আগে আগে এজন যুৱক, পিছে পিছে প্ৰশাসনৰ লোক! ভাইৰেল ভিডিঅ’ক লৈ ব্যাপক চৰ্চা, পিছে কিয়?

ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ডেলিভাৰী ড্ৰাইভাৰজন কোন আছিল বা এজেণ্টসকলে তেওঁক কিয় ধৰিব বিচাৰিছিল, সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য পোৱা হোৱা নাই।

আগে আগে এজন যুৱক, পিছে পিছে প্ৰশাসনৰ লোক! ভাইৰেল ভিডিঅ’ক লৈ ব্যাপক চৰ্চা, পিছে কিয়?

ভাইৰেল ভিডিঅ’

Updated On: 

09 Jan 2026 | 05:38 PM

সামাজিক মাধ্যমত শেহতীয়াকৈ আমেৰিকাৰ এটা পুৰণি ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰিছে। ভিডিঅ’টোত আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE)ৰ এজেণ্টসকলে এজন ফুড ডেলিভাৰী ড্ৰাইভাৰক পিছে পিছে খেদি যোৱা দেখিবলৈ পোৱা গৈছে। এই ঘটনাটো চিকাগো চহৰৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এতিয়া ইণ্টাৰনেটত বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰায় ১৮ ছেকেণ্ডৰ এই ভিডিঅ’টো ক্ৰিষ্টোফাৰ শ্বিট নামৰ এজন ব্যৱহাৰকাৰীয়ে এক্সত (পূৰ্বৰ টুইটাৰ) শ্বেয়াৰ কৰিছে।

তেওঁ পোষ্টটোত উল্লেখ কৰা মতে ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE)ৰ এজেণ্টসকলে খেদি যোৱা ডেলিভাৰী ড্ৰাইভাৰজনে কেৱল কিছু মন্তব্য কৰিছিল, কোনো শাৰীৰিক আক্ৰমণ বা ভাবুকি দিয়া নাছিল। কিন্তু তেওঁৰ মন্তব্যৰ বাবে এজেণ্টসকলে পিছে পিছে খেদি যায়। অৱশ্যে এই এজেণ্টসকলৰ পৰা কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় ব্যক্তিজন।

ভিডিঅ’টোত কি দেখা গৈছে?

ভিডিঅ’টোত এগৰাকী ফুড ডেলিভাৰী ড্ৰাইভাৰক এখন ইলেক্ট্ৰিক বাইকৰ ওচৰত থিয় হৈ থকা দেখা গৈছে। তেওঁ বাৰে বাৰে চিঞৰি কৈ আছে— “মই আমেৰিকান নাগৰিক নহওঁ, আহাচোন ধৰাহি।” ইয়াৰ ঠিক পাছতে তেওঁ বাইকখন লৈ তীব্ৰ গতিত ৰাস্তাৰে ওলাই যায়। একে সময়তে পিছফালৰ পৰা ICE এজেণ্টসকলে ব্যক্তিজনৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে।

ইণ্টাৰনেটত ব্যাপক বিতৰ্ক

অৱশ্যে কিছু দূৰ দৌৰাৰ পিছত এজেণ্টসকল ৰৈ যায় আৰু ডেলিভাৰী ড্ৰাইভাৰজন চহৰৰ ভিৰৰ মাজত অন্তৰ্ধান হৈ যায়। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ডেলিভাৰী ড্ৰাইভাৰজন কোন আছিল বা এজেণ্টসকলে তেওঁক কিয় ধৰিব বিচাৰিছিল, সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য পোৱা হোৱা নাই।

কোনো চৰকাৰী বিবৃতি নোহোৱাৰ বাবে মানুহে বিভিন্ন ধৰণে নিজাকৈ অনুমান কৰি লৈছে। বহু ব্যৱহাৰকাৰীয়ে এই ঘটনাটোক চিনেমাৰ দৃশ্যৰ দৰে বুলি অভিহিত কৰিছে। একাংশই ভিডিঅ’টো এডিট কৰি তাত ধেমেলীয়া সংগীত সংযোগ কৰি পুনৰ শ্বেয়াৰ কৰিছে। আনহাতে, একাংশ লোকে ইমিগ্ৰেচন নীতিৰ কঠোৰতাক লৈ চিন্তা প্ৰকাশ কৰিছে।

তেওঁলোকৰ মতে, এনে ধৰণৰ ঘটনাই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ মাজত থকা মানসিক চাপ আৰু নিৰাপত্তাহীনতাৰ ছবিখন স্পষ্ট কৰি দিছে। মুঠৰ ওপৰত, এজন ডেলিভাৰী ড্ৰাইভাৰে এজেণ্টসকলক জোকাই পলাই যোৱা এই বিশেষ দৃশ্যটোৱে এতিয়া আমেৰিকাৰ ইমিগ্ৰেচন নীতিতকৈও অধিক এক আমোদজনক চৰ্চাৰ বিষয় হৈ পৰিছে।

 

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ