India China LAC Patrolling Agreement: ভাৰত-চীনৰ মাজত সম্পন্ন টহলদাৰী চুক্তি, উন্নত হোৱাৰ দিশে দুই দেশৰ সম্পৰ্ক…

India China LAC Patrolling Agreement: ২০২০ চনৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষ হৈছিল। ২০২০ চনৰ ১৫ জুনত সংঘটিত হোৱা এই সংঘৰ্ষৰ পাছত ভাৰত-চীন সম্পৰ্কত অৱনতি ঘটিছিল।

India China LAC Patrolling Agreement: ভাৰত-চীনৰ মাজত সম্পন্ন টহলদাৰী চুক্তি, উন্নত হোৱাৰ দিশে দুই দেশৰ সম্পৰ্ক...

সম্পন্ন হ'ল ভাৰত আৰু চীনৰ মাজত টহলদাৰী চুক্তি।

Published: 

22 Oct 2024 16:00 PM

সম্পন্ন হ’ল ভাৰত আৰু চীনৰ মাজত টহলদাৰী চুক্তি (India China LAC Patrolling Agreement) । ভাৰত আৰু চীনৰ মাজত এল এ চি সন্দৰ্ভত পেট্ৰলিং চুক্তিৰ পাছত মন্তব্য প্ৰদান কৰিছে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে । সেনা প্ৰধানগৰাকীয়ে কয় যে, আমি বিশ্বাস পুনৰ উদ্ধাৰৰ চেষ্টা কৰি আছো। সেনা প্ৰধানগৰাকীৰ মতে, সীমান্তত দুয়োখন দেশৰ মাজত আস্থা ঘূৰাই অনাটো প্ৰয়োজনীয় আৰু সেয়া ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে। সমান্তৰালকৈ চীনে ভাৰতৰ সৈতে সেনাৰ গতিৰোধ সমাপ্ত কৰিবলৈ ভাৰতৰ লগত কৰা চুক্তিৰ নিশ্চিয়তা প্ৰদান কৰে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে, ভাৰত আৰু চীনৰ মাজৰ সীমা সম্বন্ধীয় বিষয়সমূহৰ ওপৰত কূটনৈতিক বিষয়া আৰু সেনাই আলোচনা  কৰি আছে । এই ক্ষেত্ৰত দুয়ো পক্ষই যি সিদ্ধান্তত উপনীত হৈছে তাৰ চীনে প্ৰশংসা কৰে। গতিকে চীনে ভাৰতৰ সৈতে একেলগে এই প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিব।

ভাৰতে কয় যে, পূব লাডাখত এল এ চিত টহল দিয়াৰ বাবে দুয়োপক্ষই চুক্তিত সন্মতি প্ৰকাশ কৰিছে। পূব লাডাখত চাৰি বছৰতকৈও অধিক সময় ধৰি চলি থকা সামৰিক স্থবিৰতা সমাধানৰ দিশত এই চুক্তিক এক বৃহৎ সফলতা হিচাপে গন্য কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২০ চনৰ ১৫ জুনত গালৱান ঘাটীত হোৱা সংঘৰ্ষৰ পাছত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কত ফাঁট মেলিছিল। আৰু এতিয়া এই সম্পৰ্ক উন্নত হোৱাৰ দিশে গতি কৰিছে।

চুক্তি খন কি

উল্লেখ্য যে, ভাৰত- চীনৰ মাজত পেট্ৰলিং চুক্তি হয়। এই চুক্তিৰ অধীনত ভাৰত আৰু চীনে ২০২০ চনৰ আগৰ দৰে এল এ চিত টহল দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ পাছত সংঘৰ্ষ জৰ্জৰ ৬ টা অঞ্চলৰ ৪ টাৰ পৰা সেনা প্ৰত্যাহাৰ কৰা হৈছিল। সেই চাৰিটা অঞ্চল হ’ল গালৱান উপত্যকা, পাংগং ছ’ৰ উত্তৰ আৰু দক্ষিণ পাৰ আৰু গোগ্ৰা-হট স্প্ৰিং। ইয়াৰ পাছত এতিয়া এই চুক্তি হোৱাৰ পিছত দুয়োখন দেশৰ সেনা দেপছাং আৰু ডেমচোকৰ পৰাও পিছুৱাই যাব।

এই সন্দৰ্ভত তথ্য প্ৰদান কৰি সোমবাৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে বিগত কেইবা সপ্তাহ ধৰি দুয়ো পক্ষৰ মাজত আলোচনা চলি আছিল। এই আলোচনাৰ ফল স্বৰূপে চুক্তি চূড়ান্ত কৰা হয়। ইয়াৰ দ্বাৰা ২০২০ চনত উদ্ভৱ হোৱা সমস্যা সমূহৰ সমাধানৰ পথ মুকলি কৰা হ’ব। আনহাতে বৈদেশিক পৰিক্ৰমামন্ত্ৰী এছ জয়শংকৰে কয় যে, সংঘৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে যেনেদৰে চীন আৰু ভাৰতীয় সেনাই টহল দিছিল এতিয়া সেই অৱস্থা ঘূৰি আহিব। চীনৰ সৈতে সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই চুক্তিৰ জৰিয়তে দেপছাং আৰু ডেমচোকত টহল দিয়াৰ আৰম্ভণি হ’ব। এই অঞ্চল কেইটাত বিভিন্ন বিষয়ক লৈ সমস্যা চলি আছিল। এছ জয়শংকৰে কয় যে, এয়া এক ভাল পদক্ষেপ। এয়া ইতিবাচক দিশ আৰু ই সংযত, দৃঢ় কূটনীতিৰ ফল।

উল্লেখ্য যে, ২০২০ চনৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষ হৈছিল। ২০২০ চনৰ ১৫ জুনত সংঘটিত হোৱা এই সংঘৰ্ষৰ পাছত ভাৰত-চীন সম্পৰ্কত অৱনতি ঘটিছিল। এই ঘটনাত ভাৰতৰ প্ৰায় ২০ জন জোৱাৰ শ্বহীদ হৈছিল আৰু চীনৰ ৪০ জন মান জোৱান শ্বহীদৰ অনুমান কৰা হৈছিল।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?