পাঁচ বছৰৰ পিছত আঁতৰিল ‘ডাৱৰ’! এই দিনটোৰ পৰা আৰম্ভ হ’ব চীন-ভাৰতৰ মাজত পোনপটীয়া বিমান সেৱা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা দুয়োখন দেশৰ বিমান পৰিবহণৰ বিষয়াসকলৰ মাজত কাৰিকৰী পৰ্যায়ৰ আলোচনা চলি আছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিৰ পিছতে ইণ্ডিগ’ই চীনলৈ সেৱা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

পাঁচ বছৰৰ পিছত আঁতৰিল ‘ডাৱৰ’! এই দিনটোৰ পৰা আৰম্ভ হ’ব চীন-ভাৰতৰ মাজত পোনপটীয়া বিমান সেৱা

ভাৰত-চীনৰ মাজত পুনৰ বিমান সেৱা

Published: 

02 Oct 2025 | 09:26 PM

ক্ৰমাৎ দূৰত্ব হ্ৰাস পাইছে দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজত। যোৱা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে বৈঠকত মিলিত হয়। ইফালে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়েও যোৱা মাহতে ভাৰত ভ্ৰমণ কৰিছিল। ৰাজনৈতিক দূৰত্ব হ্ৰাস পোৱাৰ সময়তে এতিয়া যোগাযোগৰ দিশতো কাষ চাপিছে দুই চুবুৰীয়া ৰাষ্ট্ৰ। এতিয়া দুই ৰাষ্ট্ৰৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ ঘোষণা কৰা হৈছে।

অহা ২৬ অক্টোবৰৰ পৰা ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ হ’ব। কোভিড-১৯ মহামাৰীৰ সময়ত দুয়োখন দেশৰ মাজত বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা দুয়োখন দেশৰ বিমান পৰিবহণৰ বিষয়াসকলৰ মাজত কাৰিকৰী পৰ্যায়ৰ আলোচনা চলি আছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিৰ পিছতে ইণ্ডিগ’ই চীনলৈ সেৱা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ইণ্ডিগোৱে অহা ২৬ অক্টোবৰৰ পৰা কলকাতাৰ পৰা গুৱাংঝুলৈ দৈনিক বিমান সেৱা আৰম্ভ কৰিব। শীঘ্ৰে এই বিমান সংস্থাটোৱে দিল্লী আৰু গুৱাংঝুৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

ইণ্ডিগ’ই উল্লেখ কৰা মতে চীনৰ সৈতে পোনপটীয়া বিমান চলাচলৰ বাবে সংস্থাটোৱে নিজৰ এয়াৰবাছ A320 Neo বিমান ব্যৱহাৰ কৰিব। এই পোনপটীয়া সংযোগৰ দ্বাৰা চীন আৰু ভাৰতৰ মাজত বাণিজ্য তথা কৌশলগত ব্যৱসায়িক অংশীদাৰিত্বৰ সুযোগ পুনৰ আৰম্ভ হ’ব। লগতে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত পৰ্যটনো বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

এই ঘোষণাই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন কৰিব। বিগত চাৰি বছৰতকৈ অধিক সময় ধৰি চুবুৰীয়া দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা বন্ধ হৈ আছিল। আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক বিবাদ চলি থকাৰ সময়তে গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া বিশেষ গুৰুত্ব বহন কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব