পাকিস্তানৰ পিছত চীন আৰু তুৰ্কীৰ বিৰুদ্ধে ভাৰতৰ একশ্যন! ল’লে কঠোৰ পদক্ষেপ…
পাকিস্তানৰ পিছত ভাৰতে এতিয়া চীন আৰু তুৰ্কীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে। ড্ৰেগনৰ মাউথপিছ গ্ল’বেল টাইমছ আৰু তুৰ্কীৰ সম্প্ৰচাৰক টিআৰটি ৱৰ্ল্ডৰ এক্স একাউণ্ট ব্লক কৰিছে ভাৰতে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত চৰকাৰে দুয়োটা একাউণ্ট ব্লক কৰে। অৱশ্যে পিছত আনব্লক কৰা হয় একাউণ্ট কেইটা।

ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদী
পাকিস্তানৰ পিছত এতিয়া চীনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে । ড্ৰেগনৰ মাউথপিছ গ্ল’বেল টাইমছক ব্লক কৰে ভাৰতে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই একাউণ্টটো ব্লক কৰে চৰকাৰে।গ্ল’বেল টাইমছে ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি চলাইছিল, তাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হয়। ইফালে তুৰ্কীৰ সম্প্ৰচাৰক TRT ৱৰ্ল্ডৰ এক্স একাউণ্টটো ব্লক কৰে ভাৰতে। গ্ল’বেল টাইমছ আৰু টি আৰ টি ৱৰ্ল্ডে ভাৰতৰ বিৰুদ্ধে চলাইছিল ভুৱা বাতৰি, তাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰে ভাৰতে। পাকিস্তানৰ পিছত চীন আৰু তুৰ্কীৰ বিৰুদ্ধে ভাৰতে এই পদক্ষেপ লোৱাৰ খবৰ পোহৰলৈ আহিছিল। অৱশ্যে পিছত আনব্লক কৰা হয় একাউণ্ট কেইটা।
ছি জিনপিঙৰ এজেণ্ডা আগুৱাই নিয়াৰ বাবে কাম কৰা চীনৰ এখন সংবাদ পত্ৰ হৈছে গ্ল’বেল টাইমছ। যিয়ে ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি বিয়পাই আছিল। গ্ল’বেল টাইমছত ব্যৱস্থা লোৱাৰ পূৰ্বে ভাৰতে অৰুণাচল প্ৰদেশত চীনৰ প্ৰতি থকা মনোভাৱ ব্যক্ত কৰিছিল ভাৰতে। তাত অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম সলনি কৰাৰ বাবে চীনে কৰা প্ৰচেষ্টাক নাকচ কৰা হৈছিল। ভাৰতে কয় যে এনে অৰ্থহীন প্ৰচেষ্টাই এই অনস্বীকাৰ্য সত্যটো সলনি নকৰে যে ৰাজ্যখন ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব।
অৰুণাচলৰ সন্দৰ্ভত চীনলৈ উত্তৰ
চীনে অৰুণাচলৰ কিছু ঠাইৰ নাম ঘোষণা কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিছে ভাৰতে । চীনে দাবী কৰিছে যে অৰুণাচল প্ৰদেশ তিব্বতৰ দক্ষিণ অংশ। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ স্থানৰ নাম সলনিৰ বাবে চীনে অসাৰ আৰু অৰ্থহীন প্ৰচেষ্টা চলোৱা আমি দেখিছো।” তেওঁ কয়, “আমি আমাৰ নীতিগত স্থিতিৰ সৈতে সংগতি ৰাখি এনে প্ৰচেষ্টাক স্পষ্টৰূপে নাকচ কৰিছোঁ।”
পাকিস্তানৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে
চীনৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল ভাৰতে । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল।ইয়াৰ উপৰিও কূটনৈতিক সম্পৰ্কৰ লগতে পাকিস্তানীৰ ভিছা বাতিল কৰা হৈছিল। এই সকলোবোৰ কাৰ্যৰ অন্তত ভাৰতে পাকিস্তান আৰু পিঅ’কেৰ ৯টা স্থানত আক্ৰমণ কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰে।
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা কাৰ্যই পাকিস্তান সেনাক জোঁকাৰি গৈছিল। পহলগামত ভাৰতৰ বিৰুদ্ধে যি কু-কাৰ্য সংঘটিত কৰিলে, যাৰ বাবে উপযুক্ত উত্তৰ তেওঁলোকে পালে। ভাৰতে এবাৰ পাকিস্তানত প্ৰৱেশ কৰি ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ বহু বিমান ঘাটি ধ্বংস কৰি পেলায়। ভাৰতৰ উগ্ৰ ৰূপ দেখি শান্তিৰ বাবে কাতৰ আহ্বান জনায় পাকিস্তানে । আনকি আমেৰিকাৰ ওচৰত আশ্ৰয় লয়। ডিজিএমঅ’ পৰ্যায়ত আলোচনাৰ অন্তত দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।