৯ মাহ মহাকাশত থকাৰ পাছত কিমান দৰমহা লাভ কৰিব সুনীতা উইলিয়ামছে? শুনি হ’ব আচৰিত…

১৯ মাৰ্চত দুয়ো স্পেচএক্সৰ ড্ৰেগন (spacex falcon 9) মহাকাশযানৰ জৰিয়তে পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰ। ISS ত ৯ মাহ কটোৱাৰ পাছত প্ৰশ্ন হয় যে নাছাই তেওঁলোকক এই দীঘলীয়া অভিযানৰ বাবে অতিৰিক্ত ধন দিব নেকি?

৯ মাহ মহাকাশত থকাৰ পাছত কিমান দৰমহা লাভ কৰিব সুনীতা উইলিয়ামছে? শুনি হব আচৰিত...

সুনীতা উইলিয়ামছ

Published: 

17 Mar 2025 | 11:15 AM

দীৰ্ঘদিন ধৰি মহাকাশত কটোৱাৰ পাছত অৱশেষত পৃথিৱীলৈ আহিব সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ। নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলমৰে ৮ দিনৰ এটা অভিযানৰ বাবে মহাকাশলৈ গৈছিল। কিন্তু কাৰিকৰী অসুবিধাৰ বাবে যোৱা ৯ মাহ ধৰি মহাকাশতে থাকিবলগীয়া হৈছে দুই মহাকাশচাৰী। দীৰ্ঘদিনৰ অপেক্ষা, প্ৰচেষ্টাৰ অন্তত পৃথিৱীলৈ আহিবৰ বাবে সাজু হৈছে দুই মহাকাশচাৰী।

১৯ মাৰ্চত দুয়ো স্পেচএক্সৰ ড্ৰেগন (spacex falcon 9) মহাকাশযানৰ জৰিয়তে পৃথিৱীলৈ উভতিব। ISS ত ৯ মাহ কটোৱাৰ পাছত প্ৰশ্ন হয় যে নাছাই তেওঁলোকক এই দীঘলীয়া অভিযানৰ বাবে অতিৰিক্ত ধন দিব নেকি?

নাছাই দিব নেকি অতিৰিক্ত ধন?

নাছাৰ মহাকাশচাৰীসকল চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ বাবে কোনো পৃথক ধন আৱন্টন দিয়া নহয়। তেওঁলোকৰ দৰমহা জি এছ-১৫ পে গ্ৰেডৰ অধীনত আহে। এই দৰমহা আমেৰিকাৰ জ্যেষ্ঠ চৰকাৰী বিষয়াক দিয়া হয়। সেই অনুসৰি সুনীতা উইলিয়ামছে ৯ মাহৰ দীঘলীয়া অভিযানৰ বাবে প্ৰায় ৮১ লাখৰ পৰা ১.০৫ কোটি টকাৰ দৰমহা লাভ কৰিব। কিন্তু আপুনি যদি ভাবিছে যে দীৰ্ঘদিন মহাকাশত থকাৰ বাবে তেওঁলোকে অতিৰিক্ত ধন লাভ কৰিব তেন্তে এয়া ভুল।

নাছাই মহাকাশচাৰীক মাত্ৰ ৪ ডলাৰ অৰ্থাৎ প্ৰতিদিনে প্ৰায় ৩৪৭ টকা ইন্সিডেন্টেল ভাট্টা দিয়ে। অৰ্থাৎ ২৮৭ দিনৰ মিছনৰ বাবে তেওঁ অতিৰিক্ত ধন হিচাপে মাত্ৰ ১১৪৮ ডলাৰ (প্ৰায় ১ লাখ টকা) লাভ কৰিব।

হ’ব নেকি বিপদ ?

স্পেচএক্স ফেলকন ৯ ৰকেটে প্ৰায় ৩ ঘণ্টাত ৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আটলাণ্টিক মহাসাগৰ বা মেক্সিকো উপসাগৰত পৰিব। কিন্তু পৃথিৱীলৈ ঘূৰি অহা ইমান সহজ নহয়। বিশেষজ্ঞসকলৰ মতে, যেতিয়া ড্ৰেগন কেপচুল পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ এংগল একেবাৰে শুদ্ধ হ’ব লাগিব। সৰু ভুল এটাৰ ফলতো ডাঙৰ দুৰ্ঘটনা হ’ব পাৰে। ইয়াৰ পূৰ্বেও মহাকাশ অভিযানৰ সময়ত ভুল প্ৰৱেশৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছিল। তথ্য অনুসৰি, সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰৰ ঠাইত এতিয়া আই এছ এছত নতুন মিছনৰ দায়িত্ব গ্ৰহণ কৰিব এন্নে মেকলেন, নিকোল আয়াৰ্ছ, টাকুয়া অনিছি আৰু কিৰিল পেস্কোভে।

উল্লেখ্য যে, যোৱা ৯ মাহ ধৰি মহাকাশত আছে দুই মহাকাশচাৰী।  ইতিমধ্যে তেওঁলোকক উভতাই আনিবলৈ বিভিন্ন পন্থা হাতত লোৱা হৈছিল যদিও সফল হ’ব পৰা নাছিল।  দীৰ্ঘদিন ধৰি চলা প্ৰচেষ্টাৰ অন্তত স্পেচএক্স ফেলকন ৯ ৰকেট সুনীতা উইলিয়ামছৰ যানত উপস্থিত হ’বলৈ সক্ষম হয়। এতিয়া সমগ্ৰ বিশ্ববাসীৰ অপেক্ষা ১৯ মাৰ্চলৈ।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...