছে। কিন্তু ভাৰতে ইয়াৰ আগত শিৰনত কৰা নাই। ইয়াৰ বিপৰীতে চীনৰ সৈতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা কৰি গৈছে। ইফালে চীনৰ লগতো আমেৰিকাৰ শুল্ক যুদ্ধ চলিছিল। যাৰ বাবে দেশখন ট্ৰাম্পৰ ওপৰত ক্ষোভিত হৈ আছে।

এই সকলোবোৰৰ মাজতে এতিয়া ভাৰত-চীনে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিছে।  চীনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অৱশ্যে এইসমূহ ঘটনা-পৰিঘটনাই দুই দেশৰ সম্পৰ্কত কোনো ইতিবাচক প্ৰভাৱ পেলাব পাৰে নে নাই সেয়া সময়ে ক’ব।

 

অন্য খবৰ পঢ়কঃ লালকিল্লাৰ পৰা ট্ৰাম্পক প্ৰত্যুত্তৰ মোদীৰ! ক’লে- স্বাৰ্থপৰায়ণতাই আমাক জালত পেলাব নোৱাৰে…

 

আপোনাৰো বিবাহ হোৱা নাই নেকি? জপ কৰক এই বিশেষ মন্ত্ৰ
তিয়ঁহ ক্ৰয় কৰাৰ সময়তে তিতা হ’ব নেকি কিদৰে জানিব পাৰিব? চাওক কিছু সহজ উপায়
জীৱনলৈ ভাল দিন আহিলে সপোনে দিয়ে এইসমূহ সংকেত...
পেটৰ সংক্ৰমণ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...